১৯৯৮ চনৰ মাজুলীৰ বানপানীৰ কথাৰে
ৰমেন বৃৰদুগ
কুমাৰবাৰী, জেংৰাইমুখ, মাজুলী
তেতিয়া মই সৰু ল’ৰা ৷ সাতুৰিব নাজানো যদিও পানীৰ স’তে খেলি ভাল লাগে ৷ বাৰিষা কালত মাত মৰা মাথাউৰি ছিগিল বুলি অৰ মুখে তৰ মুখে শুনিলেই আমাৰ শিশু মনবোৰ উৎফুল্লিত হৈ পৰোঁ ৷ চোতালত পানী সোমাব, সাতুৰিব শিকিম, কলৰ ভোৰত উঠি অলৈ যাম তলৈ যাম, বৰশী বাম, মাছ ধৰিম লাঙিত ৷ মুঠতে অনেক কল্পনা কৰি থাকোঁ ৷ ইফালে মা-দেউতাৰ অনেক চিন্তা ৷ গৰু-ছাগলীবোৰ ক’ত থ’ব, ক’ত বাম ঠাই আছে সেইবোৰৰ সন্ধানত ব্যস্ত হৈ পৰে ৷ ১৯৯৬ চনত মোৰ নিজ চকুৰে আলি ছিগি পানী বলীয়া ৰূপত বাগৰি যোৱা দৃশ্য প্ৰথম দেখিছোঁ ৷ তেতিয়া আহাৰ মাহৰ ৩০ তাৰিখ আছিল ৷ ইংৰাজী কি তাৰিখ আছিল মনত নাই ৷ কাৰণ তেতিয়া মা-দেউতাহঁতে অসমীয়াতে চন বাৰ তাৰিখ হিচাপ ৰাখিছিল ৷ তেতিয়াৰ কোমল শিশু মন ৷ তেতিয়াৰ আলি ছিগা দৃশ্য আৰু তাৰিখ মোৰ মনত এতিয়াও সজীৱ হৈ থাকিল ৷ তাৰ পাছত ১৯৯৭ চনত বানপানীৰ সমস্যাটো ইমান প্ৰবল নাছিল ৷ তেতিয়া ভাৰতীয় সৈনিকসকলে জেংৰাইমুখ মাজুলীৰপৰা ঢকুৱাখনা আৰু নয়াবজাৰ সংযোগী গড়কাপ্তানি পথটো ফকলেণ্ডেৰে নিৰ্মাণ কৰি থকা দেখিছিলোঁ ৷ সেই সময়ত কুমাৰ ভৱেশৰ “এ হে নাযাবা নাযাবা মোকে এৰি থৈ ’’ শীৰ্ষক গীতটি খুউব জনপ্ৰিয় হৈছিল ৷ অসমৰ আকাশে বতাহে বাজিছিল ৷ তেতিয়া সেই জনপ্ৰিয় গীতটো পথ নিৰ্মাণ কৰি থকা সৈন্য বাহিনীসকলৰ কেম্পত গাই বজাই তেওঁলোকে নাচিছিল ৷ আমি লগৰীয়াবোৰে দুপৰীয়া ভাত পানী নোখোৱাকৈ তেওঁলোকৰ অনুষ্ঠান চাইছিলোঁ ৷ আমি মা-দেউতাৰপৰা গালি আৰু পিটনো খাইছিলোঁ ৷
এতিয়া ১৯৯৮ চনৰ বানৰ মহাপ্ৰলয়ৰ কথালৈ আহোঁ ৷ মাত মৰা মাথাউৰি ছিগিলেই মাজুলীবাসী মহা প্ৰলয়ৰ সন্মুখীন হোৱাতো স্বাভাৱিক কথা ৷ বিশেষভাৱে মাজুলীৰ জেংৰাইমুখৰ মানুহ ভীতিগ্ৰস্ত হোৱাৰ লগতে জীৱন-সম্পদ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাই মনবোৰ শংকাময় কৰি তোলে ৷ এটা কথা ঠিক যে জেংৰাইমুখ অঞ্চলৰ ৰাইজ বাৰিষা বানৰ সময়ত অতি সজাগ সচেতন হৈ থাকে ৷ জেংৰাইমুখৰ কুমাৰবাৰী, বৰপমুৱা, নামনি চেৰপাই গাঁও উন্নয়ন সমিতি, যুৱক সংঘ, টি এম গি কে আদিয়ে জেংৰাইমুখৰপৰা ঢকুৱাখনাৰ মাত মৰা মথাউৰিলৈকে পহৰা দি থাকে ৷ ব্ৰহ্মপুত্ৰৰ বিপদসংকুল বাঢ়নী পানীয়ে যিকোনো মুহূৰ্তত মাতমৰা মাথাউৰি ভাঙি দিব পাৰে ৷ এনে এক শংকা লৈয়ে মাত মৰা মাথাউৰিৰ ওপৰত চোকা নজৰ ৰাখিছিল ৷ এনেধৰণৰ ৰাইজৰ একতা, সজাগ আৰু চোকা নজৰৰ ফলত খেতি পথাৰ, ঘৰ সম্পদ, মানুহ, জীৱ-জন্তুৰ জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰত বহুবাৰ সফলোঁ হৈছে ৷ এনে এক কোনোবা মুহূৰ্তত মাত মৰা মথাউৰিৰ বান্ধ ছিগিল ৷ তেনে ভয়ংকৰ খবৰটো তাত থকা মানুহবোৰৰ চিঞৰ বাকৰৰ শব্দ ধ্বনিয়ে নিমিষতে ঢকুৱাখনা গাঁও নগৰ অঞ্চলত ছিটিকি পৰাৰ লগতে মাজুলীৰ জেংৰাইমুখৰ গাঁৱে গাঁৱে চুবুৰীয়ে চুবুৰীয়ে প্ৰতিধ্বনিত হৈ মাজুলীৰ সমগ্ৰ অঞ্চলত এই ভয়কংকৰ খবৰটো বিয়পি পৰে ৷ তাৰ পাছতে ৰাইজ ভয় শংকাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ মাইকত ঘোষণা কৰিলে যে ৰাইজ সকলো সজাগ হওক. নিৰাপদ ঠাই বাছি লওক আৰু জেংৰাইমুখৰপৰা নয়াবজাৰ সংযোগী গড়কাপ্তানি পথটো যিকোনো প্ৰকাৰে বচাবলৈ প্ৰতি ঘৰৰপৰা এজনকৈ মতা মানুহ আহিব লাগে ৷ কথা মতে কাম ৷ য’ত যেনেকৈ আছিল তেনেকৈয়ে মতা মানুহবোৰ মাজুলী বাসীক ৰক্ষা কৰিব লগা আলিটো বচাবলৈ লৰ মাৰি যায় ৷ ভয়ংকৰ ৰূপত খেৰকটা নদীৰ ভূ=পৃষ্ঠ বাঢ়ি আহি আলিটোৰ কাষ পালেগৈ ৷ মিনিটে মিনিটে পানী বৃদ্ধি হৈ আলিটোৰ শিখৰ চুলেগৈ ৷ ওপৰৰপৰা ধাৰাসাৰ বৰষুণ ৷ আলিৰ ওপৰত পানী বাগৰিব আৰম্ভ কৰিলে ৷ বষ্টাত মাটি ভৰাই ৰাইজ একতাৰে বাগৰা পানী ৰোধ কৰিবলৈ চেষ্টা কৰিলে ৷ প্ৰশাসনৰ ফালৰপৰা য’ত যিমান বষ্টা তিৰপাল লাগে যোগান ধৰিছে ৷ কেবাটাও ট্ৰেক্টৰেৰে মাটি অনাই আনিছে বষ্টাত মাটি ভৰোৱাই ভৰাইছে ৷ যেন ৰণত শত্ৰু পক্ষৰ সৈনিকৰ সৈতে মৰণ পণ যুঁজ দিছে ৷ ভোক পিয়াহ টোপনি নেউচি ৰাতি বাৰ বজালৈ যুঁজ দি অৱশেষত যুঁজাৰু ৰাইজ হাৰ মানিব লগা হয় ৷ ৰণস্থলী এৰি চিঞৰ মাৰি নিজা নিজা ঘৰলৈ দৌৰি আহে ৷ পানী বাগৰি অহা ভয় লগা শব্দবোৰেও ঘৰতে টিপ চাকি জ্বলাই অনিদ্ৰাত থকা বোৱাৰী জীয়াৰী ল’ৰা ছোৱালীসকলক বুকু কঁপাই দিছে ৷ প্ৰতি ঘৰত হাহাকাৰ অৱস্থা ৷ গাই,গৰু, ছাগলী, কুকুৰা, গাহৰি পোহনীয়া জন্তুবোৰ থ’বলৈ বাম ঠাই বিচাৰি পুৰণা ছিগা আলিবোৰলৈ নিছে ৷ কিছুমান ভয়তে গোহালীত বন্ধা গাই গৰুবোৰ গোহালীতে এৰি নিজৰ জীৱন, সন্তান পৰিয়াল