দুই মন্ত্ৰীৰে বৈঠকৰ অন্তত পথ-অর্থনৈতিক অৱৰোধ সাময়িকভাৱে প্ৰত্যাহাৰ টিএমপিকেৰ

দুই মন্ত্ৰীৰে বৈঠকৰ অন্তত পথ-অর্থনৈতিক অৱৰোধ সাময়িকভাৱে প্ৰত্যাহাৰ টিএমপিকেৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে টাকাম মিচিং পৰিণ কৌবাং (টিএমপিকে)ৰ অৰ্থনৈতিক আৰু পথ অৱৰোধৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত । অসম-অৰুণাচল সীমান্তত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছতে সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰিছিল । বিগত দুদিন ধৰি অসম অৰুণাচল সীমান্তত উত্তেজনা অব্যাহত আছিল । বুধবাৰৰ পৰা বিশ্বনাথ, লখিমপুৰকে সীমান্তৰ বিভিন্ন অঞ্চলত সংগঠনটোৱে অৰ্থনৈতিক অৱৰোধ অব্যাহত ৰাখিছিল । বিশ্বনাথ জিলাৰ গহপুৰৰ ৰাজগড়স্থিত অসম-অৰুণাচল সীমান্তৰ প্ৰৱেশদ্বাৰত বৃহস্পতিবাৰে পুৱাৰে পৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । একেদৰে লখিমপুৰৰো ৪ টা স্থানত টিএমপিকেৰ নেতৃত্বত অৰ্থনৈতিক অৱৰোধ অব্যাহত আছিল । অসম চৰকাৰ আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিনিধি দলৰ সৈতে অনুষ্ঠিত ধাৰাবাহিক আৰু ফলপ্রসূ আলোচনাৰ অন্তত ছাত্র সংগঠনটোৱে এই সিদ্ধান্ত গ্রহণ কৰে। উল্লেখ্য যে ধেমাজি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অসম চৰকাৰৰ সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰা আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। সংগঠনটোৰ দাবীসমূহ পূৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতে সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখাৰ ঘোষণা কৰে । সংগঠনটোৰ ৩ টা মূল দাবী হৈছে । ৪৮ ঘণ্টাৰ ভিতৰত ঘটনাৰে জড়িত মূল অভিযুক্তক গ্রেপ্তাৰ কৰা, কোনো ব্যক্তি বা গোটে আগ্নেয়াস্ত্র লৈ আলোচনাত অংশ ল’ব নোৱাৰিব আৰু অসম-অৰুণাচল সীমা বিবাদৰ শান্তিপূৰ্ণ আৰু স্থায়ী সমাধান । আনহাতে শান্তিপূৰ্ণ আলোচনাৰ বাবে অতি শীঘ্রে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰাৰ লগতে সীমামূৰীয়া অঞ্চলসমূহত স্থায়ী শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবেও টিএমপিকেৰ নেতৃত্বত কেইবাটাও সংগঠনে দাবী জনায় । বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সংঘাত সন্দর্ভত দুয়োগৰাকী মন্ত্ৰীয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰাৰ লগতে সংঘাতজৰ্জৰ অঞ্চলটোত কিদৰে শান্তি-শৃংখলা ঘূৰাই আনিব পাৰি, তাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰে। এই সন্দৰ্ভত মন্ত্রী তথা স্থানীয় বিধায়ক ডাঃ পেগুৱে কয় যে অসম চৰকাৰে মিংমাং বদতিৰ গুলীচালনাৰ ঘটনা আৰু দুয়োখন ৰাজ্যৰ সীমা সমস্যা সন্দৰ্ভত অৰুণাচল চৰকাৰৰ লগত মুখ্য সচিবৰ লগতে মুখ্যমন্ত্রী পর্যায়তো আলোচনা কৰিব। এই সমস্যাটোরে যাতে এটা ন্যায়সংগত লক্ষ্য প্রাপ্তিৰ দিশলৈ আগবাঢ়ে, তাৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিব। অৰুণাচলৰ লোক আৰু অসমীয়া লোকৰ মাজত হোৱা সংঘাতৰ ফলত যিসকল লোক আঘাতপ্রাপ্ত হৈছে, তেওঁলোকৰ সমস্ত চিকিৎসা ব্যয় চৰকাৰে বহন কৰিব। ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়কে ধৰি অন্যান্য চিকিৎসালয়লৈ নিয়া আঘাতপ্রাপ্তসকলৰ অনা-নিয়াৰ খৰচো চৰকাৰে বহন কৰিব। তাৰ উপৰি চৰকাৰে ভুক্তভোগীসকলৰ ক্ষতিপূৰণো প্রদান কৰিব। মন্ত্রী ডাঃ পেগুৱে আৰু কয় যে মিংমাং বদতিৰ গুলীচালনাৰ ঘটনা সীমান্তত বিবদমান অঞ্চলত সংঘটিত হোৱা নাই। ঘটনাটো ঘটিছে অসমৰ ভিতৰতে, অসমৰ মাটিত। অসম আৰক্ষীয়ে গুলীচালনাৰ ঘটনাৰ লগত জড়িত ৪জন ব্যক্তিৰ নাম অৰুণাচল আৰক্ষীক দিছে আৰু তেওঁলোকক হস্তান্তৰ কৰিব লাগে বুলি আৰক্ষীয়ে কৈছে। অসম আৰক্ষীয়ে এই লৈ এটা গোচৰ পঞ্জীয়ন কৰিছে। অৰণাচলৰ চাৰিজন লোকৰ কাৰণে ৰাজ্যখন জগৰীয়া হ’ব নোৱাৰে বুলিও মন্ত্রী ডাঃ পেগুৱে মন্তব্য কৰে। ইফালে আলোচনাৰ অন্তত সীমান্ত উন্নয়ন মন্ত্রী অতুল বৰায়ো সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে মিংমাং বদতিৰ ঘটনা সীমা সমস্যাৰ লগত একলগ কৰিব নোৱাৰি। এইটো এটা আইন-শৃংখলাজনিত সমস্যা। আইন-শৃংখলাজনিত সমস্যা আমাৰ মাটিত হৈছে। এই সমস্যাটো অসম আৰক্ষীয়ে সমাধান কৰিব। আনহাতে অৰুণাচলৰ লগতে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যসমূহৰ লগত হোৱা সীমা সমস্যা কংগ্ৰেছে সৃষ্টি কৰা সমস্যা বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই। তেওঁ কয় যে ৰাজ্যৰ সৃষ্টি কৰোঁতে যদি কংগ্ৰেছে সীমা নির্ধাৰণ ঠিকমতে কৰিলেহেঁতেন আজি এই সমস্যাৰ সৃষ্টি নহ’লহেঁতেন। সীমান্তৰ সমস্যা সমাধান নোহোৱা কাৰণে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। উন্নয়ন স্থবিৰ হৈছে, আমি উন্নতি বিচাৰোঁ। প্রগতি বিচাৰোঁ। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অহা দিনবিলাকত চুবুৰীয়া ৰাজ্যবোৰৰ সৈতে সীমা সমস্যা সমাধান হ’ব। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে নামচাইৰ ডিক্লিয়াৰেচনতেই অসম-অৰুণাচলৰ সীমা সমস্যাৰ বহু বিবদমান সমস্যা সমাধান হৈছে। দুয়োখন ৰাজ্যৰ মাজত যৌথ কমিটী গঠন হৈছে। অৰুণাচলৰ ১২খন জিলা অসমৰ লগত আছে। তেওঁলোকৰ লগত সীমা সমস্যাক লৈ আলোচনা চলি আছে। নির্বাচনৰ বাবে মাজতে আলোচনা স্থবিৰ হৈছিল। এতিয়া নতুনকৈ আলোচনা প্রক্রিয়া আৰম্ভ হৈছে। নামচাই ডিক্লিয়াৰেচনৰ পাছত স্থানীয় লোকৰ লগত আলোচনা কৰি সীমান্ত ঠিক কৰাৰ সিদ্ধান্ত লোৱা হৈছে। কেৱল ৫২খন গাঁৱৰ লগত সীমা ঠিক কৰিবলৈ আছে। মিংমাং বদতিৰ ঘটনাটো অসমৰ মাটিত হোৱা বাবে আৰক্ষীয়ে গোচৰ লৈছিল। ঘটনাটো অসম আৰক্ষীয়ে সমাধান কৰিব।ধেমাজি জিলা সংহত আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত মন্ত্ৰী দুগৰাকীৰ লগতে জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰ, চিচিবৰগাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু টিএমপিকে, আটাছু, অসম জাতীয়বাদী যুৱ পৰিষদকে ধৰি কেইবাটাও দল-সংগঠনৰ নেতা উপস্থিত থাকে ।