লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰে ।  দেশবাসীক সম্বোধন কৰি ‘বন্দে মাতৰম’ আৰু ত্ৰিৰংগাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “মোৰ প্ৰিয় দেশবাসী, আজি আমি আমাৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছো। আজি প্ৰতিগৰাকীৰ হৃদস্পন্দনতে ‘বন্দে মাতৰম’ ধ্বনি গুঞ্জৰিত হৈছে। আজি প্ৰতিখন ঘৰতে ত্ৰিৰংগা আৰু প্ৰতিখন হৃদয়তে ত্ৰিৰংগা উৰিছে। দেশখনে উৎসাহ আৰু উদ্যমেৰে, নতুন সংকল্পৰে আগবাঢ়িছে। আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ।”  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি কয়, “আজি দেশে সেই মহান সন্তানসকলক সুঁৱৰিছে, যিসকলে নিজৰ কঠোৰতা, নিষ্ঠা আৰু আত্মত্যাগৰ জৰিয়তে গোটেই জীৱন স্বাধীনতাৰ বাবে উৎসৰ্গা কৰিছিল। আজি মই পূজনীয় বাপুজীকে ধৰি সকলো স্বাধীনতা সংগ্ৰামীলৈ আৰু বলিদানৰ পৰম্পৰা জাগ্ৰত কৰা মহান বিপ্লৱীসকলৰ প্ৰতি মোৰ সন্মানজনক শ্ৰদ্ধাঞ্জলি জনাইছো।”প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “আজি সকলোৰে বাবে এক ঐতিহাসিক মুহূৰ্ত। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ১৫ আগষ্টত লালকিল্লাৰ পৰা প্ৰতিধ্বনিত হৈছে বন্দে মাতৰম। আজি দেশৰ জনসাধাৰণে বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপন কৰিছে, দেশবাসীৰ বাবে ইয়াতকৈ গৌৰৱৰ মুহূৰ্ত কি হ’ব পাৰে?  স্বাধীনতা দিৱসৰ ভাষণত ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্পৰ কথা তেওঁ পুনৰবাৰ ব্যক্ত কৰে। ১৪০ কোটি ভাৰতীয়ৰ শক্তি আৰু সংকল্পই এই বৃহৎ লক্ষ্য পূৰণৰ আধাৰ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে কয়, বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ ভাৰতে নিজকে এখন বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰাটো সমগ্ৰ বিশ্বৰ বাবে এক শক্তিশালী বাৰ্তা। এই লক্ষ্যৰ ফলত বিশ্বৰ দৃষ্টিত ভাৰতৰ ভাবমূৰ্তিও নতুন ৰূপত গঢ় লৈ উঠিছে।ভাষণত ভাৰতৰ শক্তি সুৰক্ষাৰ ওপৰতো প্ৰধানমন্ত্ৰী গৰাকীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, কৃত্ৰিম বুদ্ধিমত্তা (AI), ডাটা চেণ্টাৰ আৰু আধুনিক প্ৰযুক্তিৰ বিকাশৰ বাবে বিপুল পৰিমাণৰ বিদ্যুতৰ প্ৰয়োজন হ’ব। সেয়েহে শক্তি সুৰক্ষা এতিয়া বিশ্বৰ এক গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা। ভাৰত চৰকাৰে ক্ৰিটিকেল মিনাৰেলছ মিছন আৰম্ভ কৰাৰ লগতে এই ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ প্ৰচেষ্টা চলাইছে বুলি তেওঁ উল্লেখ কৰে। ছেমিকণ্ডাক্টৰ আৰু ক্ৰিটিকেল মিনাৰেলছৰ লগতে শক্তি খণ্ডতো ভাৰতে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পাৰমাণৱিক শক্তিক শক্তি সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে উল্লেখ কৰি মোদীয়ে কয় যে, ২০৪৭ চনৰ ভিতৰত ভাৰতত ১০০ গিগাৱাট পাৰমাণৱিক বিদ্যুৎ উৎপাদনৰ লক্ষ্য লোৱা হৈছে। লগতে পাঁচটা নতুন পাৰমাণৱিক ৰিয়েক্টৰ আৰম্ভ কৰাৰ লক্ষ্যৰ কথাও তেওঁ ঘোষণা কৰে। দেশৰ বিভিন্ন প্ৰান্তত বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে সংহতি প্ৰকাশ কৰে। তেওঁ কয় যে বিগত কেইদিনত অসম, কেৰালা, উত্তৰাখণ্ড আৰু নাগালেণ্ডকে ধৰি কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণ, আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত বহু লোক ক্ষতিগ্ৰস্ত হৈছে। চৰকাৰে তেওঁলোকৰ দুখ-কষ্ট সম্পূৰ্ণৰূপে উপলব্ধি কৰিছে আৰু সমগ্ৰ দেশ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আছে বুলি তেওঁ আশ্বাস দিয়ে। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে, বিগত ১০-১২ বছৰত দেশবাসীয়ে নিজৰ সামৰ্থ্য প্ৰমাণ কৰিছে আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত দেশ আগবাঢ়িছে। তেওঁৰ মতে, যিবোৰ কাম বিগত পাঁচ দশকতো সম্পূৰ্ণ হোৱা নাই, সেইবোৰ অহা ৫-৭ বছৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈ আগবাঢ়িব লাগিব। ভাৰতৰ সাগৰীয় সম্পদ আৰু ছীফুড খণ্ডতো বিশ্ববজাৰত দেশৰ বাবে বৃহৎ সম্ভাৱনা আছে বুলি তেওঁ উল্লেখ কৰে। আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে, পেট্ৰ’ল, ডিজেল, সাৰ, ঔষধ আৰু প্ৰযুক্তিৰ দৰে গুৰুত্বপূৰ্ণ সম্পদক কেতিয়াবা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। এনে পৰিস্থিতিত আত্মনিৰ্ভৰতাৰ মন্ত্ৰ গ্ৰহণ নকৰিলে ভাৰতে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’লহেঁতেন বুলি তেওঁ উল্লেখ কৰে।  নক্সালবাদ-মাওবাদে দেশৰ বহু পৰিয়াল ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, চাৰি দশক ধৰি এই হিংসাত্মক মতাদৰ্শই দেশৰ বৃহৎ অংশৰ জনসাধাৰণক প্ৰভাৱিত কৰিছিল। ২০১৪ চনৰ পিছত চৰকাৰে নক্সালবাদ নিৰ্মূল কৰাৰ সংকল্প লৈছিল আৰু এতিয়া সেই লক্ষ্যৰ দিশত দেশ আগবাঢ়িছে বুলি তেওঁ দাবী কৰে। তেওঁ লগতে কয় যে, অস্ত্ৰধাৰী নক্সালবাদৰ প্ৰভাৱ কমিছে যদিও একাংশ লোক এতিয়াও দেশক হিংসাৰ দিশে ঠেলিবলৈ চেষ্টা কৰি আছে। তেওঁলোকক চিনাক্ত কৰি পৃথক কৰাটো সুৰক্ষিত ভাৰত গঢ়াৰ বাবে প্ৰয়োজনীয় বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।