দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণক সাক্ষাৎ মুখ্যমন্ত্রীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্রায় ১০দিনীয়া কাৰ্যসূচীৰে দিল্লীত উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে ৷ ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ সৈতে আলোচনাত মিলিত হ’ল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজধানীত বিত্তমন্ত্রী নির্মলা সীতাৰমনক সাক্ষাৎ কৰি শেহতীয়া বানে ৰাজ্যত সৃষ্টি কৰা পৰিৱেশ সন্দৰ্ভত বিস্তৃত তথ্য অৱগত কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই বানৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন আৰু ক্ষতিগ্রস্ত অঞ্চলসমূহ পুনৰ নিৰ্মাণ, জীৱিকাৰ ব্যৱস্থা পুনৰুদ্ধাৰৰ বাবে প্ৰস্তুত কৰা ৰোডমেপ আদিৰ বিষয়েও সবিশেষ অৱগত কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা সাক্ষাতৰ বিষয়ে সামাজিক মাধ্যমযোগে সবিশেষ উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- মাননীয়া শ্ৰীমতী নিৰ্মলা সীতাৰমন ডাঙৰীয়ানীক অসমৰ বানৰ ক্ষয়-ক্ষতিৰ চলি থকা মূল্যায়ন, ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পুননিৰ্মাণ আৰু বানপীড়িত পৰিয়ালসমূহৰ জীৱন-জীৱিকা পুনৰ গঢ়ি তোলাৰ আমাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰো। অসমৰ সমস্যাসমূহ তেখেতে অতি মনোযোগ আৰু সংবেদনশীলতাৰে শুনি এই কঠিন সময়ত কেন্দ্ৰীয় চৰকাৰৰ দৃঢ় সহযোগিতাৰ বিষয়ে উল্লেখ কৰে । অসমৰ স্বাৰ্থ আৰু অসমৰ জনসাধাৰণৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই আন্তৰিক সহযোগিতা আমাৰ শক্তি আৰু আস্থাৰ এক গুৰুত্বপূৰ্ণ আধাৰ ৷ উল্লেখ্য যে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্রীক আশ্বাস দিয়ে যে ৰাজ্যখনে বানাক্ৰান্ত পৰিয়ালসমূহক তেওঁলোকৰ জীৱন পুনৰ নিৰ্মাণত সহায় কৰাৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ সময়ত ভাৰত চৰকাৰে অসমৰ সৈতে দৃঢ়তাৰে থিয় হৈ থাকিব। মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমত ইয়াকো উল্লেখ কৰে যে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ইতিবাচক সঁহাৰি আৰু ভাৰত চৰকাৰে অসমৰ সৈতে দৃঢ়তাৰে থিয় দিব বুলি দিয়া আশ্বাসৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ।

আনহাতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় শিক্ষা, গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰণালয় আৰু নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰণালয়ৰ মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতেও পৃথতে এক বৈঠকত মিলিত হয় ৷ শেহতীয়াকৈ শিক্ষা মন্ত্ৰালয়ৰ নতুনকৈ দায়িত্ব গ্ৰহণ কৰা প্ৰহ্লাদ যোশীৰ সৈতে মুখ্যতঃ শিক্ষা, খাদ্য আৰু অসামৰিক যোগান তথা নৱীকৰণযোগ্য শক্তিখণ্ডৰ অসমৰ অগ্ৰাধিকাৰ, ভৱিষ্যৎ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয়। এই বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে,মাননীয় যোশী ডাঙৰীয়াৰ সৈতে মূলতঃ শিক্ষা, খাদ্য আৰু অসামৰিক যোগান তথা নবীকৰণযোগ্য শক্তি খণ্ডৰ অসমৰ অগ্ৰাধিকাৰ আৰু ভৱিষ্যৎ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয় । অসমৰ প্ৰতি তেখেতৰ ইতিবাচক দৃষ্টিভংগী আৰু অব্যাহত সহযোগিতাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