বচাবলৈ নিৰাপদ স্থানৰ সন্ধানত লাগিল ৷ মিনিটে মিনিটে পানীৰ উচ্চতা বাঢ়িব ল’লে ৷ চকুৰ পচাৰতে ধানৰ ভঁৰাল পানীত ডুব গৈছে ৷ আলিৰ কাষতে থকা ঘৰবোৰ উটুৱা নিছে ৷ এবুকু পানীত নামি গৃহস্থই প্ৰাণ ঢাকুৰি কান্দিছে ৷ হাড়ক পানী কৰি কপালৰ ঘাম মাটিত পেলাই মৰমেৰে সজা ঘৰখন বলিয়া বানে আলি ছিগি আহি চকুৰ আগত উটুৱা নিয়া আৰু মৰমৰ পোহনীয়া জীৱ জন্তুবোৰ পানীত ককবকাই পানীত ওপঙি থকা দৃশ্যবোৰ কিমান মৰ্মান্তিক হ’ব পাৰে তাক দেখাজন আৰু ভোক্তভোগীয়েহে উপলব্ধি কৰিব পাৰিব ৷
১৯৯৬ চনৰ আহাৰ মাহৰ বানপানীৰ পৰিস্থিতিয়ে জেংৰাইমুখ মাজুলীৰ মানুহক যি হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছিল তাৰপৰা মানুহে কিছু শিক্ষা লৈছিল, বানপানীৰ বাবে কেনেকৈ সজাগ সচেতন হৈ থাকিব লাগে ৷ মাটি ঘৰ বাৰী হেৰুৱাই সৰ্বস্বান্ত হোৱা মানুহৰ মনবোৰ শীল হ’ল ৷ জেংৰাইমুখ তিনি আলিৰপৰা নয়াবজাৰ সংযোগী পথটো কুমাৰবাৰী, নামনি চেৰেপাই, উজনি চেৰেপাই আদি গাঁৱৰ মাজেদি গৈছিল ৷ ১৯৯৬ চনত সেই গড়কাপ্তানি পথটো বানপানীত টুকুৰা টুকুৰ হৈ সম্পূৰ্ণ অৱস্থা হীন হৈ পৰাত উল্লেখিত গাঁওসমূহৰ বাহিৰত অৰ্থাৎ খেৰকটা নদীৰ পাৰে পাৰে জেংৰাইমুখৰপৰা নয়াবজাৰ আৰু ঢকুৱাখনালৈ সংযোগ কৰি ১৯৯৭ চনত পুনৰ নিৰ্মাণ কৰিলে ৷ পূৰ্বেও এখন আলি আছিল যদিও ইমান সবল নাছিল ৷ কৃষি বান্ধৰ দৰে সেই পথটো মাজুলীৰ ৰাইজে ব্যৱহাৰ কৰিছিল ৷ তাত এখন কাঠৰ দলং আছিল ৷ বৰ্তমানেও সেই কাঠৰ দলংখনৰ লোহাৰ ছিৰিটো বালি মাটিৰে পোত খাই আছে ৷ এইখিনিতে থোৰতে থোৰতে কওঁ খেৰকটা নদীৰ উৎসৰ কথা ৷ খেৰকটা নদী ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ ৷ এই নদী মাজুলীৰ উত্তৰ পূৱ অংশত আছে ৷ মাজুলীৰ পূৱৰ ব্ৰহ্মপুত্ৰৰপৰা বৈ আহি উত্তৰ অংশত চুই গৈ পশ্চিম অংশত পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ পৰে ৷ মাজুলীৰপৰা বগীবিল দলঙলৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে মথাউৰি নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰৰপৰা খেৰকটালৈ সোমাই অহা নদী পথটো সম্পূৰ্ণ ৰোধ কৰি পেলোৱা হ’ল ৷ ফলত বৰ্তমান খেৰকটা নদীক ব্ৰহ্মপুত্ৰৰ মৰা উপনৈ বা মৰাসুঁতি বুলি ক’ব পাৰি ৷ যদিও জীয়াধলৰ ছেমাজান, চাৰিকড়ীয়া আৰু বাসুদেৱৰপৰা বৈ অহা সৰু সৰু সুঁতিবোৰে খেৰকটা নদীখন কোনোমতে জীয়াই ৰাখিছে ৷
