মুখ্যমন্ত্রী ড° শৰ্মা চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ ১০০ দিন সম্পূর্ণ 

মুখ্যমন্ত্রী ড° শৰ্মা চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ ১০০ দিন সম্পূর্ণ 

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হৈছে। এই সময়ছোৱাত চৰকাৰখনে ৰাজ্যৰ উন্নয়ন, শান্তি আৰু জনকল্যাণমূলক কাম-কাজৰ ১০০ টা প্ৰধান সফলতা আৰু পদক্ষেপ জনসাধাৰণৰ ওচৰত দাঙি ধৰিছে।  উল্লেখ্য যে ২০২৬ চনৰ ১২ মে’ত বৃহৎ বিজয়েৰে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী পদত অধিষ্ঠিত হোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই তেওঁৰ চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ কৰাৰ পাছতে ৰাজনৈতিক ক্ষেত্রত সৃষ্টি হৈছে ব্যাপক চর্চা। বিশেষকৈ প্রতিশ্রুতি অনুযায়ী কাম কৰি অহা মুখ্যমন্ত্ৰীগৰাকীৰ শেহতীয়া ৰাজনৈতিক দক্ষতাক লৈ ইতিমধ্যে যথেষ্ট আলোচনা চলিছে। দ্বিতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ সময়তে বিগত সময়ছোৱাত চৰকাৰখনে কি উল্লেখনীয় কাম কৰিলে, তাক লৈও চলিছে ব্যাপক চর্চা। সংকল্পৰ পৰা সিদ্ধিলৈ এই লক্ষ্যৰে যোৱা ১০০ দিনত চৰকাৰখনে ৰাজ্যবাসীৰ বাবে আগবঢ়ালে কেইবাটাও উল্লেখনীয় পদক্ষেপ। সাফল্যৰ ১০০ দিন হিচাপে এই সময়ছোৱাত প্রতিফলিত হ’ল ৰাজ্যৰ সম্ভাৱনাময় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নতুন দুৱাৰ মুকলি কৰাৰ পদক্ষেপ। এই লক্ষ্যৰে মুখ্যমন্ত্রী ড° শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কন্যা শিক্ষাৰ্থীৰ সপোন পূৰণৰ লক্ষ্যৰে ৫.১৬ লাখ ছাত্রীক নিযুত মইনা আঁচনিৰ জৰিয়তে মোকলাই দিলে সম্ভাৱনাৰ দুৱাৰ। একেদৰে ৯৯ হাজাৰ ছাত্ৰৰ বাবে নিযুত বাবু আঁচনিৰ জৰিয়তে মোকলাই দিলে আন এক সম্ভাৱনাৰ দুৱাৰ। একে সময়তে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে ৰাজ্যৰ যুৱ সমাজৰ উচ্চ শিক্ষা আৰু কেৰিয়াৰৰ লক্ষ্যত সহায়ৰ বাবে মোকলাই দিয়া হ’ল ১১৮.৫৮ কোটি টকা। ১০০ দিন সম্পূৰ্ণ কৰা চৰকাৰখনৰ অন্যতম উল্লেখযোগ্য দিশসমূহ আছিল- ডিব্ৰুগড়ক দ্বিতীয়খন ৰাজধানী ৰূপে গঢ়ি তোলা, নাৰী সুৰক্ষাৰ বাবে বিধানসভাত গৃহীত কৰা হ’ল সমনাগৰিক সংহিতা আইন। আনহাতে অৰুণোদয়-৩.০ৰ আৰম্ভণিৰ জৰিয়তে ৰাজ্যৰ প্ৰায় ৪০ লাখ মহিলাক উপকৃত কৰাৰ লক্ষ্য লোৱা হ’ল। স্বাস্থ্যখণ্ডত এই সময়ছোৱাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্থাপন কৰা হ’ল প্রট’ন থেৰাপী মেচিন। অসমৰ বয়নশিল্পক বিশ্বজনীন কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হ’ল মিছন চেনেহজৰী। দ্বিতীয়টো কাৰ্যকালৰ ১০০ দিনত চৰকাৰখনে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্রামীণ)ৰ অধীনত ৰাজ্যত নিৰ্মাণ কৰিলে ১.