অন্বেষাক ড্রাগছ যোগান ধৰা অংকিত দাসক গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাটত যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত ক্রমাৎ দীঘলীয়া হৈ আহিছে অভিযুক্তৰ তালিকা। ইতিপূর্বে মূল অভিযুক্ত আৰিয়ান গোস্বামী, অর্পিতা আৰু মনালিছাক গ্ৰেপ্তাৰ কৰাৰ পিছত যোৱানিশা অংকিত দাস নামৰ আন এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নিশা অভিযান চলাই যোৰহাটৰ মিলন নগৰৰ পৰা অংকিত দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি অংকিত দাসক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । স্বাধীনতা দিৱসৰ দিনা সংঘটিত ঘটনাটোৰ পিছৰে পৰা অংকিত দাস পলাতক আছিল । ইতিপূর্বে গ্ৰেপ্তাৰ কৰা তিনি অভিযুক্তই অন্বেষাক নগৰৰ দহাবৰাচুকৰ গৌৰী এনক্লেভৰ বি-২ ফ্লেটলৈ অন্বেষাক লৈ অহাৰ লগতে ড্ৰাগছ যোগান ধৰিছিল বুলি আৰক্ষী আৰু সংবাদ মাধ্যমত স্পষ্টকৈ স্বীকাৰ কৰিছিল। কিন্তু আজি এই ঘটনা সন্দৰ্ভত মুখ খোলা নাই ধৃত অংকিত দাসে। এই অংকিত দাসে বিভিন্ন সময়ত নগৰখনত ড্ৰাগছ যোগান ধৰি অহাৰ অভিযোগ আছে। গ্ৰেপ্তাৰ কৰা অংকিত দাসক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে। ইফালে অংকিত দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁৰ মাতৃ আৰু এগৰাকী আত্মীয় মহিলাই যোৰহাট সদৰ থানত সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। অংকিতক গ্ৰেপ্তাৰ কৰাৰ পিছত পুত্ৰ নির্দোষী বুলি মাতৃয়ে থানাৰ ভিতৰতে তাণ্ডৱ চলায় আৰু অভব্য আচৰণ কৰে। অংকিত দাসৰ মাতৃয়ে উত্তেজিত হৈ তাই নিজে ড্রাগছ খায়, তাই বেয়া ছোৱালী। দুবাৰ বিয়া হৈছে বুলিও মন্তব্য কৰে। এই ঘটনাৰ লগত জড়িত আন এগৰাকী যুৱতী এতিয়াও পলাতক । সেই যুৱতীগৰাকীক লৈ চৰ্চা অব্যাহত আছে । কিয়নো মৃত যুৱতীগৰাকীয়ে সেই সন্ধানহীন যুৱতীগৰাকীৰ সৈতে স্কুটীৰে এখন বিপণিলৈ গৈছিল আৰু তাৰ পৰা সামগ্ৰী ক্ৰয় কৰি ওলাই গৈছিল । ইফালে যোৰহাটত ড্ৰাগছৰ বাবে সংঘটিত এই ঘটনাসমূহৰ বাবে অসম সেনাৰ আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে জগৰীয়া কৰিছে যোৰহাট আৰক্ষী আৰু জিলা প্রশাসনক। তেওঁ কয়, সামাজিক ব্যাধি এই ড্ৰাগছৰ কৰাল গ্ৰাসত যোৰহাটৰ নতুন প্রজন্ম উটি-বুৰি গৈছে। এইসকলে যোৰহাটৰ সমূহ জীৱনক নিঃশেষ কৰিবলৈ আগবাঢ়িছে। ২০২১ চনৰ ২৯ নৱেম্বৰত নগৰৰ মাজমজিয়াত আছু নেতা অনিমেষ ভূঞাক একাংশ ড্রাগ আসক্তই নির্মমভাবে হত্যা কৰিছিল। কিন্তু সেই মৃত্যুৱেই শেষ মৃত্যু হ’ব বুলি আশা কৰা হৈছিল। আনকি যোৰহাটৰ বিধায়কগৰাকীয়ে ড্ৰাগছ বেপাৰীৰ লগত আৰক্ষীৰ মিতিৰালি আছে বুলি ৰাজহুৱাকৈ মন্তব্য কৰা বুলি কয় অসম সেনাৰ আহ্বায়ক গৰাকীয়ে। তেওঁ আৰু কয়, এই ঘটনাৰ লগত জড়িতসকলক গ্ৰেপ্তাৰ কৰিয়েই আৰক্ষীয়ে দায়িত্ব সামৰিব নালাগে। আৰক্ষী কঠোৰ হৈ ড্ৰাগছ সেৱনকাৰী, সৰ বৰাহকাৰী আৰু উৎসসমূহ পুলিয়ে-পোখাই উৎখাত কৰিব লাগে। তদুপৰি এনডিপিএছ আইনখনো কঠোৰ কৰাৰ দাবী জনায়। কিয়নো এই আইনৰ গইনা লৈ দুই-তিনিমাহ অভিযুক্ত জে’লত থাকি পুনৰ ওলাই আহে আৰু পিছত দুগুণ উৎসাহৰে আকৌ ড্রাগ্গ্ৰ সৰবৰাহ, সেৱনত নামি পৰে।
