কৃষি আৰু সহযোগী খণ্ডত কেৰিয়াৰৰ সম্ভাৱনা – ড° বুলজিৎ বুঢ়াগোহাঁই

Pc Telangana Today

কৃষি আৰু সহযোগী খণ্ডত কেৰিয়াৰৰ সম্ভাৱনা

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা  তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয় ,
আজাৰা,গুৱাহাটী

ভাৰতৰ অৰ্থনীতি, সমাজ আৰু সংস্কৃতিৰ সৈতে কৃষিৰ সম্পৰ্ক যুগ যুগ ধৰি গভীৰভাৱে সংপৃক্ত হৈ আছে। কৃষি কেৱল খাদ্য উৎপাদনৰ মাধ্যমেই নহয়; ই গ্ৰাম্য অৰ্থনীতি, জীৱিকা আৰু সামাজিক জীৱনৰ এক গুৰুত্বপূৰ্ণ ভেটি। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে কৃষিৰ ৰূপো সলনি হৈছে। আধুনিক কৃষি এতিয়া কেৱল হাল বোৱা, মাটি চহোৱা আৰু শস্য চপোৱাৰ মাজতে সীমাবদ্ধ নহয়। বিজ্ঞান, তথ্য-প্ৰযুক্তি, যান্ত্ৰিকীকৰণ, জৈৱ-প্ৰযুক্তি, পৰিচালনা , উদ্যোগীকৰণ আদিৰ সংযোজনে কৃষিক এক আধুনিক, প্ৰযুক্তিনিৰ্ভৰ আৰু বহুমাত্ৰিক পেছাদাৰী ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিছে।

এই পৰিৱৰ্তনৰ ফলত কৃষি আৰু সহযোগী খণ্ডত বহু নতুন দক্ষ বৃত্তিৰ সৃষ্টি হৈছে। বিশেষকৈ দীঘলীয়া একাডেমিক শিক্ষাৰ পৰিৱৰ্তে ব্যৱহাৰিক আৰু কাৰিকৰী দক্ষতা আহৰণ কৰি সোনকালে কৰ্মজীৱনত প্ৰৱেশ কৰিব বিচৰা যুৱক-যুৱতীৰ বাবে এই খণ্ডত যথেষ্ট সম্ভাৱনা আছে। কৃষি, উদ্যান শস্য, মীন পালন, পশুপালন, ৰেচম , চাহ উদ্যোগ আদিৰে সমৃদ্ধ অসমৰ দৰে ৰাজ্যত এই সুযোগ আৰু অধিক বিস্তৃত।

আধুনিক কৃষিৰ মূল লক্ষ্য হৈছে উৎপাদন বৃদ্ধি কৰাৰ লগতে পানী, মাটি, সাৰ, শক্তি আৰু অন্যান্য সম্পদৰ সঠিক ব্যৱহাৰ, উৎপাদন ব্যয় নিয়ন্ত্ৰণ আৰু গুণগত মান বজাই ৰখা। এই কামত অভিজ্ঞ কৃষকৰ লগতে প্ৰশিক্ষিত কাৰিকৰী কৰ্মীৰো প্ৰয়োজন হয়। ফলস্বৰূপে কৃষি-প্ৰযুক্তিৰ বিভিন্ন শাখাত বিশেষ দক্ষতা থকা ব্যক্তিৰ চাহিদা বৃদ্ধি পাইছে।

