প্ৰেমৰ এনাজৰী
বনজিত দাস ,ৰিহাবাৰী , বজালী
আকাশৰ ৰং বোৰ তোমাৰ হাঁহি
মেঘত ওঁঠৰ দাগটোৱে যে চুমা আঁকে
গছৰ ফেৰেঙনিত গজে লাহি কোমল কুঁহি
সেউজ প্ৰেমৰ সুৰভি
আছো ৰৈ লঠঙা গছত কলিজা থৈ
আকাশৰ বুকুৱেদি আহিবা নেকি পছোৱা হৈ
দেহাটো মেৰিয়াই পৰশতে
চোতালত মেলি বিষাদত দেহা শুকান খৰি
ক’বা নে খাতাং কৈ খুলি
অম্বোলাই মেঘে গাজিলে চিকমিক বিজুলী
পোহৰত জিলিকে নেকি তোমাৰ ছবি
তাতো দেখোন তুমি দিয়া নে হাঁহি
উতলা হিয়াৰ বাঁহী
আহিবা ৰিম্ জিম্ প্ৰেমৰ বৰষুণ
তিতিম বুলিয়েই আছো দুহাত মেলি লৈ
চেনেহতে ৰ’ লাগি চাই লম
প্ৰেমৰ এনাজৰী ।
