মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মোতালেবক গ্ৰেপ্তাৰ আৰক্ষীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষীয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক ১ কোটি টকাৰ বিনিময়ত হত্যা কৰাৰ ভাবুকি দিয়া আব্দুল মোতালেবক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ পিছত মুখ্যমন্ত্রী ড° শর্মাই অসমবাসীক উদ্দেশ্যি ভাষণ ফেচবুকত লাইভ হোৱাৰ সময়তে আব্দুল মোতালেব নামৰ এজন ব্যক্তিয়ে নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে কোনোবাই ১ কোটি টকা দিলে মুখ্যমন্ত্রীক হত্যা কৰাৰ ভাবুকি দিয়াৰ লগতে নিজৰ ফোন নম্বৰ কমেণ্টযোগে ৰাজহুৱা কৰে। ইয়াৰ উপৰি একেটা কমেণ্টত পাকিস্তান জিন্দাবাদ বুলিও উল্লেখ কৰিছিল। ভাবুকি দিয়াৰ কিছু সময়ৰ পিছতে আব্দুল মোতালেবক আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হয়। মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মোতালেব মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত বৰালিমাৰী অঞ্চলৰ বাসিন্দা। তেওঁ পেছাত এজন দর্জী। লগে লগে ভূৰাগাঁও আৰক্ষীয়ে আব্দুল মোতালেবক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। আব্দুল মোতালেবৰ গ্ৰেপ্তাৰৰ পিছতে মৰিগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নিচান্ত সৌৰভ, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) কংকণজ্যোতি বৰা আৰু লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক অমৰজ্যোতি শইকীয়া ভূৰাগাঁও থানাত উপস্থিত হৈ মাৰাথন জেৰা চলায়।
