সপ্তম পৰ্যায়ৰ গুণোৎসৱৰ সময়সূচী ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ শিক্ষা, অসমৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱ ২০২৭ অৰ্থাৎ সপ্তম পৰ্যায়ৰ দিন ঘোষণা কৰা হৈছে। তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগা এই গুণোৎসৱৰ জৰিয়তে ৰাজ্যৰ ৩৫খন জিলাত অনুষ্ঠিত হ’ব শিক্ষার্থীৰ মূল্যায়ন প্রক্রিয়া। অসমৰ শিক্ষাখণ্ডৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ প্রকাশ কৰিছে সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকালয়ে। মিছন সঞ্চালক আয়ুস গাৰ্গে এক চৰকাৰী নির্দেশনাযোগে চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱ (সপ্তম ৰাউণ্ড)ৰ সূচীৰ সবিশেষ প্রকাশ কৰে। অসম চৰকাৰৰ অনুমোদনমৰ্মে অহা ৬ জানুৱাৰী ২০২৭ৰ পৰা ৫ ফেব্ৰুৱাৰী ২০২৭ৰ ভিতৰত গুণোৎসৱৰ জৰিয়তে শিক্ষাৰ্থীৰ মূল্যায়ন প্রক্রিয়া সমাপ্ত হ’ব। নির্দেশনা অনুসৰি ৰাজ্যৰ মুঠ ৩৫খন জিলাক সামৰি তিনিটা পর্যায়ত এই মূল্যায়ন প্রক্রিয়া অনুষ্ঠিত হ’ব। সেই অনুসৰি প্ৰথম পৰ্যায়ত অহা ৬ জানুৱাৰী ২০২৭ত অনুষ্ঠিত হ’ব আত্মমূল্যায়ন (ছেল্ল্ফ ইভালিউচন)। ৭-৮-৯ জানুৱাৰী ২০২৭ত হ’ব বাহ্যিক মূল্যায়ন। প্রথম পৰ্যায়ত সামৰি লোৱা ১৩খন জিলাৰ ভিতৰত আছে বৰপেটা, বজালী, কৰিমগঞ্জ, কামৰূপ মহানগৰ, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, গোলাঘাট, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ, যোৰহাট, ওদালগুৰি আৰু কাৰ্বি আংলং। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব ১২খন জিলাত। ১৯ জানুৱাৰীত এই ১২খন জিলাত অনুষ্ঠিত হ’ব আত্মমূল্যায়ন (ছেল্ল্ফ ইভালিউচন)। বাহ্যিক মূল্যায়ন অনুষ্ঠিত হ’ব ২০-২১-২২ জানুৱাৰী ২০২৭ত। দ্বিতীয় পর্যায়ক সামৰি লোৱা জিলাকেইখন খন হৈছে- বাক্সা, বিশ্বনাথ, চিৰাং, ধুবুৰী, হাইলাকান্দি, হোজাই, কামৰূপ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং। তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব ২ ফেব্ৰুৱাৰী ২০২৭ৰ পৰা ৫ ফেব্ৰুৱাৰী ২০২৭লৈ। তৃতীয় পর্যায়ত অনুষ্ঠিত হ’বলগা গুণোৎসৱে সামৰি ল’ব ৰাজ্যৰ ১০খন জিলা। বঙাইগাঁও, ধেমাজি, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও আৰু মাজুলী জিলাত অনুষ্ঠিত হ’বলগা গুণোৎসৱৰ ২ ফেব্ৰুৱাৰীত হ’ব আত্মমূল্যায়ন (ছেল্ল্ফ ইভালিউচন)। ৩-৪-৫ ফেব্ৰুৱাৰীত হ’ব বাহ্যিক মূল্যায়ন। সমগ্র শিক্ষা অসমে প্রকাশ কৰা তথ্য অনুসৰি বজালী আৰু তামুলপুৰ জিলাৰ গুণোৎসৱ ক্ৰমে বৰপেটা আৰু বাক্সা জিলা প্রশাসনে পৰিচালনা কৰিব। মিছন সঞ্চালকৰ কাৰ্যালয়ৰ তৰফৰ পৰা সকলো জিলা মিছন সমন্বয়ক আৰু জিলা কার্যসূচী সমন্বয়কক গুণোৎসৱৰ প্ৰশাসনিক নীতি-নির্দেশনা অনুসৰি বিভিন্ন উপ-সমিতি আৰু কোষ গঠন কৰি গুণোৎসৱৰ প্ৰস্তুতি ক্ষিপ্ৰ কৰি তুলিবলৈ নিৰ্দেশ দিছে।
