স্বাধীনতাৰ ওপৰত সম্যক আলোচনা
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
বিগত কেইদশক ধৰি ভাৰতত প্ৰতি বছৰে ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰি আহিছে। যাৰ মূল কাৰণ ১৯৪৭ চনৰ এই বিশেষ দিনটোতে আমাৰ দেশে প্ৰায় ২০০ বছৰীয়া ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈ স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। এই দিনটোতে দেশৰ বাবে প্ৰাণ আহুতি দিয়া মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগৎ সিং, কনকলতা, কুশল কোঁৱৰকে ধৰি হেজাৰ হেজাৰ স্বাধীনতা সংগ্ৰামী আৰু শ্বহীদৰ অসীম ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । ইয়াৰ উপৰিও, স্বাধীনতা দিৱসে বিভিন্ন ভাষা আৰু সংস্কৃতিৰ দেশবাসীক একতাৰ এনাজৰীৰে বান্ধি ৰাখি জাতীয় গৌৰৱবোধ জাগ্ৰত কৰে আৰু একে সময়তে দেশৰ গণতন্ত্ৰ, অখণ্ডতা আৰু প্ৰগতি সুৰক্ষিত ৰখাৰ বাবে প্ৰতিজন নাগৰিকক নিজৰ দায়িত্ববোধ সোঁৱৰাই দিয়ে। স্বাধীনতাৰ সংজ্ঞা আমি এনেকৈ লিখিত ৰূপত পঢ়িবলৈ পাওঁ। কিন্তু লিখিত ৰূপত পোৱা কথাখিনি বাস্তৱ ক্ষেত্ৰতো বাৰু প্ৰযোজ্য নে…?
প্ৰথমতে আমি সাৰ্বভৌম ৰাষ্ট্ৰৰ বিষয়ে যদি কওঁ তেন্তে সাৰ্বভৌম ৰাষ্ট্ৰ হ’ল এনে এক স্বতন্ত্ৰ আৰু স্বাধীন ভৌগোলিক অঞ্চল, যাৰ এটা নিৰ্দষ্ট ভূখণ্ড, স্থায়ী জনসংখ্যা, এটা কাৰ্যক্ষম চৰকাৰ আৰু সম্পূৰ্ণ সৰ্বোচ্চ ক্ষমতা থাকে। আৰু সাৰ্বভৌমত্বই ৰাষ্ট্ৰখনৰ দুই ধৰণৰ স্বাতন্ত্ৰ্যক বুজায় -১/আভ্যন্তৰীণ সাৰ্বভৌমত্ব ,২/ বাহ্যিক সাৰ্বভৌমত্ব।
ৰাষ্ট্ৰখনে নিজৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত যিকোনো আইন প্ৰণয়ন আৰু প্ৰয়োগ কৰিব পাৰে, আৰু ইয়াৰ নাগৰিক বা অনুষ্ঠানে এই আইন মানি চলিবলৈ বাধ্য। দেশৰ ভিতৰত চৰকাৰৰ ওপৰত আন কোনো উৰ্ধতন কৰ্তৃত্ব নাথাকে।
ৰাষ্ট্ৰখন সম্পূৰ্ণৰূপে বিদেশী শক্তি বা কোনো বিদেশী চৰকাৰৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত। ই আন কোনো দেশৰ অধীনস্থ নহৈ স্বতন্ত্ৰভাৱে নিজৰ বৈদেশিয় নীতি নিৰ্ধাৰণ কৰিব পাৰে, আন্তঃৰাষ্ট্ৰীয় চুক্তি চহী কৰিব পাৰে আৰু অন্যান্য স্বাধীন ৰাষ্ট্ৰৰ সৈতে সমমৰ্যাদাৰে সম্পৰ্ক ৰক্ষা কৰিব পাৰে।
সাৰ্ভভৌম ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সঁচাই শলাগল’বলগীয়া নে…? নিৰ্দিষ্ট এটা গোষ্ঠীৰ সুবিধাৰ বাবে প্ৰণয়ন কৰা আইন সাধাৰণ ৰাইজে মানি চলিবলৈ বাধ্য। কাৰণ স্বাধীন ভাৰত এখন সাৰ্ভভৌম ৰাষ্ট্ৰ ইয়াৰ যিকোনো আইন প্ৰনয়ণ কৰাৰ ক্ষমতা আছে। লাগিলে সেয়া বিমুদ্ৰাকৰণ ,সামগ্ৰী আৰু সেৱা কৰ আইন (GST),নাগৰিকত্ব সংশোধন আইন (CAA),কৃষি আইন হওক। এইবোৰৰ পৰা জনসাধাৰণে পোৱাৰ সলনি ভুগান্তৰ হে হৈছে।
সমালোচকসকললৰ মতে অন্যন্য স্বাধীন ৰাষ্ট্ৰৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ পৰিৱৰ্তে কোনো এক নিৰ্দিষ্ট ৰাষ্ট্ৰক সুখী কৰাৰ উদ্দেশ্যে লোৱা কিছুমান সিদ্ধান্তৰ ফল সাধাৰণ ভাৰতীয়ই ভুগিব লাগে । হওক সেয়া ইন্ধন গেছৰ নাটনি, খনিজ তেলৰ নাটনি,কিংবা কোনো সাধাৰণ সামগ্ৰীৰ নাটনি নতুবা অত্যধিক হাৰৰ কৰ ব্যৱস্থা।