এগ্ৰিকালচাৰেল ফিল্ড টেকনিচিয়ান তেনে এক গুৰুত্বপূৰ্ণ বৃত্তি। তেওঁলোকে কৃষকৰ সৈতে পোনপটীয়াকৈ কাম কৰি উন্নত বীজ, সাৰ, জলসিঞ্চন, শস্য ব্যৱস্থাপনা, ৰোগ আৰু কীট-পতংগ নিয়ন্ত্ৰণ আদি বিষয়ত কাৰিকৰী সহায় আগবঢ়ায়। কৃষি বিভাগ, কৃষিভিত্তিক কোম্পানী, বীজ আৰু সাৰ প্ৰতিষ্ঠান, কৃষি বিজ্ঞান কেন্দ্ৰ আদি ক্ষেত্ৰত এনে দক্ষ কৰ্মীৰ সুযোগ আছে। একেদৰে পৰিৱেশ অনুকূল আৰু বহনক্ষম কৃষিৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাৰ ফলত অৰ্গেনিক ফাৰ্মিং টেকনিচিয়ানৰ গুৰুত্ব বৃদ্ধি পাইছে। পচন সাৰ, জৈৱিক সাৰ, প্ৰাকৃতিক কীটনাশক , বহনক্ষম কৃষি পদ্ধতি আদিৰ ব্যৱহাৰ সম্পৰ্কে ব্যৱহাৰিক জ্ঞান থকা ব্যক্তিয়ে চাকৰিৰ লগতে নিজাকৈ জৈৱিক কৃষি উদ্যোগো গঢ়ি তুলিব পাৰে।

কৃষিৰ সৈতে ডিজিটেল প্ৰযুক্তিৰ সংযোগে এই খণ্ডত এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। মাটি, পানী, বতাহ আৰু শস্যৰ তথ্য সংগ্ৰহ আৰু বিশ্লেষণৰ জৰিয়তে অধিক বৈজ্ঞানিক সিদ্ধান্ত গ্ৰহণ সম্ভৱ হৈছে। প্ৰিচিচন এগ্ৰিকালচাৰ টেকনিচিয়ানসকলে জিপিএছ, চেন্সৰ, ছেটেলাইট ইমেজিং , ডাটা এনালাইছিছ আদিৰ সহায়ত কৃষিক্ষেত্ৰৰ বিভিন্ন তথ্য বিশ্লেষণ কৰি উৎপাদনশীলতা বৃদ্ধি আৰু সম্পদৰ অপচয় হ্ৰাস কৰাত সহায় কৰে।

কৃষিক্ষেত্ৰত ড্ৰ’নৰ ব্যৱহাৰে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে। শস্য পৰ্যবেক্ষণ, পথাৰৰ অৱস্থা নিৰীক্ষণ আৰু কিছুমান কৃষি কাৰ্যত ড্ৰ’ন ব্যৱহাৰ কৰিব পৰা যায়। সেয়েহে এগ্ৰিকালচাৰেল ড্ৰ’ন অপাৰেটৰৰ দৰে দক্ষ পেছাৰ গুৰুত্ব বৃদ্ধি পাইছে। ভৱিষ্যতে কৃত্ৰিম বুদ্ধিমত্তা, ৰিম’ট চেন্সিং আৰু ইণ্টাৰনেট অৱ থিঙছ (আইঅ’টি)ৰ ব্যৱহাৰ বৃদ্ধি পালে কৃষি অধিক তথ্য-চালিত আৰু স্বয়ংক্ৰিয় হৈ উঠিব।

পানী কৃষিৰ অন্যতম মূল্যৱান সম্পদ। পানীৰ অপচয় কমাই উৎপাদন বৃদ্ধি কৰিবলৈ ড্ৰিপ, স্প্ৰিংকলাৰ আৰু অন্যান্য ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাৰ ব্যৱহাৰ বৃদ্ধি পাইছে। ইৰিগেচন টেকনিচিয়ানসকলে এই ব্যৱস্থাসমূহ স্থাপন, পৰিচালনা আৰু ৰক্ষণাবেক্ষণ কৰে। সৌৰশক্তিচালিত পানী পাম্পৰ প্ৰসাৰেও এই ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি কৰিছে।

আনহাতে, কৃষি যান্ত্ৰিকীকৰণে উৎপাদনৰ গতি আৰু কাৰ্যক্ষমতা যথেষ্ট বৃদ্ধি কৰিছে। ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, ৰ’টাভেটৰ, হাৰ্ভেষ্টাৰ, ছিড ড্ৰিল , ৰাইচ ট্ৰান্সপ্লাণ্টাৰ আদি যন্ত্ৰপাতিৰ ব্যৱহাৰ বাঢ়ি অহাৰ লগে লগে ফাৰ্ম মেচিনেৰী টেকনিচিয়ান আৰু ট্ৰেক্টৰ মেকানিকৰ চাহিদাও বৃদ্ধি পাইছে। যন্ত্ৰপাতি মেৰামতি আৰু ৰক্ষণাবেক্ষণত দক্ষ ব্যক্তিয়ে কৃষি যন্ত্ৰপাতি ভাড়া কেন্দ্ৰ বা সেৱা কেন্দ্ৰ স্থাপন কৰি স্ব-নিয়োজনৰ পথো বাছি ল’ব পাৰে।

