বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ মৃত্যু

বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ উপাধ্যক্ষ তথা ২৬নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ চাৰিবাৰৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীক বুধবাৰে তামুলপুৰ জিলাৰ কুমাৰীকাটাত থকা নিজা বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ।স্থানীয় আৰক্ষীৰ মতে, নাৰ্জাৰীক তেওঁৰ বাসগৃহত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে । বিজিত গৌৰা নাৰ্জাৰীৰ আকস্মিক আত্মহননৰ ঘটনাই সমগ্ৰ ৰাজ্য তথা বিটিচিত তীব্র চাঞ্চল্য সৃষ্টি কৰাৰ লগতে গভীৰ শোকৰ ছাঁ পেলাইছে। প্রাপ্ত তথ্য অনুসৰি, বিগত প্রায় এসপ্তাহ বৰমাস্থিত বাসগৃহত কটাই প্রায় তিনিদিন পূর্বে কুমাৰীকাটালৈ উভতি অহা উপাধ্যক্ষগৰাকীয়ে আজি গোটেই দিনটো নিজ গৃহতে কটোৱাৰ পাছত সন্ধিয়াৰ ভাগত তামুলপুৰ জিলাৰ দক্ষিণ কুমাৰীকাটাস্থিত নিজ বাসগৃহতে চৰম পন্থা বাছি লয় আৰু পিছত তেওঁক কোঠাৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয়। উল্লেখ্য যে বিটিচিৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এক অত্যন্ত প্রভাৱশালী তথা সর্বজনপ্রিয় মুখ হিচাপে পৰিচিত বিজিত গৌৰা নাৰ্জাৰীয়ে ২০১০ চনৰ উপ-নির্বাচনত প্ৰথমবাৰৰ বাবে বিপিএফৰ হৈ নিৰ্বাচিত হোৱাৰ পাছত একেৰাহে তিনিবাৰ বিপিএফৰ প্ৰাৰ্থী হিচাপে বিপুল ভোটত জয়ী হৈছিল আৰু শেহতীয়া ২০২৫ চনৰ বিটিচি পৰিষদীয় নির্বাচনত বিজেপি দলৰ হৈ প্রতিদ্বন্দ্বিতা কৰি চতুৰ্থবাৰৰ বাবে এমচিএলএ নির্বাচিত হৈ বিটিচিৰ উপাধ্যক্ষৰ গুৰুদায়িত্ব লাভ কৰিছিল। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বিশিষ্ট ৰাজনীতিবিদগৰাকী বিগত কিছুদিন ধৰি গুৰুতৰ শাৰীৰিক অসুস্থতাত ভুগি থকাৰ লগতে তীব্র মানসিক চাপৰ মাজেৰেও দিন অতিবাহিত কৰিছিল যদিও এই অনাকাংক্ষিত চৰম সিদ্ধান্তৰ প্ৰকৃত কাৰণ সম্পর্কে পৰিয়াল বা আৰক্ষী প্রশাসনে এতিয়ালৈকে কোনো আনুষ্ঠানিক স্পষ্টীকৰণ দিয়া নাই।  আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ পাছতহে অধিক তথ্য পোহৰলৈ আহিব। ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে তামুলপুৰ আৰক্ষীৰ এটি উচ্চপদস্থ দল ঘটনাস্থলীত উপস্থিত হৈ কোঠাটোলৈ কোনো বহিৰাগত লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি মৃতদেহ উদ্ধাৰ কৰাৰ লগতে পুংখানুপুংখ বিভাগীয় তদন্ত আৰম্ভকৰে। ইফালে প্রিয় নেতাগৰাকীৰ এনে অনাকাংক্ষিত মৃত্যুৰ বাৰ্তা বিয়পি পৰাৰ লগে লগে কুমাৰীকাটাস্থিত বাসগৃহত অঞ্চলটোৰ অসংখ্য গুণমুগ্ধ, শুভাকাংক্ষী আৰু দল-সংগঠনৰ নেতা-কর্মীৰ সমাগম ঘটে আৰু সমগ্ৰ অঞ্চলটোতে এক গভীৰ শোকাকুল পৰিৱেশৰ সৃষ্টি হয়, মৃত্যুৰ সময়ত প্রয়াত নাৰ্জাৰীয়ে পত্নী, এগৰাকী কন্যা সন্তানৰ লগতে ভাই-ভনী, আত্মীয়-স্বজন আৰু অগণন গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। আনহাতে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে নাৰ্জাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ মৃত্যুক সমাজ আৰু জনজীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে । তেওঁ কয়-“বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মাননীয় উপ-সভাপতি ২৬ নং দৰঙাজুলিৰ পৰা নিৰ্বাচিত হৈ অহা বিজিৎ গৌৰা নাৰ্জাৰীৰ অকাল মৃত্যুত মই গভীৰভাৱে দুখী হৈছো । তেওঁৰ আকস্মিক মৃত্যু আমাৰ সমাজ আৰু জনজীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। এই কঠিন সময়ত তেওঁৰ শোকসন্তপ্ত পৰিয়াল, বন্ধু-বান্ধৱী আৰু সহকৰ্মীসকললৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো । বিদেহী আত্মাই চিৰশান্তি লাভ কৰক আৰু সৰ্বশক্তিমানে তেওঁৰ পৰিয়ালক এই গভীৰ ক্ষতি সহ্য কৰিবলৈ শক্তি দিয়ক ।”