মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লুটৰ চেষ্টা

Pc विकिपीडिया

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লুটৰ চেষ্টা

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ভুৱা চেক আৰু চহী জালিয়াতি কৰি ধন লুণ্ঠনৰ চেষ্টা চলোৱা হৈছিল। এই প্ৰৱঞ্চনা চক্ৰটোৱে ২০২৪ বৰ্ষত জালিয়াতিৰ চেষ্টা চলাইছিল। শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখা (চিএম ভিজিলেঞ্চ)-য়ে ৫ জন অভিযুক্তক পলাতক ঘোষণা কৰি তেওঁলোকৰ বিৰুদ্ধে লুকআউট ন’টিচ জাৰি কৰিছে। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন লুণ্ঠনৰ লক্ষ্যৰে চহী জাল কৰি কেইবাখনো বেংকৰ চেক প্রদান কৰা হৈছিল। এই লুণ্ঠন প্রক্রিয়াত জড়িত আছে ৰাকেশ কুমাৰ সিং, শিৱানী কুমাৰী ললী ৰাউত, নু দেৱী, স্বপন পুৰকেইট আৰু বিজু কুমাৰ বউনাৰ। উল্লেখ্য যে ২০২৪ চনতে সংঘটিত এই জালিয়াতিৰ তথ্য পোহৰলৈ অহাৰ পাছতে ৫ অভিযুক্তক গ্রেপ্তাৰৰ বাবে আৰক্ষীয়ে অভিযান চলাইছিল যদিও অভিযুক্তকেইজনে পলাবলৈ সক্ষম হয়। চিএম ভিজিলেঞ্চে এই সন্দর্ভত ৭/২০২৪ নম্বৰৰ এটা গোচৰ ৰুজু কৰি পলাতক পাঁচোজনৰ বিৰুদ্ধে লুকআউট ন’টিচ জাৰি কৰিছে। উল্লেখ্য যে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত ৰাকেশ কুমাৰৰ নেতৃত্বত জালিয়াতিৰে বিভিন্ন ধৰণে ধন সৰকাইছিল এই চক্রটোৱে। আনকি মণিপুৰ চৰকাৰৰ একাউণ্টৰ পৰাও জালিয়াতিৰে ধন লুটি নিছিল এই চক্রটোবে। ইয়াৰ পূর্বে ধন লুটৰ চেষ্টা কৰি গ্ৰেপ্তাৰ হৈছিল বাকেশ কুমাব সিং। পরবর্তী সময়ত জামিন লাভ কবি পুনৰ সক্রিয় হৈ পৰা বাকেশ কুমাৰ সিঙে ২০২৪ চনত মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা ভুৱা চহীৰে ধন লুণ্ঠনৰ চেষ্টা চলায়। সম্প্রতি পলাতক অৱস্থাত থকা এই চক্রটোৰ বিৰুদ্ধে দেশৰ কেইবাখনো ৰাজ্যৰ আৰক্ষীক সবিশেষ তথ্য প্রদান কৰিছে অসম আৰক্ষীয়ে।