শিলিগুৰিত বিএছএফ-এছএছবিৰ শীৰ্ষ বিষয়াৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ মেগা বৈঠক

শিলিগুৰিত বিএছএফ-এছএছবিৰ শীৰ্ষ বিষয়াৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ মেগা বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা- শিলিগুৰিত এছএছবিৰ সৈতে মেগা বৈঠকত চিকেনছ নেকৰ নিৰাপত্তাক লৈ কঠোৰ বাৰ্তা দিলে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে।  সীমান্তত যাতে অতি খৰতকীয়াকৈ কাঁইটীয়া তাঁৰৰ বেৰ বহুওৱা হয় তাৰো নির্দেশ দিয়া হৈছে। পশ্চিমবংগত শেহতীয়াকৈ একাধিক পাক চোৰাংচোৱা ধৰা পৰিছে। উত্তৰ বংগৰ পৰা পাকিস্তানী চোৰাংচোৱাৰ সন্দেহত একাধিক ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। চুবুৰীয়া দেশ নেপালত ভাৰতৰ বিৰুদ্ধে ফন্দি ৰচনাৰ চক্রান্ত কৰা হৈছিল। চোৰাংচোৱা সূত্ৰৰ পৰা লাভ কৰা হৈছিল সেই তথ্য। ফলত, শিলিগুৰি কৰিড’ৰৰ নিৰাপত্তাত অলপো ত্রুটি ৰখা হোৱা নাই বুলি খবৰত প্ৰকাশ। শনিবাৰে শিলিগুৰিত চিকেন নেকৰ নিৰাপত্তাক লৈ বৈঠক অনুষ্ঠিত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পশ্চিমবংগৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীও এই বৈঠকত উপস্থিত আছিল। তদুপৰি, এছএছবি, বিএছএফৰ বিষয়াসকলৰ লগতে ৰাজ্যিক আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত আছিল। বৈঠকত ট্ৰায়েংগুলাৰ ছিকিউৰিটী গ্ৰিডৰ নিৰাপত্তাক লৈ বার্তা দিয়া হয়। কোনো প্ৰকাৰে যাতে অনুপ্ৰৱেশ হ’ব নোৱাৰে, সেই নির্দেশ দিয়ে অমিত শ্বাহে। সীমান্তৰ সুৰক্ষাৰ তদাৰকী কৰে এছএছবিয়ে। সেই তদাৰকী যাতে আৰু নিখুঁতভাৱে চলে তাৰো বাৰ্তা দিয়া হয়। পশ্চিমবংগত শাসন সলনিৰ পিছত সীমান্ত সুৰক্ষাত বৃহৎ পদক্ষেপ গ্রহণ কৰা হৈছে। নতুন ৰাজ্য চৰকাৰখনে ক্ষমতালৈ অহাৰ ৪৫ দিনৰ ভিতৰতে প্রশাসনিক তৎপৰতাৰে বাহিনীৰ হাতত ১১২৯ একৰ ভূমি হস্তান্তৰ কৰিছে। তেনেদৰে আৰু ২৯ একৰ ভূমিৰ অনুমোদনৰ কাম দ্রুত প্ৰক্ৰিয়াৰে চলি আছে। ফলত, সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ বহুওৱাৰ কাম যাতে খৰতকীয়াকৈ সমাপ্ত হয়, সেই বার্তা আৰু এবাৰ দিয়া হৈছে। চিকেন নেক অর্থাৎ শিলিগুৰি কৰিড’ৰৰ নিশ্ছিদ্ৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কোনো প্ৰকাৰে যাতে অনুপ্ৰৱেশ ঘটিব নোৱাৰে তাৰ বাবে বহুওৱা হ’ব অত্যাধুনিক তিনিতৰপীয়া ফেঞ্চিং অর্থাৎ স্মার্ট কাঁইটীয়া তাঁৰৰ বেৰ।