নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বৃহস্পতিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী শৰ্মাই প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যখনৰ বান পৰিস্থিতি, ক্ষতিগ্ৰস্ত লোকক উদ্ধাৰৰ প্ৰচেষ্টা আৰু উন্নয়নৰ কাৰ্যসূচী সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বন্যার্তৰ পুনৰ সংস্থাপনৰ লগতে ৰাজ্যৰ সামগ্ৰিক উন্নয়ন কার্যসূচী সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই বৈঠকত প্রধানমন্ত্রী মোদীৰ পৰামৰ্শ বিচাৰে। সেৱা তীর্থস্থিত নৱনিৰ্মিত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত হোৱা সাক্ষাৎকালত মুখ্যমন্ত্রী ড° শর্মাই প্রধানমন্ত্রী মোদীক অসমৰ বান সঁহাৰি অভিযানৰ পৰৱৰ্তী পৰ্যায়ৰ ৰূপৰেখা সন্দৰ্ভত বিশদভাৱে অৱগত কৰে। বৈঠকত অতিকৈ ক্ষতিগ্রস্ত অঞ্চলসমূহৰ পুনর্নির্মাণ, দুর্যোগগ্রস্ত লোকসকলৰ পুনৰ সংস্থাপন আৰু এক সামগ্রিক পুনৰুদ্ধাৰ প্ৰক্ৰিয়া নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি ৰাজ্য চৰকাৰে জাৰি কৰা এক প্ৰেছ বিবৃতিত প্রকাশ কৰা হৈছে। বৈঠকৰ অন্তত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° শর্মাই জনায় যে আজি নতুন দিল্লীত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষাৎ কৰি তেখেতৰ আশীৰ্বাদ আৰু মাৰ্গদৰ্শনেৰে সমৃদ্ধ হোৱাৰ সৌভাগ্য হ’ল। অসমৰ বান পৰিস্থিতিৰ সমগ্ৰ সময়ছোৱাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পৰিস্থিতিৰ নিৰন্তৰ খবৰ ৰখাৰ লগতে নিবিড়ভাৱে পৰ্যালোচনাও কৰিছিল আৰু সকলো সহায়-সহযোগিতাও আগবঢ়াইছিল। আজিৰ সাক্ষাতত বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পুনৰ্নিৰ্মাণ, জীৱিকা পুনৰুদ্ধাৰ আৰু সামগ্ৰিক পুনৰুদ্ধাৰৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে আমাৰ ৰূপৰেখা তেখেতৰ আগত ব্যক্ত কৰোঁ। তেখেতে এই অভিযানক সফল পৰিণতিলৈ লৈ যোৱাত ভাৰত চৰকাৰৰ অকুণ্ঠ সহায়-সহযোগিতাৰ আশ্বাস প্রদান কৰে।

অসমৰ ৰাইজে আমাক অৰ্পণ কৰা দায়িত্ব পালনৰ ক্ষেত্রত আমাৰ চৰকাৰৰ প্ৰথম ১০০ দিনত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়েও আজিৰ বিশেষ দিনটোতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰোঁ। এই আপাহতে ‘বিকশিত অসম’ৰ সংকল্প বাস্তৱায়নৰ দিশত নিৰন্তৰ মাৰ্গদৰ্শন আৰু দৃঢ় সমৰ্থনৰ বাবে মাননীয় মোদী ডাঙৰীয়ালৈ ৰাজ্যবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ইপিনে ৰাজ্য চৰকাৰে জাৰি কৰা প্ৰেছ বিবৃতি অনুসৰি বৈঠকত ৰাজ্য চৰকাৰৰ বৃহৎ উন্নয়নমূলক অগ্রাধিকাৰসমূহৰ লগতে অৰ্থনৈতিক বিকাশ খৰতকীয়া কৰা, আন্তঃগাঁথনি শক্তিশালী কৰা, ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থাৰ উন্নতি সাধন কৰা আৰু অসমৰ ৰাইজৰ জীৱনযাপন অধিক সুচল কৰাৰ প্ৰচেষ্টাসমূহৰ বিষয়েও বিতংভাৱে আলোচনা কৰা হয়। প্রধানমন্ত্রী মোদীৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্রকাশ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ‘বিকশিত অসম’ৰ যৌথ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ নিৰন্তৰ মাৰ্গদৰ্শন আৰু আগবঢ়োৱা প্রতিশ্রুতিৰ বাবে তেওঁ অশেষ ধন্যবাদৰ পাত্ৰ। চৰকাৰী বিবৃতি অনুসৰি আজিৰ এই বৈঠকে বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ লগতে ৰাজ্যখনৰ উন্নয়নমূলক কার্যসূচী আগবঢ়াই নিয়াত কেন্দ্ৰ আৰু অসম চৰকাৰৰ মাজত থকা সুদৃঢ় সমন্বয়ক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। বানপীড়িত অঞ্চলসমূহত কাৰ্যকৰী সংস্থাপন আৰু পুনর্নির্মাণ সুনিশ্চিত কৰাৰ সমান্তৰালকৈ এখন ‘বিকশিত অসম’ গঢ়ি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে ভাৰত চৰকাৰৰ সৈতে যৌথ প্রচেষ্টাৰে কাম কৰি যাবলৈ সম্পূর্ণরূপে প্রতিশ্রুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰিছে।
