দেশৰ খাদ্য ব্ৰেণ্ডলৈ ১৫০খনতকৈও অধিক জাননী জাৰি এফএছএছএআইৰ

Pc The Financial Express

দেশৰ খাদ্য ব্ৰেণ্ডলৈ ১৫০খনতকৈও অধিক জাননী জাৰি এফএছএছএআইৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ফুড ছেফ্টী এণ্ড ষ্টেণ্ডার্ড অথৰিটী অৱ ইণ্ডিয়াই (এফএছএছএআই) কেইবাটাও নামী বহুজাতিক সংস্থালৈ জাননী প্ৰেৰণ কৰিছে । এফএছএছএআয়ে জনাইছে যে সমগ্র দেশতে বিভিন্ন ব্ৰেণ্ডৰ খাদ্যৰ মান নিয়মিতভাৱে নির্দিষ্ট সময়ৰ ব্যৱধানত নিৰীক্ষণ কৰি চোৱা হয়। সংস্থাসমূহে খাদ্যৰ মান বজাই ৰাখিছে নে নাই বা মানৰ সৈতে তাল মিলাই বিজ্ঞাপন দিয়া হৈছে নে নাই, নে বিজ্ঞাপনত কোনোধৰণৰ বিভ্রান্তি বিয়পোৱা হৈছে এইবোৰ পৰীক্ষা কৰি চোৱা হয়। সেই নিয়মিত পৰীক্ষাতে দেখা গৈছে যে প্রথমশাৰীৰ কেইবাটাও ব্ৰেণ্ডৰ বিজ্ঞাপনৰ সৈতে বাস্তৱৰ কোনো সংগতি নাই। সেইধৰণৰ ব্ৰেণ্ডসমূহলৈ প্রায় ১৫০খন জাননী প্ৰেৰণ কৰা হৈছে। সামাজিক মাধ্যমত এফএছএছএআয়ে জনাইছে যে যিবোৰ ব্রেগুলৈ জাননী পঠিওৱা হৈছে, সেইবোৰৰ ভিতৰত আছে-পেপছিকো, নেছলে ইণ্ডিয়া, ৰেড বুল, কোকাকোলাৰ দৰে ব্ৰেণ্ড। তদুপৰি, কেএফচি, মেক ড’নাল্ড, পিজ্জাহাট, ড’মিন’জ আৰু কোষ্টাকফীৰ দৰে নামী ফুডচেইন সংস্থাসমূহৰ খাদ্যৰ মানক লৈও প্রশ্ন তুলি জাননী প্ৰেৰণ কৰা হৈছে। ইমানতে শেষ হোৱা নাই। ড’মিন’জৰ ৫টা আউটপ্লেটৰ অনুজ্ঞাপত্ৰও বাতিল কৰিছে এফএছএছএআয়ে। ইয়াৰ উপৰিও ৫৮টা আমদানিকৃত সামগ্ৰীলৈ লেবেলিং নিয়ম উলংঘা কৰাৰ বাবে জাননী জাৰি কৰা হৈছে।Flipkart Minutes আৰু Amazon Now-লৈও ১২খন জাননী জাৰি কৰা হৈছে। Amazon ৰ এটা গুদামৰ অনুজ্ঞাপত্ৰও বাতিল কৰিছে খাদ্য নিয়ন্ত্ৰকটোৱে। পৰিদৰ্শন আৰু অভিযোগৰ পিছত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সমগ্ৰ দেশৰ ৫ তাৰকাযুক্ত হোটেল আৰু ৰেষ্টুৰেণ্টৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে খাদ্য নিয়ন্ত্ৰকে। এফএছএছএআয়ে Marriott, Hilton, Hyatt, Radisson, Four Seasons আৰু Shangri-La-কে ধৰি ২০খনতকৈও অধিক হোটেল আৰু ৰেষ্টুৰেণ্টলৈ জাননী জাৰি কৰিছে। কেলৰিৰ পৰিমাণ আৰু মেনু লেবেলিঙৰ সন্দৰ্ভত নিয়ম মানি চলাৰ সন্দৰ্ভতো কেইবাটাও খাদ্য আৰু পানীয় কোম্পানীক জাননী জাৰি কৰিছে এফএছএছএআয়ে। যোৱা বছৰ ফাইভষ্টাৰ হোটেললৈও জাননী পঠিয়ায় সংস্থাটোৱে। যোৱা কেইদিনমান ধৰি সমগ্র দেশতে অধিক সক্রিয় হৈছে এফএছএছএআই। যাৰ ফলত যোৱা সপ্তাহত কেইবাটাও সংস্থাই নিজৰ খাদ্যৰ মান উন্নত কৰিবলৈ বাধ্য হৈছে।