গুৰুত্বপূৰ্ণ কথাটো হ’ল প্ৰলয়ংকৰী বানপানীয়ে বানবিধস্ত অঞ্চলসমূহক কি দি যায় আৰু কি লৈ যায় ৷ ১৯৯৮ চনৰ মহাপ্ৰলয়ী বানপানীৰ অভিজ্ঞতাৰপৰা ক’ব বিচাৰিছোঁ ৷ ১৯৯৬ চনৰ আগত মাজুলীৰ জেংৰাইমুখৰ গাঁওসমূহ শস্য মৎস্যৰে সমৃদ্ধিশালী, ধনী গাঁও আছিল ৷ অৱশ্যে আজিৰ দৰে এন্ড্ৰইড, আইফোন, ৰঙীণ টিভি, থাৰ, ইন’ভা, বলেৰ’, স্ক্ৰ’পিঅ গাড়ী আদিৰে নহয় ৷ জেংৰাইমুখৰ গাঁৱৰ পথাৰত সকলো খেতিয়ে ভাল হৈছিল ৷ মাটি মাহ, সৰিয়হ, মটৰ মাহ, আহুধান, বাও ধান, শালী খেতি, নহৰু, আলু, পিয়াঁজ, কপাহ খেতি আদি ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈয়ে ভঁৰাল ভৰ্তি হৈ ধান মাহ সৰিয়হ পাইছিল ৷ অন্যান্য অঞ্চলৰপৰা অহা খুজনীয়া মগনীয়াক দান দিয়াৰ লগতে গাঁৱত থকা দুখীয়া দুৰ্ভগীয়া পাৰিয়ালক বছৰৰপৰা বছৰলৈকে ভগাই খাইছিল ৷ সম্বন্ধয় সম্প্ৰীতিবোৰত কোনো কৃত্ৰিমতা নাছিল ৷ বাঁহ, বেট, খেৰ, শস্য মৎস্য, গৰু ম’হ নদীৰে উভৈনদী, সমৃদ্ধিশালী, অভিজাত্য গাঁওবোৰ, পৰিয়ালবোৰ ১৯৯৮ চনৰ মহাপ্ৰলয়ী বানত তচনচ হৈ পৰিল ৷ খেতি মাটি, ঘৰ বাৰী, ভঁৰাল আদি বালি আৰু পলসেৰে কৰবাত একাল, কৰাত এবুকু পোত খাই পৰিল ৷ দ মাটি বাম হ’ল, বাম মাটি দ হ’ল, য’ত বিল পুখুৰী নাছিল তাত বিল পুখুৰী হ’ল, গাঁও চুবুৰী, বাট পথ আলি পদূলিৰ নক্সা বা ৰূপ সলনি হ’ল ৷ বান গুচি যোৱাৰ পাছত নিজৰ ঘৰ, চুবুৰী, গাঁও হয় নে ? নাই কোনোবা সাগৰৰ মাজৰ অচিন মৰুভূমি, ধৰিব নোৱাৰা পৰিৱেশ হৈ পৰিছিল ৷ য’ত গড়কাপ্তানি পথটো আছিল সেই পথটো তিনি কিলোমিটাৰ দীঘল পুখুৰী হৈ পৰাত তাত চৰকাৰে নাওঁ দুখন দি মাহত এক হাজাৰকৈ টকা মাননি প্ৰদান কৰি চাৰিজন ঘাটৈ নিয়োগ কৰিছিল ৷১৯৯৮ চনৰ বানপানীৰ মহা দুৰ্য্যোগত চাৰি দিন পিছতহে হেলিকপ্তাৰেৰে চৰকাৰী বান সাহাৰ্য্য প্ৰদান কৰা দেখিছিলোঁ ৷ আজিৰ দৰে বন্যাৰ্তক উদ্ধাৰ কৰিবলৈ SDRF.NDRF বাহিনী দেখা পোৱা নাছিলোঁ, এজন দুজন আলফাৰ সদস্য আৰু স্থানীয় দল সংগঠনৰ মানুহকহে দেখা পাইছিলোঁ ৷ পৰৱৰ্তীকালত এজনত দুশ গ্ৰামকৈ চাউল পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ দ্বাৰা দিয়া