আন্দোলনৰ নামত অসমৰ বাহনসমূহক কিয় লক্ষ্য কৰি ল’লে, সেয়া চিন্তনীয় বিষয়

আন্দোলনৰ নামত অসমৰ বাহনসমূহক কিয় লক্ষ্য কৰি ল’লে, সেয়া চিন্তনীয় বিষয়

ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে অৰ্থাৎ দ্বিতীয়দিনাও উত্তপ্ত হৈ আছে অসম-মেঘালয় সীমান্ত ৷ দুয়োখন ৰাজ্যৰ গাড়ী চালকৰ অৰ্থনৈতিক অৱৰোধৰ বাবে দুদিন ধৰি উত্তপ্ত হৈ আছে যোৰাবাট অঞ্চল ৷ সমগ্ৰ বিষয়টো মেঘালয় চৰকাৰৰ সৈতে আলোচনাৰ মাধ্যমেৰে মীমাংসাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব অৰ্পণ কৰিছে সীমান্ত অঞ্চল উন্নয়ন মন্ত্ৰী অতুল বৰাক ৷দুয়োখন ৰাজ্যৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে। এনে পৰিস্থিতিত দুয়োখন ৰাজ্যৰ পৰিৱেশ স্বাভাৱিক কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছত মন্ত্ৰী অতুল বৰায়ো মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীৰ সৈতে বিষয়টো সন্দর্ভত আলোচনাত মিলিত হৈছে। এই সন্দর্ভত  শুকুৰবাৰে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী অতুল বৰাই কয়,মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনা চলি আছে ৷ যিহেতু অসম-মেঘালয়ৰ যুগমীয়া সম্পৰ্ক আছে ৷ তেনেক্ষেত্ৰত কোনো লোকৰ বাবে দুয়োখন ৰাজ্যৰ ৰাইজে যাতে কোনো ভুল সিদ্ধান্ত নলয় তাৰ বাবে আহ্বান জনাইছো ৷ মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ আগত শেহতীয়া আলোচনা সন্দর্ভত উল্লেখ কৰে যে প্ৰতিবাদৰ নামত অসমৰ যান-বাহনৰ ওপৰত যি আক্ৰমণৰ লক্ষ্য কৰি লৈছে, সেয়া দুর্ভাগ্যজনক। বিষয়টো সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গভীৰ উদ্বেগ প্রকাশ কৰি ইতিমধ্যে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছে আৰু পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে দুয়োখন চৰকাৰে সহযোগিতাৰে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্বিলঙৰ ঘটনাক লৈ মুখ্যমন্ত্রী ড° শৰ্মাই পৰিস্থিতি স্বাভাৱিক কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবে ইতিমধ্যে মোক দায়িত্ব অর্পণ কৰিছে। সেই নির্দেশমৰ্মে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে বিষয়টো সন্দর্ভত আলোচনা কৰা হয় আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্রী স্নিয়াৱভালং ধৰক মোৰ সৈতে যোগাযোগৰ বাবে নিৰ্দেশ প্রদান কৰে। সেইমৰ্মে মিয়াৱভালং ধৰৰ সৈতে আমাৰ যোগাযোগ অব্যাহত আছে। মন্ত্রী অতুল বৰাই ইয়াকো উল্লেখ কৰে যে শেহতীয়া পৰিস্থিতিৰ পাছত অসমৰ পৰ্যটক অথবা লোক ক’ত ক’ত আবদ্ধ হৈ আছে, সেই সম্পর্কে সবিশেষ লোৱা হৈছে আৰু এই লোকসকলৰ যাতে কোনোধৰণৰ অপকাৰ নহয়, সুৰক্ষিত হৈ থাকে সেই বিষয়ে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰা হৈছে। শেহতীয়া ঘটনা সন্দর্ভত মন্ত্ৰী অতুল বৰাই ইয়াকো স্পষ্ট কৰে যে দুয়োখন ৰাজ্যৰ মাজত থকা সু-সম্পৰ্ক এনেবোৰ ঘটনাৰ বাবে যাতে বিনষ্ট নহয়, এই বিষয়টোৰ ওপৰত দুয়োখন ৰাজ্যই সর্বাধিক গুৰুত্ব আৰোপ কৰিছে। মন্ত্ৰী অতুল বৰাই ইয়াৰ বাবে দুয়োখন ৰাজ্যৰ জনসাধাৰণক আৰু প্ৰতিবাদকাৰীসকলক আহ্বান জনাই কয়- কিছু ভুলৰ বাবে দুয়োখন ৰাজ্যৰ জনসাধাৰণে আশা নকৰা ঘটনা সংঘটিত হৈছে। ইয়াৰ বাবে মুখ্য সচিব পৰ্যায়ত, আৰক্ষী সঞ্চালক পর্যায়ত দুয়োখন ৰাজ্যৰ যোগাযোগ চলি আছে। অসমৰ পৰ্যটকসকলক সুৰক্ষিত কৰি ৰখাৰ নিশ্চয়তা প্রদান কৰিছে মেঘালয় চৰকাৰে আৰু এই লোকসকলক সুৰক্ষিতভাৱে অসমলৈ অনাৰ ক্ষেত্ৰত সহযোগিতাৰো আশ্বাস দিছে চৰকাৰখনে। ইতিমধ্যে অসম আৰক্ষীয়ে আবদ্ধ পর্যটকসকলৰ বাবে হেল্পলাইন নম্বৰো মুকলি কৰিছে। অতুল বৰাই ১৯ আগষ্টৰ ঘটনা সন্দৰ্ভত ইয়াকো স্পষ্ট কৰে যে শেহতীয়া ঘটনা মেঘালয়ৰ আভ্যন্তৰীণ ঘটনা। কেতবোৰ দাবীৰে কেএছইউ-এ উলিওৱা বাইক ৰেলীয়ে সৃষ্টি কৰে অন্য এক অপ্রীতিকৰ ঘটনা। তেওঁলোকে অসমৰ বাহনসমূহক কিয় লক্ষ্য কৰি ল’লে, সেয়া চিন্তনীয় বিষয়। মই আশা কৰোঁ যে অতি সোনকালে এই বিষয়ে দুয়োখন চৰকাৰে এক সহমতত উপনীত হ’বলৈ সক্ষম হ’ব।