কমনৱেলথ গেমছত ৰূপৰ পদক জয়ী লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জ্ঞাপন মুখ্যমন্ত্ৰীৰ

কমনৱেলথ গেমছত ৰূপৰ পদক জয়ী লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জ্ঞাপন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   গ্লাছগ’ কমনৱেলথ গেমছত বক্সিঙৰ ৭৫ কিলোগ্রাম শাখাত ৰূপৰ পদক অর্জন কৰি দেশ তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁইক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এক অনুষ্ঠানত কমনৱেলথ গেমছত প্ৰদৰ্শন কৰা উল্লেখযোগ্য সফলতাৰ বাবে মুখ্যমন্ত্রীয়ে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লাভলীনা বৰগোহাঁইক ৩০ লাখ টকাৰ চেক প্রদান কৰে ।

সম্বৰ্ধনা জ্ঞাপন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্রীড়া মঞ্চত লাভলীনাই প্ৰদৰ্শন কৰা অসাধাৰণ ক্রীড়া নৈপুণ্য আৰু দৃঢ় মনোবলৰ শলাগ লয়।  আনহাতে, লাভলীনাৰ এই সাফল্য দেশ তথা অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এক গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয়- লাভলীনাৰ ধাৰাবাহিক সাফল্যই ৰাজ্যৰ যুৱপ্ৰজন্মক ক্রীড়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ অনুপ্রাণিত কৰিছে। কঠোৰ পৰিশ্ৰম, অধ্যৱসায়, আত্মবিশ্বাসেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অর্জন কৰা লাভলীনা অসমৰ যুৱ ক্রীড়াবিদসকলৰ বাবে এক আদর্শ।

আগন্তুক দিনতো লাভলীনাই বক্সিং ৰিঙত দর্শনীয় প্রদর্শন অব্যাহত ৰাখি দেশৰ বাবে অধিক সম্মান কঢ়িয়াই আনিব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে। লাভলীনা বৰগোহাঁয়ে মুখ্যমন্ত্ৰীক কমনৱেলথ গেমছৰ স্মাৰক হিচাপে ভাৰতীয় দলৰ দুটা জাৰ্জী উপহাৰ স্বৰূপে প্রদান কৰে। এই সম্বর্ধনা কার্যসূচীত ক্রীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰী, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ড° কে কে দ্বিবেদী আৰু ক্রীড়া বিভাগৰ বিশেষ সচিব কে জে হিলালী উপস্থিত থাকে।