প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল মহন্তৰ ভূমি দখল
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ ওপৰতো চকু পৰিছে ভূ-মাফিয়াৰ। অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ ভূমি দখলৰ চেষ্টা চলাই ৰঙাঘৰৰ আলহী হ’ল ৮জনকৈ ভূ-মাফিয়া। উল্লেখ্য যে মহানগৰীৰ হাতীগাঁৱৰ অন্তৰ্গত সুন্দৰবন নগৰৰ বালিজান পথত থকা প্রাক্তন মুখ্যমন্ত্রী মহন্তৰ ২৮ বিঘা মাটি দীর্ঘদিনৰ পৰা বেদখল কৰাৰ চেষ্টা চলাইছিল এটা ভূ-মাফিয়াৰ দলে। বিষয়টো সন্দৰ্ভত অৱগত হোৱাৰ লগে লগে প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী জয়শ্রী গোস্বামী মহন্তই হাতীগাঁও থানাত এখন এজাহাৰ দাখিল কৰে। জয়শ্রী গোস্বামী মহন্তৰ এজাহাৰৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে ১৭২/২৬ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখি ৮টা দুর্বৃত্তক গ্ৰেপ্তাৰ কৰে। ধৃত দুর্বৃত্তকেইটা হৈছে ক্রমে দক্ষিণগাঁৱৰ আখতাৰ হুছেইন (২৮), গোৱালপাৰাৰ নুৰ জামাল মিঞা (৩৬), বৰপেটাৰ মনোৱাৰ আলী (২৬), ভগদত্তপুৰৰ ইমদাদুল চৌধুৰী (২৩), ছয়মাইলৰ মিজান আলী (২৭), বৰপেটাৰ মজিবুৰ ৰহমান (২৬), বেহাৰবাৰীৰ অজয় আলী (২১) আৰু হাতীগাঁৱৰ মিৰাজুল আলী (২১)। আৰক্ষী সূত্ৰই সদৰী কৰা মতে, জয়শ্রী গোস্বামী মহন্তৰ এজাহাৰৰ পাছতে হাতীগাঁও আৰক্ষীৰ এটা দলে তদন্তৰ বাবে তাত উপস্থিত হোৱাত ভূ-মাফিয়াৰ দলটোৱে আৰক্ষীৰ দলটোকো আক্ৰমণ কৰে। তাৰ পাছতে আৰক্ষীয়ে ধৃত ৮ অভিযুক্তক গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰে। আদালতে দলটোৰ অন্যতম অভিযুক্তদ্বয় ক্রমে মিৰাজুল আলী আৰু মজিবুৰ ৰহমানক ৫ দিনৰ আৰক্ষী জিম্মাত দিয়াৰ লগতে বাকী ৬জনক জে’ললৈ প্ৰেৰণ কৰে।
