প্ৰতীক্ষাৰ উপকথা – নাচিমা য়াচমিন

Pc Magnific

প্ৰতীক্ষাৰ উপকথা

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

পৃথিৱীৰ  কোলাহলৰ মাজতো
 কিছুমান  হৃদয় থাকে যি
নিঃশব্দ !
তেওঁলোকৰ কোনো অভিযোগ নাথাকে,
 নাথাকে কোনো উচ্চাৰিত অভিমান।
তেওঁলোকে কেৱল অপেক্ষা কৰে—
এটি ক্ষণৰ, এটি হাঁহিৰ, এটি উষ্ণ সম্বোধনৰ।
সময়ৰ সোঁত বয়, ঋতুবোৰ সলনি হয়,
ঠিক তেনেদৰে মানুহো সলনি হয়,
 কিন্তু তেওঁলোকৰ অন্তৰত এটি নাম
 নীৰৱে জীয়াই থাকে।
বহুতে তেওঁলোকক দুৰ্বল ভাবে,
 কিন্তু তেওঁলোকে জানে—
ভালপোৱা কেতিয়াও দুৰ্বলতা নহয়,
 ই এক গভীৰ সাহস,
য’ত বিনিময়ৰ আশা নাথাকে।