অন্বেষা মৃত্যুৰ ঘটনাৰ অনুসন্ধানৰ বাবে উপস্থিত ফৰনেছিক বিশেষজ্ঞৰ দল
ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাট আৰক্ষীয়ে যথেষ্ট সতর্কতাৰে চলাই যোৱা তদন্তৰ অংশ হিচাপে গুৱাহাটীৰ পৰা যোৰহাটত উপস্থিত হয় চাৰিজনীয়া ফৰেনছিকৰ এটা দল। যোৰহাট সদৰ থানাত ইতিমধ্যে জব্দ কৰা সকলো তথ্য-সামগ্ৰীৰ নমুনা পৰীক্ষা কৰা পিছতে পোনে পোনে গৌৰী এনক্লেভত উপস্থিত হয় ফৰেনছিকৰ দলটো। গৌৰী কনক্লেভৰ বি-২ কোঠাত প্রায় চাৰি ঘণ্টাজোৰা অভিযানত উদ্ধাৰ হয় বহু আপত্তিজনক সামগ্রী। কোঠাটোৰ ভিতৰত ড্ৰাগছৰ পার্টী হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে ফৰেনছিকৰ দলটোৰ লগতে যোৰহাট আৰক্ষী। উল্লেখযোগ্য যে কোঠাটোৰ ভিতৰত চিগাৰেটৰ টুকুৰা, বীয়েৰৰ বটলৰ লগতে ইতিমধ্যে উৱলি যোৱা কটা মাংস উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে। এক গোপন সূত্ৰৰ পৰা জানিব পৰা মতে এখন বিছনাৰ তলৰ পৰা দলটোৱে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ। পূর্বে আৰিয়ান গোস্বামীয়ে ড্ৰাগছৰ পাৰ্টীৰ অভিযোগ নস্যাৎ কৰিছিল যদিও কোঠাৰ ভিতৰৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰী আৰু আৰু আন সামগ্ৰীসমূহৰ পৰা উক্ত দিনা কোঠাৰ ভিতৰত ড্রাগ পার্টী হোৱাটো নিশ্চিত হৈছে। ইফালে আৰিয়ানে কোৱাৰ দৰে অন্বেষাক নিমখ খুৱাইছিল নে ড্রাগ পাউডাৰ মুখত গুঁজি দিয়া হৈছিল তাক লৈ প্রশ্ন উত্থাপন হৈছে। কিয়নো কোঠাৰ মজিয়াত সন্দেহজনক পাউডাৰৰ গুড়ি প্রত্যক্ষ কৰা হয়। ইয়াৰ পিছতে এতিয়া প্রশ্ন উত্থাপন হৈছে ড্ৰাগছৰ অভাৰড’জ অন্বেষাই নিজে লৈছিল নে অন্বেষাক জোৰ কৰি দিয়া হৈছিল? গৌৰী এনক্লেভটোৰ আৱাসীসকলে এয়া সম্পূর্ণ পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে।আনহাতে আদালতে তিনি দিনৰ আৰক্ষীৰ জিম্মাত আৰিয়ানক দিয়াৰ পিছত সন্ধিয়া হঠাৎ অসুস্থ হৈ পৰে আৰিয়ান। পিছত আৰক্ষীয়ে তেওঁক যোৰহাট মেডিকেল কলেজ হাস্পতালত লৈ যায়। সম্প্রতি তেওঁ যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। কিন্তু তিনি দিনে আৰক্ষীয়ে আৰিয়ানক জেৰা কৰি বহু তথ্য লাভ কৰিব বুলি আশা কৰিছিল যদিও তেওঁ চিকিৎসাধীন হৈ থকাৰ বাবে সমগ্র ঘটনাটোত আৰক্ষীৰ তদন্ত কিমান আগবাঢ়িব সেয়া সন্দিহান হৈ পৰিছে। কিয়নো অন্বেষা শইকীয়াৰ মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত আছিল এই আৰিয়ান গোস্বামী।
