আইৰ পথাৰৰ ৰঙীণ সপোন – ৰুমী কলিতা দত্ত

Pc NDTV

আইৰ পথাৰৰ ৰঙীণ সপোন

ৰুমী কলিতা দত্ত
২নং কেন্দুগুৰি,ধমন,ডিব্ৰুগড়

​লুইতৰ বুকুত বালি-শিলে পুতিলে
দিহিং-দিচাঙো শুকাই গ’ল,
দিখৌ বাঢ়িলে ফেনে-ফুটুকাৰে
সপোনৰ গাঁওখন উটুৱাই লৈ গ’ল!
আইৰ পথাৰৰ ৰঙীন সপোনবোৰ
উকা মৰুভূমি হৈ ৰ’ল
​বহি আছোঁ  আকাশলৈ চাই মূৰ তুলি
আমাৰ সম্পদ আনে কাঢ়ি নিলে
হেৰুৱালোঁ নিজৰ অস্তিত্ববোৰ ছাঁ কৰি।
​বুকুত জ্বলা ক্ষোভৰ জুইয়ে
আজি মাতিছে প্ৰতিবাদৰ হাঁক,
ঐক্যৰ বন্দনাৰে ৰাইজে তুলিলে
নতুন পুৱাৰ সঁহাৰিৰ ৰাক।
​সুপ্ত হিচাপ সোঁৱৰাই দিবলৈ
সকলোৱে ল’লোঁ পোহৰৰ পণ,
মাতৃভূমিৰ হৃত গৌৰৱ ঘূৰাই আনিবলৈ
আজি সমগ্ৰ ৰাইজৰ হ’ল জাগৰণ।