অপৰাজেয়
দীপিকা ফুকন,চুঙাজান, গোলাঘাট
পাহাৰ ভাঙি নামিল পানীৰ ঢল,
নদীবোৰ উফন্দি উঠিল,
পথাৰখন এখন বিশাল সাগৰ হ’ল।
আৰ্তনাদত কপি উঠিল চৌদিশ,
কলৈ যাব! কেনেকৈনো প্ৰাণটো বচাব!
ঘৰৰ চালে বেৰে কান্দোন,
আকাশত ভাহি থাকিল তপত হুমুনিয়াহবোৰ!
বানে সুধিছিল, ঘৰখন ক’ত?
নদীয়ে উত্তৰবোৰো উটুৱাই নিলে।
এখিনি মানুহ, এখন গাঁও,
পলকতে পলসত পোত গ’ল!
চিঞৰ এটা ৰৈ আছিল পানীৰ মাজত,
মানুহৰ নহয়, কুকুৰটোৰ ,
ডিঙিলৈকে পানীত ডুবি সি কঁপিছিল,
জীৱনৰ ভিক্ষা মাগিছিল!
তেতিয়াই দৌৰি আহিল কিশোৰ,
কাৰো কথা নুশুনিলে,
“সিওটো জীয়াই থাকিব লাগে”
বুলি পানীতহে জাঁপ দিলে!
সি হাত মেলি দিলে এটা প্ৰাণলৈ
নিজৰ প্ৰাণটোও পাহৰি,
পানীৰ ঢলে এটি জীৱন সাৱটি ল’লে,
কিশোৰটি উভতি নাহিল!
পানীৰ সোঁতত উটি যোৱা
চেনেহৰ ভনী আৰু আইজনীক বচাবলৈ
লৱৰি গ’ল দুই সুঠাম ডেকা
বিধিৰ বিপাকত
এজনোচোন ওভতি নাহিল
সন্ধিয়াৰ আন্ধাৰবোৰ আতৰাবলৈ
মম এডাল লৈ ওভতি নাহিল
নিশামণিৰ দেউতাক
বানত উটি গ’ল গৰু-মহবোৰ
গঁৰালৰ হাঁহ-কুকুৰাবোৰ
ভঁৰালৰ ধানবোৰ
বানে লৈ গ’ল
চেনাইলৈ বিহুৱান বোৱা
বহাগীৰ তাঁতশালখন,
লৈ গ’ল ঘৰখন
লৈ গ’ল মানুহবোৰ, লৈ গ’ল সপোনবোৰ
থৈ গ’ল মাথোঁ এটা কৰুণ কাহিনী,
মানুহ হোৱাৰ আটাইতকৈ ডাঙৰ কাহিনী!
সেয়ে হৰা নাই আমি ,
অসমীয়াই কাহানিও হাৰ নামানে।
বানে লৈ গ’ল সকলো,
তথাপিও বুকুত আশা লৈ
আকৌ সাজিম নতুন ঘৰ।
দেখিম নতুন সপোন!!