বুলি মাঁহতে নিবলৈ গৈছিল ৷ মাজে সময়ে এজনত এক কেজিকৈ ৰিলিফৰ চাউল দিয়ে ৷ ক’বলৈ গ’লে শিৱসাগৰ, চৰাইডেউ, নাজিৰাৰ বানপীড়িত ৰাইজ ভাগ্যৱান বুলিয়ে ক’ব লাগিব ৷ সমগ্ৰ অসমখনেই উবুৰি খাই তেওঁলোকক সহায়ৰ হাত আগবঢ়াইছে ৷ ১৯৯৮ চনত মাজুলীৰ মানুহবোৰ এটুপি বিশুদ্ধ খোৱা পানীৰ অভাৱত কিমান কষ্ট পাইছিল তাক জানো বৰ্ণনা কৰিব পাৰি ? এতিয়া শিৱসাগৰ চৰাইদেউ আদি বানপীড়িত অঞ্চললৈ খোৱাপানীৰ বটল, ফলমূল, শাকপাচলি, চাউল, কাপোৰ চেনিটেৰী পেডচ আদি সাহাৰ্য্য দি যিদৰে সহায় কৰিছে সেই সৌভাগ্য তেতিয়াৰ বানপীড়িত মাজুলীবাসীৰ হোৱা নাছিল ৷ মাজুলীৰ মানুহবোৰ তেতিয়া কল গছ কাটি ভিতৰৰ কোমল বগা অংশ উলিয়াই খাই পিয়াহ নিবাৰণ কৰিছিল ৷ তাতো সন্তোষ নহৈ কাপোৰেৰে ঘোলা পানীকে চেকি খাইছিল ৷ আন এক অত্যন্ত দুখজনক গেলা পচা ভেকুৰ ধৰা চাউল ৰিলিফ হিচাপে বিলাইছিল ৷ ভাত খাবলৈ নোপোৱাত পুৰা মাছ খাইছিল, জীৱন জন্তুক দিয়া ঘেঁহু ধান, কেচা কল সিজাই ভোক নিবাৰণ কৰিছিল ৷ ঘেঁহু ধান সিজাই খোৱাটো সহজ নহয় ৷ এমুঠি মুখত ভৰাই কিমান সময় চোবাব লাগে তাৰ হিচাপ নাই ৷ সিজোৱা ঘেঁহু ধানটো মুখত ভৰা পগলাই পগলাই নিজকে পোহনীয়া জন্তুৰ দৰে লাগি চকুপানী বাগৰি যোৱা মা-দেউতাৰ সেমেকা মুখখনৰ ছবি এতিয়াও ভাহি আহে ৷ বানপানী চলি থকা সময়খিনিত মানুহবোৰ ভালে থাকে ৷ কিয়নো বানসাহাৰ্য্য, অন্যান্য সুবিধাবোৰ চৰকাৰ অথবা হৃদয়ৱান মানুহবোৰ বানপীড়িত অঞ্চলৰ ৰাইজক ঠিকেই সহায় সহযোগ কৰি থাকে ৷ কিন্তু বানপানী গুচি যোৱাৰ পাছত নৰক যন্ত্ৰণাময় অৱস্থাৰ কথা কোনেও নেদেখে ৷ বিশেষকৈ কৃষিজীৱী মানুহবোৰৰ আলাইআথানী কুলাই পাচী নধৰা হয় ৷ চৰকাৰ, সাংবাদিক, হৃদয়ৱান মানুহৰো বানপীড়িত অঞ্চলত সমাগম কৰাটো এৰি দিব বানপানী শুকাই যোৱাৰ দৰে নাইকিয়া হয় ৷ খেতি পথাৰত অজান পোকে ধৰিব, খেতিৰ মাটিত বালীৰে পোত খাই খেতি ভাল নহ’ব ৷ পলসুৱা পানীয়ে নষ্ট কৰা ভঁৰালৰ গেলা পচা ধানৰ চাউল খাই ৰোগে ধৰিব মানুহবোৰৰ ৷ কেইদিনমানৰ পাছত শিৱসাগৰ, চৰাইদেউ, নাজিৰা আৰু অন্যান্য ২০২৬ চনৰ বানপানীৰ বানপীড়িত মানুহক “কেনে আছে আপোনালোক’ বুলি সুধি চালে গ’ম পাব এটি হুমুনিয়াহে কিমান গভীৰতালৈ গুচি গৈছে ৷
