শীঘ্ৰে অসমৰ বাণিজ্যিক বাহন যাব পাৰিব মেঘালয়লৈঃ অতুল বৰা

শীঘ্ৰে অসমৰ বাণিজ্যিক বাহন যাব পাৰিব মেঘালয়লৈঃ অতুল বৰা

ৰঙিলী বাৰ্ত্তাসেৱা- খাচি ছাত্ৰ সন্থাৰ প্ৰতিবাদে সৃষ্টি কৰা অসম-মেঘালয় সংঘাতৰ আজিও চেপা উত্তেজনা অব্যাহত আছে। মেঘালয় আৰু অসমৰ মাজত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত দেওবাৰে খানাপাৰাত মটৰ পৰিবহণ সন্মিলিত মঞ্চসহ প্ৰায় ১৪ টা সংগঠনৰ বৈঠকত মিলিত হয় অসম চৰকাৰৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা । বৈঠকৰ পিছত মন্ত্ৰী  অতুল বৰাই সংবাদমেলত সম্বোধন কৰি আলোচনাৰ সবিশেষ প্ৰকাশ কৰে ৷ মন্ত্ৰী  বৰাই কয়, ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি ১৪ টা পৰিবহণ সংস্থাৰ প্ৰতিনিধিসকলৰ সৈতে আজি গুৱাহাটীত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰোঁ । গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত, পৰিবহণ আয়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং আৰু কামৰূপ (মহানগৰ) জিলাৰ পৰিবহণ বিষয়া হিমাংশু দাসো উক্ত বৈঠকত উপস্থিত থাকে ।” বৈঠকৰ অন্তত মন্ত্ৰী বৰাই কয় যে বিগত ১৯ আগষ্টত শ্বিলঙত সংঘটিত দুর্ভাগ্যজনক ঘটনাৰ পৰিপ্ৰেক্ষিতত যান-বাহন, চালক আৰু যাত্ৰীসকলৰ সুৰক্ষাক লৈ সংগঠনসমূহৰ প্ৰতিনিধিসকলে উদ্বিগ্নতা প্রকাশ কৰাৰ লগতে মেঘালয়ত প্রতিবাদকাৰীসকলে অব্যাহত ৰখা পথ অৱৰোধ কাৰ্যসূচীৰ বিষয়ে আমাক অৱগত কৰে। কালি অসম চৰকাৰ আৰু মেঘালয় চৰকাৰৰ মাজত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বিষয়ে সংগঠনৰ প্ৰতিনিধিসকলক অৱগত কৰোৱা হৈছে আৰু যান-বাহনৰ চলাচল সুচল কৰি তোলা তথা পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়া হৈছে। শেহতীয়া পথ অৱৰোধৰ বিষয়ত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু উপ-মুখ্যমন্ত্রী এছ ধৰৰ সৈতে আমি ফলপ্রসূ আলোচনা কৰিছোঁ। দুয়োখন ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলেও নিয়মীয়াকৈ যোগাযোগ অব্যাহত ৰাখিছে আৰু অতিশীঘ্ৰেই পথ অৱৰোধ প্রত্যাহাৰ কৰা হ’ব বুলি আমি বিশ্বাস ৰাখিছোঁ। সংবাদ মেলত মন্ত্ৰী বৰাই সদৰী কৰে যে সমগ্র ঘটনা আৰু সাম্প্ৰতিক পৰিস্থিতিক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পর্যবেক্ষণ কৰিছে। অসম আৰু মেঘালয় এটা সাতামপুৰুষীয়া সম্প্রীতি আৰু ভাতৃত্ববোধৰ সম্পৰ্কৰে বান্ধ খাই থকা দুখন ৰাজ্য। দুয়োখন ৰাজ্যৰ বৃহত্তৰ স্বাৰ্থত জনসাধাৰণ আৰু সংশ্লিষ্ট সকলোকে শান্তি, সংযম আৰু ভাতৃত্ববোধৰ মনোভাব বৰ্তাই ৰাখিবলৈ আমি আহ্বান জনাইছোঁ। জনসাধাৰণৰ নিৰাপত্তা আৰু স্বাভাৱিক যাতায়াত সুনিশ্চিত কৰাটো আমাৰ অগ্ৰাধিকাৰ আৰু এই দিশত দুয়োখন চৰকাৰে পাৰস্পৰিক বুজাবুজিৰে সকলো প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰি যাব। সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ কেবচালকসকলৰ লগতে পৰ্যটকসকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাটো ৰাজ্য চৰকাৰৰ প্ৰাথমিক দায়িত্ব বুলি উল্লেখ কৰি মেঘালয় চৰকাৰে সেই ৰাজ্যৰ সংগঠনবোৰৰ নেতৃত্বৰ সৈতে আলোচনাৰ পিছত সমস্যাৰ সমাধানসূত্ৰ ওলাব বুলি সংগঠনসমূহৰ নেতৃত্বক আশ্বাস দিয়ে। অৱশ্যে মেঘালয়লৈ যাতায়াত সম্পূৰ্ণৰূপে স্বাভাৱিক অৱস্থালৈ আহিবলৈ আৰু দুই-এদিন সময় লাগিব পাৰে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। স্মৰ্তব্য যে, মেঘালয় আৰু অসমৰ মাজত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত দুয়ো ৰাজ্যৰ মাজত কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এক বৈঠকত ১৪ টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল । বৈঠকৰ সিদ্ধান্ত সমূহৰ লগতে দুয়োখন ৰাজ্যৰ মাজত শান্তিপূৰ্ণ পৰিবেশ ঘূৰাই অনাৰ সন্দৰ্ভত দেওবাৰে মন্ত্ৰী বৰা চালক সন্থাসমূহৰ সৈতে আলোচনাত মিলিত হৈছে ।