নতুন দিল্লীত প্রধানমন্ত্রী মোদীৰে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বৈঠক
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ’ব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। আজি দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হ’বলগা এই বৈঠকত বানবিধ্বস্ত ৪ জিলাক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিস্তৃত তথ্য প্ৰধানমন্ত্ৰীৰ সন্মুখত প্রকাশ কৰিব মুখ্যমন্ত্রী ড° শৰ্মাই। এই বৈঠকতে বানৰ পেকেজক লৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীয়ে চাৰি জিলাত হোৱা ক্ষয়- ক্ষতিৰ বিষয়েও অৱগত কৰিব প্ৰধানমন্ত্ৰীক। মুখ্যমন্ত্রী ড° শর্মাই ইতিমখ্যে ঘোষণা কৰিছিল বন্যার্ত সকলৰ উদ্ধাৰ আৰু পুনঃসংস্থাপনৰ ক্ষেত্রত প্রধানমন্ত্রী মোদীয়ে পূর্ণ সহযোগিতা কৰিব বুলি অৱগত কৰিছিল।
