লোকপিয়লত নিয়োজিত নোহোৱা শিক্ষকে যোগদান কৰিব লাগিব নতুন কর্মস্থলীত
ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষকৰ অন্তঃ আৰু আন্তঃজিলা পাৰস্পৰিক বদলিৰ নিৰ্দেশনা সন্দর্ভত প্রাথমিক শিক্ষা সঞ্চালকালয়ে এক গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে। প্রাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতি স্বাক্ষৰিত জাননীখনত উল্লেখ কৰা অনুসৰি লোকপিয়লত নিয়োজিত নোহোৱা শিক্ষকসকলে ‘টিচাৰ ট্রেন্সফাৰ মেনেজমেন্ট ছিষ্টেম’ (টিটিএমএছ) যোগে দিয়া নির্দেশনা ক্রমে নিৰ্ধাৰিত সময়ৰ ভিতৰত নতুন কর্তব্যস্থলীত যোগদান কৰিব লাগিব। যোৱা ১০ আগষ্টত প্রকাশিত বদলিৰ নিৰ্দেশতে সন্নিৱিষ্ট চৰ্তাৱলীৰ ১নং পইণ্টত নিৰ্ধাৰিত সময়ৰ বিষয়ে উল্লেখ আছে। অৱশ্যে লোকপিয়লৰ দায়িত্বত থকা শিক্ষকসকলৰ ক্ষেত্ৰত প্ৰত্যাহাৰ কৰা হৈছে কৰ্মস্থলীত যোগদানৰ পূৰ্বে নিৰ্ধাৰিত ১৪ দিনৰ সময়সীমা। অর্থাৎ লোকপিয়লত নিয়োজিত শিক্ষকসকলৰ বিপৰীতে ১নং পইণ্টত উল্লেখ কৰা ১৪ দিনৰ সময়সীমা প্রযোজ্য নহ’ব। আনহাতে জাননীখনত স্পষ্ট কৰি দিয়া হৈছে যে বদলিৰ নির্দেশনাৰ অন্যান্য সকলো চর্ত আৰু নীতি অপৰিৱৰ্তিত থাকিব।