জলবায়ু পৰিৱৰ্তন আৰু বতৰৰ অনিশ্চয়তাৰ পৰিপ্ৰেক্ষিতত সংৰক্ষিত খেতিৰ গুৰুত্ব ক্ৰমান্বয়ে বৃদ্ধি পাইছে। গ্ৰীণহাউচ আৰু পলিহাউচত নিয়ন্ত্ৰিত পৰিৱেশ সৃষ্টি কৰি শাক-পাচলি, ফুল, ফল-মূল আৰু উচ্চ মূল্যৰ শস্য উৎপাদন কৰা হয়। গ্ৰীণহাউচ টেকনিচিয়ানসকলে উষ্ণতা, আৰ্দ্ৰতা, জলসিঞ্চন, সাৰ প্ৰয়োগ আৰু উদ্ভিদৰ স্বাস্থ্য নিৰীক্ষণ কৰে। একেদৰে হৰ্টিকালচাৰ টেকনিচিয়ান, নাৰ্চাৰী টেকনিচিয়ান আৰু ফ্লৰিকালচাৰ টেকনিচিয়ানৰ বাবেও সুযোগ আছে। নাৰ্চাৰী, ফুলৰ খেতি, ফলৰ বাগিচা আৰু ঔষধি উদ্ভিদৰ ব্যৱসায়ে যুৱক-যুৱতীক উদ্যোগী হোৱাৰ সুযোগ প্ৰদান কৰে।

অসমৰ দৰে ৰাজ্যত কৃষিৰ সহযোগী খণ্ডসমূহ বিশেষভাৱে সম্ভাৱনাময়। কম মাটিত তুলনামূলকভাৱে কম বিনিয়োগেৰে কাঠফুলা খেতি আৰু মৌপালনৰ দৰে উদ্যোগ আৰম্ভ কৰিব পাৰি। এই ক্ষেত্ৰসমূহে গ্ৰাম্য অঞ্চলত বিকল্প আয়ৰ উৎস সৃষ্টি কৰাৰ লগতে স্থানীয় বজাৰৰ চাহিদাও পূৰণ কৰিব পাৰে।

ৰেচম শিল্প অসমৰ এক গুৰুত্বপূৰ্ণ সম্ভাৱনাময় ক্ষেত্ৰ। মুগা, এৰি আৰু পাটৰ ৰেচমৰ সমৃদ্ধ ঐতিহ্যক আধুনিক পালন পদ্ধতি, প্ৰযুক্তি, ডিজাইন, প্ৰক্ৰিয়াকৰণ আৰু বজাৰ ব্যৱস্থাপনাৰ সৈতে সংযোগ কৰিব পাৰিলে ৰেচমভিত্তিক ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ গঢ়ি তোলাৰ যথেষ্ট সুযোগ আছে।

পশুপালন, দুগ্ধ আৰু হাঁহ-কুকুৰা পালনতো দক্ষ কৰ্মীৰ প্ৰয়োজন বৃদ্ধি পাইছে। ডেইৰী ফাৰ্ম টেকনিচিয়ান, লাইভষ্টক এছিষ্টেণ্ট আৰু পোল্ট্ৰী ফাৰ্ম টেকনিচিয়ানসকলে পশু খাদ্য, স্বাস্থ্য, উৎপাদন আৰু ফাৰ্ম ব্যৱস্থাপনাত সহায় কৰে। একেদৰে ফিছাৰিজ টেকনিচিয়ান আৰু হেচেৰী টেকনিচিয়ানসকলে মাছৰ পোনা উৎপাদন,পুখুৰী ব্যৱস্থাপনা আৰু জলজ কৃষিৰ উৎপাদনশীলতা বৃদ্ধিত ভূমিকা পালন কৰে।