৪৭ লাখ গৃহ। বিধায়কৰ এলেকা পুঁজি দুগুণ বৃদ্ধিৰ জৰিয়তে উন্নয়নৰ বাবে আন এক দিশ সংযোগ কৰা হ’ল। এই সময়ছোৱাতে মুখ্যমন্ত্ৰীৰ বিশেষ তৎপৰতাত নিৰ্বাচনৰ বাবে থমকি ৰোৱা ৰাজসাহায্যযুক্ত মচুৰ দাইল আৰু চেনি বিতৰণ পুনৰ আৰম্ভ কৰা হ’ল। ১০০ দিনৰ এই সময়ছোৱাৰ ভিতৰতে ৰাজ্য চৰকাৰে প্ৰশাসনিক দিশ শক্তিশালী কৰাৰ লক্ষ্যৰে নতুনকৈ ৮খন সমজিলা গঠন কৰাৰ লগতে যুৱ সমাজৰ সৰ্বাংগীণ বিকাশৰ বাবে যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ নামৰ এক সুকীয়া বিভাগ সৃষ্টি কৰিলে। মুখ্যমন্ত্ৰীৰ তৎপৰতাতে এই সময়ছোৱাত অসম ৰাজ্যিক শিশু পৰীক্ষা নীতিক দিয়া হ’ল অনুমোদন। আনহাতে ভূমিৰ জটিল সমস্যা দূৰীকৰণৰ লক্ষ্যৰে পুনৰ আৰম্ভ কৰা হ’ল মিছন বসুন্ধৰা-৪.০। প্রশাসনিক দিশ শক্তিশালী কৰাৰ লগতে ৰাজ্যিক কৰ্মচাৰীক ৰাজ্য চৰকাৰখনে প্ৰদান কৰিলে ৬০ শতাংশ মৰগীয়া ভাট্টা। যোগাযোগৰ ক্ষেত্ৰত এই ১০০ দিনৰ ভিতৰতে নতুন দিনৰ সূচনা কৰি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰক চাৰিলেনযুক্ত কৰাৰ বাবে কেন্দ্ৰীয় কেবিনেটে দিলে অনুমোদন। সামাজিক মাধ্যমত আজি ১০০ দিন সম্পূৰ্ণ কৰাৰ পাছত মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছে- সুদৃঢ় অসমৰ উন্নয়নী যাত্ৰাৰ বাবে আমাৰ ৰূপৰেখা হৈছে ঐতিহ্যৰ গৌৰৱ, যুৱশক্তিৰ সবলীকৰণ, সামাজিক ব্যাধি ৰোধ কৰি শিক্ষাৰ দিশত উৎসাহ প্রদান আৰু সামাজিক ন্যায় নিশ্চিত কৰা। নতুন দিনৰ সংকল্প সিদ্ধিৰে পূৰ্ণতা দিবলৈ আমাৰ কৰ্মযজ্ঞ অবিৰাম গতিত আগুৱাই নিম। যোৱা ১০০টা দিনত চৰকাৰখনে কি কৰিলে, তাৰ সকলো হিচাপ-নিকাচ ৰাইজৰ আগত দাঙি ধৰাৰ প্ৰতিশ্ৰুতিৰে সামাজিক মাধ্যমত মুখ্যমন্ত্রীয়ে লিখিলে- আমি কি কৰিলোঁ, কি কৰি আছোঁ আৰু কি কৰিম তাক স্পষ্ট ৰূপত ৰাইজৰ আগত তুলি ধৰিয়েই জন আশীর্বাদ গ্রহণ কৰি সুদৃঢ় গতিৰে আমি আগবাঢ়িছোঁ। আইআইএমৰ পৰা ছেটেলাইট চিটীলৈ, স্বচ্ছ নিযুক্তিৰ পৰা সমতাপূর্ণ সমাজ ব্যৱস্থালৈ আজিৰ অসম সম্পূৰ্ণৰূপে গভীৰ আত্মবিশ্বাসী অসম- এই পৰিয়চৰ বাবে আমি কাম কৰি আছোঁ আৰু আপোনালোকৰ আশিস শিৰোধাৰ্য কৰি আগলৈও কাম কৰি যাম। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে ইয়াকো ঘোষণা কৰে যে কৃষিখণ্ডলৈ নতুন প্রজন্মক উৎসাহ দিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ কৃষি উৎকর্ষ বঁটা হিচাপে এহেজাৰ প্ৰগতিশীল শিক্ষকলৈ এক লাখ টকাকৈ আগবঢ়োৱা হ’ব। ১০০ দিন সম্পূৰ্ণ হোৱাৰ দিনটোতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰা মুখ্যমন্ত্ৰী ড° শৰ্মাই তেওঁৰ কাৰ্যকালৰ যোৱা ১০০টা দিনত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ, উন্নয়নমূলক আঁচনি আৰু ঐতিহাসিক সিদ্ধান্তৰ কথাও আজি সদৰী কৰে প্ৰধানমন্ত্ৰীক।