তাতো এখন হৃদয় আছে – বনজিত দাস

Pc Pexels

তাতো এখন হৃদয় আছে

বনজিত দাস ,ৰিহাবাৰী, বজালী

তাতো এখন হৃদয় আছে
অনুভৱৰ ৰং হয়তো ৰক্তিম নহ’ব পাৰে
চকুৰে নেদেখিবও পাৰে
নীৰৱে সৰি যোৱা চকুলো
তথাপিও
বুকুৰ গভীৰত এখন অদৃশ্য সোঁত
তিক্ত হৃদয়ৰ কৰুণ ব্যাথা ।
এনেকৈ ঘটে এটা নীৰৱ সংঘাত ।
নুবুজাকৈ বিষাদ ৰূপ লয় তিক্ততাত
আন্ধাৰত জ্বলি উঠে
লেলিহান অদৃশ্য জিভা
জুইৰ ছাঁত জন্ম হয়
বৈষম্যবাদৰ এক বিষবৃক্ষ
সমাজ বিধংসী বিভেদকামী
শক্তিৰ অশুভ বীজ ।
আকৌ মানুহ
মানুহৰ পৰা আঁতৰি বহুত দূৰলৈ ।