মাটিৰ স্বাস্থ্যও আধুনিক কৃষিৰ এক গুৰুত্বপূৰ্ণ বিষয়। ছইল টেষ্টিং টেকনিচিয়ানসকলে মাটিৰ গুণাগুণ পৰীক্ষা কৰি উপযুক্ত সাৰ আৰু শস্য নিৰ্বাচনৰ ক্ষেত্ৰত কৃষকক সহায় কৰে। চীড প্ৰডাকশ্যন টেকনিচিয়ানসকলে উন্নতমানৰ বীজ উৎপাদন আৰু সংৰক্ষণৰ কাম কৰে। আনহাতে, ভাৰ্মিকম্পোষ্ট টেকনিচিয়ানসকলে জৈৱিক পদ্ধতিৰে মানসম্পন্ন সাৰ প্ৰস্তুত কৰাত সহায় কৰে। এই দক্ষতাসমূহৰ ওপৰত ভিত্তি কৰি মাটি পৰীক্ষা সেৱা, বীজ উৎপাদন বা জৈৱিক সাৰ প্ৰস্তুতকৰণৰ দৰে ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব পাৰি।

কৃষিৰ আন এটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈছে উৎপাদিত সামগ্ৰীৰ সংৰক্ষণ, প্ৰক্ৰিয়াকৰণ আৰু বজাৰ সংযোগ। উপযুক্ত সংৰক্ষণ আৰু প্ৰক্ৰিয়াকৰণৰ অভাৱত বহু কৃষিজাত সামগ্ৰী নষ্ট হয়। সেয়েহে ফুড প্ৰচেছিং টেকনিচিয়ান, কোল্ড ষ্ট’ৰেজ টেকনিচিয়ান আৰু এগ্ৰিকালচাৰেল মাৰ্কেটিং এছিষ্টেণ্টৰ দৰে বৃত্তিৰ গুৰুত্ব বৃদ্ধি পাইছে। ফলমূল, শাক-পাচলি, মাছ, মাংস আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্য সংযোজন কৰি বজাৰত উপস্থাপন কৰিলে কৃষকৰ আয় বৃদ্ধি কৰাৰ লগতে নতুন উদ্যোগ আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পাৰি। ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ ইউনিট, পেকেজিং কেন্দ্ৰ আৰু শীতল সংৰক্ষণ ব্যৱস্থা এই ক্ষেত্ৰৰ সম্ভাৱনাময় উদ্যোগ।

কৃষি আৰু সহযোগী খণ্ডৰ অন্যতম বিশেষ সুবিধা হ’ল—ইয়াত কেৱল চাকৰিৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। দক্ষতা আৰু ব্যৱসায়িক পৰিকল্পনা থাকিলে নিজাকৈ উদ্যোগ আৰম্ভ কৰাৰ যথেষ্ট সুযোগ আছে। জৈৱিক কৃষি, নাৰ্চাৰী, মৌপালন, হাঁহ-কুকুৰা পালন, মীন পালন, ৰেচম, খাদ্য প্ৰক্ৰিয়াকৰণ, কৃষি যন্ত্ৰপাতি ভাড়া সেৱা অথবা কৃষি-প্ৰযুক্তিগত পৰামৰ্শ সেৱা আদি ক্ষেত্ৰত উদ্যোগ গঢ়ি তুলিব পাৰি। অৱশ্যে সফল কৃষি-উদ্যোগীৰ বাবে কাৰিকৰী জ্ঞানৰ লগতে বজাৰ বিশ্লেষণ, গ্ৰাহকৰ প্ৰয়োজন বুজা, ডিজিটেল বিপণন, হিচাপ-নিকাচ , ব্যৱসায় পৰিচালনা আদিৰ দক্ষতাও প্ৰয়োজন।

