পবিত্ৰ ভাদ মাহ আৰু ইয়াৰ আধ্যাত্মিকতা – ৰীমা গায়ন বৰা

Pc অসমীয়া ৱিকিপিডিয়া - Wikipedia

পবিত্ৰ ভাদ মাহ আৰু ইয়াৰ আধ্যাত্মিকতা

 ৰীমা গায়ন বৰা
নাওকটা, মৰিগাঁও

ভাদ মাহ অসমীয়া বৰ্ষপঞ্জী মতে পঞ্চম মাহ , পূৰ্ব ভাদ্ৰপদ নামৰ নক্ষত্ৰৰ পৰা এই ভাদ মাহৰ উৎপত্তি হৈছে । অসমীয়া সমাজত ভাদ মাহক পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয় । জনমানসত ভাদ মাহ পবিত্ৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকে । এই ভাদ মাহতেই দুজনা গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ তিৰোভাৱ তিথি আৰু ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয় । সেয়েহে ভাদ মাহক পবিত্ৰ মাহ আখ্যা দিয়া হয় । এই ভাদ মাহত সকলো ভক্তপ্ৰাণ ৰাইজৰ মনত বিশেষভাৱে এক আধ্যাত্মিকতাৰ ভাব জাগ্ৰত হয় । গাঁৱে -ভূঞেঁ , চহৰে -নগৰে , সত্ৰই – নামঘৰে হৰিনাম গুঞ্জৰিত হৈ থাকে । নামঘৰত চাৰি প্ৰসংগ নাম লোৱাৰ ব্যৱস্থা কৰা হয় ।

অসমৰ লোক সংস্কৃতিত ভাদ মাহৰ গুৰুত্ব অপৰিসীম । প্ৰত্যেকজন ভক্তপ্ৰাণ পুৰুষ – মহিলাই ঘৰ , মন্দিৰ , উপাসনাস্থলীত নাম -কীৰ্তন কৰি এক আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰে । ভাদ মাহৰ পহিলা দিনটোৰ পৰা সংক্ৰান্তিলৈকে  প্ৰতিটো নামঘৰতে পুৱাৰ পৰা ৰাতিলৈকে হৰিনামৰ মৌ বৰষে । মহিলাসকলে দিনত আৰু পুৰুষসকলে ৰাতি নাম -কীৰ্তন কৰে । কোনো কোনো ঠাইত পুৰুষ -মহিলা উভয়ে দিনে-ৰাতিয়ে চাৰি প্ৰসংগ নাম লয় ।

লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছিল – ” শঙ্কৰদেৱো আমাৰ , মাধৱদেৱো আমাৰ , বংশীগোপাল দেৱো আমাৰ , হৰিদেৱো আমাৰ । এওঁলোক আমাৰ বৰেণ্য , পূজ্য , শ্ৰেষ্ঠ , গৰিষ্ঠ , ‘ মহতোমহীয়ান ‘ । এওঁলোকক লৈয়েই আমি আজি ধনী । এওঁলোকৰ কৃপাত আমি ধৰ্ম , কৰ্ম , নীতি , সদাচাৰ , মনুষ্যত্ব আৰু আমাৰ সাহিত্য পাইছোঁ। এওঁলোকৰ আৱিৰ্ভাৱত অসমীয়া জাতিয়ে বিনাশৰ হাতৰ পৰা উদ্ধাৰ পালে , এতেকে এওঁলোকৰ চৰণত আমাৰ কোটি -কোটি প্ৰণাম ।”

ভাদ মাহত সকলো অসমীয়াৰ মনত এক গাম্ভীৰ্যপূৰ্ণ আধ্যাত্মিক চেতনাৰ ভাব জাগ্ৰত হয় । শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আদৰ্শক শিৰোগত কৰি প্ৰত্যেকজন অসমীয়াই আধ্যাত্মিকতাত ব্ৰতী হৈ শুদ্ধভাৱে , একমনে , একচিতে ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনত লীন হৈ পৰম সুখ -শান্তি লাভৰ মনোকামনা কৰে । এক শৰণ নাম ধৰ্মত বছৰটোৰ এই ভাদ মাহতেই সকলো একত্ৰিত হৈ হৰি ভকতিত লীন হৈ আত্মতুষ্টি লভে ।

ভৰ বাৰিষাৰ প্ৰৱল  বৃষ্টিপাত আৰু খেতি-পথাৰৰ কৃষি কৰ্মৰ পৰা মুক্ত হৈ ভাদ মাহৰ নিৰ্মল  , ফৰকাল বতৰত হৰি ভক্তিত একান্ত ভাৱে সকলো বিলীন হৈ পৰে । শঙ্কৰী কলা কৃষ্টি , ভাওনা  , সবাহেৰে সকলো ভকত -বৈষ্ণৱে হৰিনামৰ অমিয়া ৰস পান কৰে । আধ্যাত্মিকতাত নিজকে বিলীন কৰি এক সুন্দৰ ভক্তি মুখৰ পৰিবেশে বিৰাজ কৰে ।

দুজনা গুৰু শঙ্কৰদেৱ আৰু মাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰি দুজনা গুৰুৰ মহাপ্ৰয়াণৰ সোঁৱৰণ কৰা হয়।