যিকি নহওক ১৯৯৮ চনৰ প্ৰলয়ংকৰী বানে কি শিক্ষা দি থৈ গ’ল বানপীড়িত মাজুলীবাসীক ৷ জানো আহক- মাজুলীবাসী মৰম-স্নেহ, অতিথিপৰায়ণতা আৰু মানৱীয়তাৰ বাদে কেবাটাও দিশত পিছ পৰি আছিল ৷ বিশেষকৈ মাজুলীৰ জেংৰাইমুখৰ মানুহবোৰ ব্যৱহায় বানিজ্য, হাজিৰা কাম কৰাত একেবাৰে কেচা আছিল ৷ পুখুৰী খন্দা, মাটি তোলা, কাঠ ফলা, পকা মিস্ত্ৰী কৰা, ফাৰ্ণিছাৰ আদি কাম বাহিৰৰ মানুহে আহি কৰিছিল ৷ কিন্তু ধ্বংস নহ’লে সৃষ্টিও নহয় বোলা কথাষাৰ প্ৰমাণিত হ’ল ৷ ১৯৯৮ চনৰ বানপানীয়ে ঘৰ, মাটি-বাৰী সম্পত্তি বিনষ্ট কৰি জীয়াই থকাৰ পথ কঠিন কৰি থৈ নোযোৱা হ’লে আজিও অভাৱ অনাটন, অনাহাৰ কি বস্তু চিনি নাপালেহেঁতেন আৰু কৰ্মমুখী হৈ নুঠিলেমেঁতেন ৷ ১৯৯৮ চনৰ জটিল সময়ৰপৰা মাজুলীত কৰতীয়াল, মছোৱা, মটীয়া, পকা মিস্ত্ৰী, ৱেল্ডিং মিস্ত্ৰী, মাছ বেপাৰী, চবজি বেপাৰী, বাহিৰত গৈ কাম কৰা আদি কামবোৰ শিকি জীৱন জীয়াৰ কৌশল শিকি ল’লে ৷ নহ’লে আজিয়ো বিহাৰৰপৰা পকামিস্ত্ৰী, মছোৱা, কাঠমিস্ত্ৰী আনি কাম কৰোৱালেহেঁতেন ৷ অন্যহাতে আমাৰ মানুহবোৰ আলাসতে ডাঙৰ দীঘল হোৱা সন্তানৰ দৰে ৰ’দ বৰষুণ সহিব নোৱাৰি আধুনিক যুগৰ স’তে খোজ ল’ব পৰা অৱস্থা নাথাকিল হয় ৷ বৰ্তমানো মাজুলীত অসমৰ অন্যান্য অঞ্চলতকৈ সমস্যা অধিক ৷ মাজুলীৰ ৰাষ্টা পদূলি ভাল, সত্ৰনগৰী হিচাপে বিশ্ব বিখ্যাত ৷ কিন্তু মাজুলীৰ মাটি আগৰ দৰে সাৰুৱা হৈ থকা নাই ৷ কৃষিকাৰ্যত জড়িত হৈ সংস্থাপিত হ’ব নোৱাৰি ৷ বছৰে বছৰে নিৱনুৱা সংখ্যা বাঢ়ি গৈ আছে ৷ পকা মিস্ত্ৰী কৰা আৰু চৰকাৰী চাকৰি আশা কৰাৰ বাদে অন্য ব্যৱহায় বাণিজ্য কৰি সংস্থাপিত হোৱাৰ সপোন দেখাতো জটিল ৷ মাজুলীত উদ্যোগ, চাহ বাগান বা অন্যান্য কোনোধৰণৰ ব্যৱস্থা কৰি চলিব পৰা শিক্ষিত নিৱনুৱাৰ বাবে কৰ্মস্থলী নাই ৷ মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হ’লেও পূৰ্বতকৈ দেশী বিদেশী পৰ্যটকৰ সংখ্যা বঢ়াৰ সম্ভাৱনা আছে মাজুলীক ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তুত কৰা ড’চিয়াৰ খনৰ বিষয়ে চৰকাৰে গুৰুত্ব প্ৰদান কৰিব লাগে ৷ তেনে পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিলে পৰ্যটন ক্ষেত্ৰত যথেষ্ট সংখ্যক নিৱনুৱাই সংস্থাপিত হ’ব পাৰিব বুলি আশা কৰিব পাৰি ৷৷৷
