নীলা শিয়ালৰ সভাত হুৱা – বনজিত দাস

Pc StockCake

নীলা শিয়ালৰ সভাত হুৱা

বনজিত দাস ,ৰিহাবাৰী, বজালী

নীলা শিয়ালৰ সভাত
হুৱা দিয়ে ৰাতিৰ অন্ধকাৰে
সত্যবোৰ কোণত থৈ
মিছাই পিন্ধে ৰাজমুকুট ।

সভাৰ মজিয়াত
শিয়াল বোৰেই লিখে ন্যায়ৰ বিধান
আৰু নিৰ্বাক বনখন
শুনি থাকে নিজৰেই মৃত্যুৰ কাহিনী
যেতিয়া সভাৰ প্ৰতিটো সিদ্ধান্তৰ আঁৰত
লুকাই থাকে দাঁতৰ চিকমিকনি ।

তেতিয়া
হুৱা দিয়াই প্ৰতিবাদ
নীৰৱ হৈ থকাই
অন্যায়ৰ সন্মতি ।

যেতিয়া সত্যক
শিকলিৰে বান্ধি থোৱা হয়
তেতিয়া মৌনতায়ো
অপৰাধৰ এক ভাষা ।

মুখ বন্ধ কৰি থকাজন
কেৱল নিৰ্বাক নহয়
অন্যায়ৰ ছাঁত
নীৰৱ সাক্ষী হৈ ৰয় ।

সেয়ে
তেতিয়া হুৱা দিয়াই প্ৰতিবাদ,
সত্য কোৱাই সাহস,
আৰু নীৰৱ হৈ থকাই
অন্যায়ৰ সন্মতি ।