বিগত ২০ দিনত ভাৰতত ২০ টকাকৈ বৃদ্ধি পালে চেনিৰ দাম

Pc Anandabazar

বিগত ২০ দিনত ভাৰতত ২০ টকাকৈ বৃদ্ধি পালে চেনিৰ দাম

ৰঙিলী বাৰ্ত্তাসেৱা- বিগত ২০ দিনত ভাৰতত লক্ষণীয়ভাৱে বৃদ্ধি পাইছে চেনিৰ দাম।  খুচুৰা বজাৰত প্ৰতি কেজি চেনিৰ দাম প্ৰায় ২০ টকা পৰ্যন্ত বৃদ্ধি পাইছে। দেশৰ বজাৰত চেনিৰ দাম বৃদ্ধিৰ আঁৰত ইথানল উৎপাদনৰ যোগসূত্র আছে বুলি সর্বত্র চলিছে চর্চা। এই দাবীক নস্যাৎ কৰিছে কেন্দ্রই। এটা বিবৃতিত কেন্দ্রই জনাইছে যে ইথানল উৎপাদনৰ বাবে কুঁহিয়াৰৰ চাহিদা বৃদ্ধি পোৱাত চেনিৰ দাম বাঢ়িছে বুলি কৰা দাবী সঠিক নহয়। সামাজিক মাধ্যমৰ জৰিয়তে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰণালয়ে কয়,চেনিৰ দামৰ সাম্প্রতিক বৃদ্ধিত ইথানল সৈতে কোনো সংযোগ নাই ৷ ইথানলৰ বাবে ডাইভাৰ্ট কৰা চেনিৰ অংশ ২০২২-২৩ চনত প্ৰায় ১২%ৰ পৰা ২০২৫-২৬ চনত প্ৰায় ৯%লৈ হ্ৰাস পাইছে । তদুপৰি এতিয়া দেশত উৎপাদিত ইথানলৰ প্ৰায় তিনি চতুৰ্থাংশ শস্যৰ পৰা বিশেষকৈ কুঁহিয়াৰৰ পৰা আহে । মন্ত্ৰণালয়ে লগতে কয়,বৰ্তমান চেনিৰ মূল্য বৃদ্ধিৰ কাৰণ হৈছে আশা কৰাতকৈ ঘৰুৱা উৎপাদন হ্ৰাস ৷ উৎসৱৰ বতৰৰ আগত চাহিদা বৃদ্ধি, বতৰৰ বাবে কুঁহিয়াৰ খেতি নষ্ট, বিশ্বজুৰি চেনিৰ যোগান বৃদ্ধি আদি কাৰকৰ বাবে চেনিৰ মূল্য বৃদ্ধি পাইছে ৷ বৰ্তমান ঋতুত চেনিৰ উৎপাদন প্ৰায় ৩০৬ এলএমটি হ’বৰ আশা কৰা হৈছে ৷ শেহতীয়া তথ্যত কোৱা হৈছে যে খুচুৰা বজাৰত চেনিৰ দাম হোৰাহোৰে বৃদ্ধি পাইছে। ২০ জুলাইত প্রতিকেজি চেনিৰ গড় খুচুৰা দাম আছিল ৪৮.১৮ টকা। যি ২০ আগষ্টত বাঢ়ি হয়গৈ ৫৫.৭০ টকা।  তেওঁলোকে লগতে কয়,”চেনিৰ যোগান কটকটীয়া কৰাটো বিশ্বব্যাপী এক পৰিঘটনা আৰু ই কেৱল ভাৰততে সীমাবদ্ধ নহয় ।২০২৬-২৭ চনৰ বাবে বিশ্বজুৰি চেনিৰ ঘাটি প্ৰায় ৩৩ এল এম টি বুলি অনুমান কৰা হৈছে । বতৰৰ পৰিস্থিতিক লৈ উদ্বেগে বিশ্বৰ দৃষ্টিভংগীত আৰু অধিক প্ৰভাৱ পেলাইছে । ফলত আন্তঃৰাষ্ট্ৰীয় চেনিৰ মূল্য ২০২৬ চনৰ ৩০ জুনত প্ৰতি টনত ৪৭৪ ডলাৰৰ পৰা ২০২৬ চনৰ ২০ আগষ্টত প্ৰতি টনত ৫৫২ ডলাৰলৈ তীব্ৰভাৱে বৃদ্ধি পাইছে ৷ দুমাহতকৈও কম সময়ত ১৬%তকৈ অধিক বৃদ্ধি হৈছে চেনিৰ মূল্য ।”  কেন্দ্ৰৰ নতুন নির্দেশত কোৱা হৈছে যে বৃহৎ বৃহৎ চেনি ব্যৱসায়ী বা মজুতকাৰীসকলে ১৫ দিনতকৈ বেছি দিন চেনি গুদামত ৰাখি থ’ব নোৱাৰিব। মোদী চৰকাৰৰ নতুন নির্দেশনাত কোৱা হৈছে যে যিসকল ব্যৱসায়ীয়ে মাহে ১০ মেট্রিক টনৰ বেছি চেনি বেচা-কিনা কৰে, তেওঁলোকে প্রতি ১৫ দিনৰ ভিতৰত নিজৰ গুদামত মজুত সকলো চেনি বজাৰলৈ উলিয়াই দিব লাগিব। তাক নিশ্চিত কৰিবলৈ ১৫ দিনৰ মূৰে মূৰে অভিযান চলাব চৰকাৰে। অহা ১ ছেপ্টেম্বৰৰ পৰা এই নিয়ম প্ৰৱৰ্তন হ’ব। এই নিয়ম চলি থাকিব অহা ৩০ নৱেম্বৰ অৰ্থাৎ উৎসৱৰ বতৰ শেষ হোৱালৈকে।