কৃষি খণ্ডত সফল কেৰিয়াৰ গঢ়িবলৈ কেৱল একাডেমিক ডিগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰাটো প্ৰয়োজনীয় নহয়। বৰ্তমান সময়ত প্ৰশিক্ষণ, এপ্ৰেণ্টিছশ্বিপ, দক্ষতা বিকাশ কাৰ্যসূচী আৰু হাতে-কামে শিকাৰ সুযোগে কৃষিৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰত দক্ষতা অৰ্জনৰ পথ মুকলি কৰিছে। এনে ব্যৱস্থাই যুৱক-যুৱতীসকলক বাস্তৱ কৰ্মক্ষেত্ৰৰ অভিজ্ঞতা লাভ কৰাৰ লগতে কৃষি আৰু সহযোগী খণ্ডৰ প্ৰয়োজনীয় ব্যৱহাৰিক জ্ঞান আহৰণত সহায় কৰে। ফলস্বৰূপে পৰম্পৰাগত চাকৰিৰ বাহিৰেও কৃষি-উদ্যোগ, কৃষিভিত্তিক ব্যৱসায়, সেৱা খণ্ড আৰু স্ব-নিয়োগৰ জৰিয়তে এক সফল আৰু সন্মানজনক কেৰিয়াৰ গঢ়ি তোলাৰ বহুতো নতুন সম্ভাৱনা সৃষ্টি হৈছে।

কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত যুৱক-যুৱতীয়ে নিজৰ আগ্ৰহ, সামৰ্থ্য আৰু স্থানীয় সুযোগ বিবেচনা কৰা উচিত। কাৰোবাৰ বাবে কৃষি যন্ত্ৰপাতি আৰু মেৰামতিৰ ক্ষেত্ৰ উপযোগী হ’ব পাৰে, আন কাৰোবাৰ বাবে গ্ৰীণহাউচ, মীন পালন, খাদ্য প্ৰক্ৰিয়াকৰণ বা ডিজিটেল কৃষি অধিক আকৰ্ষণীয় হ’ব পাৰে। অভিজ্ঞতা আৰু উচ্চ শিক্ষাৰ জৰিয়তে পৰৱৰ্তী সময়ত প্ৰযুক্তিবিদ, পৰামৰ্শদাতা, গৱেষক, তত্ত্বাৱধায়ক বা পৰিচালক হিচাপেও কেৰিয়াৰ আগবঢ়াব পাৰি।

কৃষিৰ ভৱিষ্যৎ অধিক স্মাৰ্ট, তথ্য-চালিত আৰু বহনক্ষম হোৱাৰ দিশে আগবাঢ়িছে। কৃত্ৰিম বুদ্ধিমত্তা, ড্ৰ’ন, ৰিম’ট চেন্সিং, আইঅ’টি, ডিজিটেল কৃষি, জলবায়ু-স্থিতিস্থাপক কৃষি আৰু নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰে কৃষিৰ পৰম্পৰাগত পদ্ধতিত দ্ৰুত পৰিৱৰ্তন আনিছে। এই পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই নতুন প্ৰযুক্তি শিকিব পৰা দক্ষ কৰ্মী আৰু উদ্ভাৱনী চিন্তাধাৰাৰ উদ্যোগীৰ চাহিদা ভৱিষ্যতে আৰু বৃদ্ধি পাব।

সেয়েহে কৃষিক কেৱল পৰম্পৰাগত জীৱিকাৰ ক্ষেত্ৰ হিচাপে নেদেখি দক্ষতা, প্ৰযুক্তি, উদ্ভাৱন আৰু উদ্যোগীকৰণৰ এক বিস্তৃত কেৰিয়াৰ ক্ষেত্ৰ হিচাপে বিবেচনা কৰাৰ সময় আহি পৰিছে। বিশেষকৈ অসমৰ যুৱসমাজে স্থানীয় সম্পদ, পৰম্পৰাগত জ্ঞান আৰু আধুনিক প্ৰযুক্তিক একত্ৰিত কৰি কৃষি আৰু সহযোগী খণ্ডত নতুন কৰ্মসংস্থাপন আৰু উদ্যোগৰ সুযোগ সৃষ্টি কৰিব পাৰে। দক্ষতা অৰ্জন কৰি সঠিক দিশত আগবাঢ়িলে কৃষি কেৱল চাকৰিৰ পথ নহয়, বৰং আত্মনিয়োগ, উদ্যোগীকৰণ আৰু অৰ্থনৈতিক স্বাৱলম্বিতাৰ এক শক্তিশালী মাধ্যম হৈ উঠিব পাৰে।কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৩০)ত যোগাযোগ কৰিব পাৰে ।