ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত ‘প্ৰিঞ্চিপালছ লাষ্ট ক্লাছ ৩.০’ শীৰ্ষক বক্তৃতামালা সম্পন্ন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় হনুমান বক্স সূজমল কানৈ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ড° হানিফা ৰহমান, মনোবিজ্ঞান বিভাগৰ অধ্যাপিকা উপাসনা দত্ত আৰু সমাজতত্ত্ব বিভাগৰ অধ্যাপিকা সুজাতা সোণোৱালৰ উদ্যোগত অনুষ্ঠিত হোৱা ‘প্ৰিঞ্চিপালছ লাষ্ট ক্লাছ-৩.০’ উদ্বোধন কৰি বিশিষ্ট কবি, সাহিত্যিক তথা মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱৰ্জিৎ শইকীয়াই এইদৰে কয় যে মানুহে কৰ্মৰ জৰিয়তে সমাজৰ ধাৰ পৰিশোধ কৰিব লাগিব। অধ্যক্ষ ড° শশীকান্ত শইকীয়াই প্ৰিঞ্চিপালছ লাষ্ট ক্লাছৰ জৰিয়তে এনে এক চানেকি থৈ যাব যি ভবিষ্যতে এক দলিল হৈ ৰ’ব। অধ্যক্ষগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয়— মগজুৰ কোষবোৰক যিমানেই কামত লগোৱা হয়, সিমানেই কোষবোৰ শক্তিশালী হয়। যিমানেই এলাহ কৰি কাম কৰাৰ পৰা আতৰ হয়, সিমানেই মগজুৰ কোষবোৰ শুকাই যায়। অধ্যক্ষগৰাকীয়ে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ নেতৃত্বত মহাবিদ্যালয়খনে যি এক নিয়মানুৱৰ্তীতাৰ মাজেৰে আগুৱাই গৈছে তাক ভূয়সী প্ৰশংসা কৰাৰ লগতে অধ্যক্ষ ড° শশীকান্ত শইকীয়াই মাজুলী মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে কৰ্মৰত হৈ থকা সময়ছোৱাত মহাবিদ্যালয়খনত কৰা উন্নয়নৰ কথাও উল্লেখ কৰে। শেষত এটি সুন্দৰ কবিতাই অধ্যক্ষগৰাকীয়ে তেখেতৰ সাৰলীল বক্তব্য সামৰণি মাৰে। অধ্যাপিকা সুজাতা সোণোৱালে আঁত ধৰা অনুষ্ঠানটিত ‘প্ৰিঞ্চিপালছ লাষ্ট ক্লাছ-৩.০’ বক্তৃতামালাত ‘বুকুৰ মাজত জীয়াই থকা এজন পিতৃৰ অপ্ৰকাশিত মমতা’- শীৰ্ষক বিষয়ত অধ্যক্ষ ড° শশীকান্ত শইকীয়াই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় বোধহয় পিতৃসকল এনেকুৱাই। পিতৃয়ে সন্তানক মাকৰ দৰে কোলাত লৈ মুখত চুমা খাই মৰম দেখুৱাব নোৱাৰে। পিতৃৰ মৰমবোৰ লুকুৱাই থোৱা থাকে অনুশাসনৰ টান চামৰাৰ আঁৰত, গালি-গালাজৰ পিছফালে আৰু নিৰৱে কৰি যোৱা কষ্টবোৰৰ মাজত। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কানৈ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য ননীমাধৱ বৰকটকীয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত পৰিবেশন কৰে। বৰকটকীয়ে অধ্যক্ষ ড° শশীকান্ত শইকীয়াৰ কৰ্মৰাজিক ভূয়সী প্ৰশংসা কৰি কয়— অধ্যক্ষগৰাকীৰ নেতৃত্বতে কানৈ মহাবিদ্যালয়ে উন্নতিৰ উচ্চ শিখৰত আগুৱাই যাবলৈ সক্ষম হৈছে। উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ পৰা আহি কানৈ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ সুভম সুত্ৰধৰে অধ্যক্ষগৰাকীক প্ৰশংসা কৰি এক সুন্দৰ বক্তব্য প্ৰদান কৰে আৰু অধ্যক্ষগৰাকীয়ে ছাত্ৰজনৰ বক্তব্যত আপ্লুত হৈ ছাত্ৰজনক নগদ পাঁচ টকাৰ লগতে এখন মানপত্ৰ প্ৰদান কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মহাবিদ্যালয়ৰ ভালেসংখ্যক অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। শেষত শলাগ জ্ঞাপন কৰে অধ্যাপিকা উপাসনা দত্তই।