অসমৰ বৰদোৱা , বৰপেটা সত্ৰকে আদি কৰি ঢেকীয়াখোৱা নামঘৰ , আঠখেলীয়া নামঘৰ আদি প্ৰসিদ্ধ নামঘৰ সমূহৰ লগতে গাঁৱে- ভূঞেঁ , চহৰে -নগৰে , ঠায়ে ঠায়ে থকা সৰু- বৰ নামঘৰ সমূহতো শৰাই এভাগ যাচি সকলোৱে কুশল , মঙ্গল , শান্তিৰ হ’কে আশীষ লয় ।

এই পবিত্ৰ ভাদ মাহতে ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত নন্দৰ ঘৰত কৃষ্ণ গোঁসাই উপজিছিল । এই আনন্দত নন্দোৎসৱ হিচাপে কৃষ্ণ জন্মাষ্টমী তিথি পালন কৰা হয় । জন্মাষ্টমীৰ ঠিক পাঁচদিন নাইবা সাতদিনৰ ভিতৰত পাচতি ভাওনা অনুষ্ঠিত কৰাৰ নিয়মো এই ভাদ মাহতে পালন কৰা হয় । কৃষ্ণ জন্মাষ্টমী উপলক্ষে আৰু দুজনা গুৰুৰ তিৰোভাৱ তিথিত ভাওনা পতাৰো আয়োজন কৰে । ইয়ো অসমীয়া জন -জীৱনত শঙ্কৰী কলা-কৃষ্টিৰ এক সুকীয়া বাৰ্তা বহন কৰে ।

বৰ্তমানৰ যান্ত্ৰিকতা ভৰা জীৱনৰ মাজত অলপমান সুৰুঙা উলিয়াই হ’লেও অসমীয়া জাতিৰ লোকসকলে ভাদ মাহ বুলি পবিত্ৰ তিথি কেইটাত হ’লেও আধ্যাত্মিকতাত লীন হৈ নামঘৰ , মন্দিৰত গৈ হৰিৰ গুণানুকীৰ্তন কৰে । ভগৱদ ভক্তিত খন্তেকৰ বাবে হ’লেও নিজকে বিলীন কৰি পৰম শান্তি লাভ কৰে ।

শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনা আৰু মাধৱদেৱ গুৰুজনাৰ মতে ঈশ্বৰক লাভ কৰিবলৈ যাগ -যজ্ঞ , পূজা -পাতল , বলি -বিধান , তপস্যা , তীৰ্থযাত্ৰা আদি কৰাৰ কোনো প্ৰয়োজন নাই । পবিত্ৰ অন্তৰেৰে ভক্তি কৰিলেও ঈশ্বৰৰ পৰম আশীষ লাভ কৰিব পাৰি । ভক্তি কৰিবলৈ জাত -পাত , উচ্চ -নীচ , ধনী -দুখীয়াৰো কোনো বিভেদ নাথাকে ।  সকলোৱে সমানে ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব পাৰে , নাম ধৰ্মত লিপ্ত হ’ব পাৰে । ইয়াৰ বাবে কেৱল আধ্যাত্মিক মনোভাৱৰহে প্ৰয়োজন । এই আধ্যাত্মিক ভাৱধাৰা জাগ্ৰত হোৱা বাবেই ভাদ মাহতেই হৰি নামৰ ধ্বনিয়ে চৌদিশ মুখৰিত কৰি ৰাখে । সকলোৰে মনলৈ পবিত্ৰতা কঢ়িয়াই আনে আৰু সকলো ভকত -বৈষ্ণৱে হৰিনাম কীৰ্তন, শ্ৰৱণ, স্মৰণৰ যোগেদি বৈকুণ্ঠত স্থান লাভ কৰে বুলি লোকবিশ্বাস আছে ।

পৌৰাণিক আখ্যান অনুসৰি ভাদ মাহৰ শুক্লা নৱমী তিথিত মহামুনি শুক দেৱে শাপগ্ৰস্ত পৰীক্ষিত ৰজাক সাত দিন ,সাত ৰাতি একেৰাহে ভাগৱত পাঠ কৰি শুনাইছিল । সেই বাবেও ভাদ মাহক পবিত্ৰ মাহ বুলি কোৱা হয় সেয়েহে গোটেই ভাদ মাহতেই নাম , প্ৰসংগ , কীৰ্তন কৰে । শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই জ্বলাই থৈ যোৱা ঢেকীয়াখোৱা বৰ নামঘৰৰ বন্তি গছি গুৰুজনাৰ ভক্তসকলে আজিও প্ৰজ্বলিত কৰি ৰাখিছে । এই বন্তি গছিৰ নাম ” অক্ষয় বন্তি ” ।

ভগৱান শ্ৰীকৃষ্ণৰ হৰিনাম সমূহ লৈয়েই গুৰুজনাই নৱবৈষ্ণৱ যুগৰ সূচনা কৰিছিল আৰু এক শৰণ নাম-ধৰ্ম প্ৰচাৰ -প্ৰসাৰ কৰিছিল । তেখেতৰ আদৰ্শ আগত ৰাখিয়েই বৰ্তমান যুগতো ভকত -বৈষ্ণৱে আধ্যাত্মিকতাৰ মনোভাৱেৰে এক শৰণ নাম-ধৰ্মত ব্ৰতী হৈ আছে । পবিত্ৰ ভাদ মাহ এই এক শৰণ নাম-ধৰ্মৰে প্ৰতীক স্বৰূপ হৈ যুগ -যুগ , বছৰ -বছৰ ধৰি অসমীয়া সমাজত বৰ্তি আছে আৰু ভৱিষ্যতেও প্ৰচাৰ -প্ৰসাৰ হৈয়েই থাকিব ।