নগাঁও উপ-নির্বাচনক লৈ ৰাজ্যিক বিজেপিৰ বৈঠক
ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনক লৈ বাজপেয়ী ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। নগাঁও লোকসভা সমষ্টিৰ দায়িত্বত থকা মন্ত্রী পীযূষ হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সমষ্টিটোত দলৰ জয়ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সাংগঠনিক সিদ্ধান্ত গ্রহণ কৰে বিজেপিয়ে। উল্লেখ্য যে নগাঁও কংগ্রেছী সাংসদ প্রদ্যুৎ বৰদলৈৰ পদত্যাগৰ পাছতে খালী হৈ পৰা সমষ্টিটোত ছেপ্টেম্বৰ মাহত উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। পূর্বে বিজেপিৰ দখলত থকা সমষ্টিটো ২০১৯ আৰু ২০২৪ চনত একেলেথাৰিয়ে কংগ্ৰেছ জয়যুক্ত হৈছে। এনে অৱস্থাত সমষ্টিটো দখলৰ বাবে এইবাৰ বিজেপিয়ে বিশেষ গুৰুত্ব প্রদান কৰিছে। সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্রহণ কৰা নগাঁও সমষ্টিটোত বিজেপি দলৰ জয়ৰ সম্ভাৱনাক লৈ এতিয়াও নিশ্চিত নহয় শাসকীয় দলটো। বিগত সময়ছোৱাত মন্ত্রী পীযূষ হাজৰিকাই সংসদীয় সমষ্টিটোৰ কেইবাটাও বিধানসভা সমষ্টিত সাংগঠনিক সভা অনুষ্ঠিত কৰি দলৰ কাম-কাজ অব্যাহত ৰাখিছে। বৈঠকত মন্ত্রী হাজৰিকাই নগাঁও সমষ্টিৰ ৰাজনৈতিক বিভিন্ন দিশসমূহ ৰাজ্যিক নেতৃত্বক অৱগত কৰাৰ লগতে সমষ্টিসমূহত ভোটাৰক আকৰ্ষিত কৰাৰ বাবে কি ধৰণৰ পদক্ষেপ গ্রহণ কৰা উচিত, সেই সন্দৰ্ভতো বিস্তৃত ব্যাখ্যা কৰে। ইফালে বৈঠকৰ পাছতে মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়- বিজেপিয়ে যি নির্বাচনতে প্রতিদ্বন্দ্বিতা নকৰক কিয়, প্রতিটো নির্বাচনকে গুৰুত্বসহকাৰে গ্ৰহণ কৰে। নগাঁৱৰ উপ-নির্বাচনক লৈ প্রত্যাহ্বান আছে, কিন্তু আমি যুঁজিম। আমাৰ লক্ষ্য কঠিন, সেয়েহে আমি বহি নাথাকো। এই উপ-নির্বাচনক দলে গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছে যে এই উপ-নির্বাচনক দলে যথেষ্ট গুৰুত্বসহকাৰে লৈ জয়লাভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰা হ’ব। বৈঠকত কেনেকৈ অহা এমাহৰ ভিতৰত দলৰ সাংগঠনিক দিশ শক্তিশালী কৰা হ’ব সেই বিষয়ত আলোচনা কৰাৰ লগতে দলৰ বিষয়ববীয়া আৰু নেতৃত্বই কিধৰণে কাম কৰিব, সেই বিষয়ে আলোচনা কৰা হয়।