লিখিত ৰূপত হওক বা স্কুলীয় সময়ৰ কোনো মঞ্চৰ ভাষণ হওক বা স্বাধীনতা দিৱসৰ দিনা প্ৰধান শিক্ষকে দিয়া ভাষণ হওক সিহঁতৰ মতে- গণতন্ত্ৰ হৈছে শাসনৰ এনে এখন ব্যৱস্থা য’ত ৰাষ্ট্ৰৰ চূড়ান্ত ক্ষমতা জনগণৰ হাতত থাকে, যাক আব্ৰাহাম লিংকনে “ৰাইজৰ দ্বাৰা , ৰইজৰ বাবে, ৰাইজৰ চৰকাৰ” বুলি সংজ্ঞায়িত কৰিছিল। ইয়াত নিৰ্দিষ্ট সময়ৰ অন্তৰালত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনৰ জৰিয়তে জনগণে নিজৰ প্ৰতিনিধি বাছি লয় আৰু মতামত প্ৰকাশ, ভাষণ, ধৰ্মাচৰণৰ স্বাধীনতাৰ লগতে আইনৰ শাসন আৰু স্বাধীন ন্যায়পালিকা নিশ্চিত কৰা হয়। সাধাৰণতে প্ৰত্যক্ষ আৰু প্ৰতিনিধিত্বমূলক—এই দুই প্ৰকাৰৰ গণতন্ত্ৰ দেখা যায়, য’ত ভাৰতৰ দৰে দেশত প্ৰতিনিধিত্বমূলক ব্যৱস্থা প্ৰচলিত। এই ব্যৱস্থাই চৰ্কাৰক জবাবদিহি কৰি ৰখাৰ উপৰিও শান্তিপূৰ্ণভাৱে ক্ষমতা সলনি কৰাৰ সুযোগ দিয়ে।
কিন্তু বাস্তৱিক ৰূপত লক্ষ্য কৰিলে দেখা যায় চৰকাৰক প্ৰশ্ন কৰিলে, জবাবদিহি কৰিলে , চৰকাৰৰ কোনো কামক সমালোচনা কৰিলে বৰ্তমান সময়ত দেশদ্ৰোহী উপাধি ল’ব লাগে নহ’লে কাৰাবাস জীৱন কটাবলগীয়া হয়। গণতান্ত্ৰিক দেশ এখনত যদি প্ৰশ্ন উত্থাপন কৰাৰ কাৰণে নৱপ্ৰজন্মৰ সকলো দেশদ্ৰোহী খিতাপ অৰ্জন কৰিব লগ হয় তেন্তে কিতাপৰ বাহিৰত বাস্তৱত ক’ত গণতন্ত্ৰ…? নে মাথোঁ গণতন্ত্ৰৰ সংজ্ঞাটো মাত্ৰ মুখস্থ কৰি ৰখাতেই সীমাবদ্ধ।
ইয়াত স্বাধীনতা কোনখিনি….?
ভাৰতত বিভন্ন ভাষা, সংস্কৃতিৰ সমন্বয় সেতু বুলি বিবেচনা কৰা হয়। যদিও ভাৰত ভিন্ন ধৰ্মৰ মিলনভূমি বুলিও প্ৰচাৰিত। কিন্তু ভাৰতত ধৰ্মৰ নামত বেছিকৈ অত্যাচাৰ, অবিচাৰ আৰু অন্যায় হৈ থকা পৰিলক্ষিত হয়।
যিখন স্বাধীন ভাৰতত সকলোৰে নিজৰ পছন্দমতে যিকোনো ধৰ্মগ্ৰহণ কৰাৰ, ধৰ্ম প্ৰচাৰ কৰাৰ আৰু উপাসনা কৰাৰ অধিকাৰ প্ৰদান কৰে তেনে দেশত নিৰ্দিষ্ট এক ধৰ্মৰ বাদে সকলো ধৰ্মক অপমান কৰা ধৰ্মীয় কাম কাজত বাধা আৰোপ কৰা এইয়াই নেকি স্বাধীনতা…..?
V-Dem (Varieties of Democracy) প্ৰতিবেদনত ভাৰতৰ স্বাধীনতা (বিশেষকৈ নাগৰিক আৰু ৰাজনৈতিক স্বাধীনতা) হ্ৰাস পোৱা বুলি কোৱা হৈছে। এই প্ৰতিবেদন অনুসৰি, ভাৰতক এতিয়া সম্পূৰ্ণ গণতান্ত্ৰিক দেশৰ পৰিৱর্তে নিৰ্বাচনী স্বৈৰাচাৰী (Electoral Autocracy) হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। আৰু Economist Democracy Index-এও ইয়াক ‘ত্রুটিপূর্ণ গণতন্ত্র’ বুলি গণ্য কৰিছে। সংবাদ মাধ্যমৰ স্বাধীনতাৰ অৱস্থা তাতোকৈ শোচনীয়—ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ্ছৰ সূচকত ১৮০খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১৫৭।
ভি-ডেম প্ৰতিবেদনে স্পষ্টভাৱে উল্লেখ কৰিছে যে হিন্দু জাতীয়তাবাদী মতাদর্শৰ বাবে গণতান্ত্রিক প্রতিষ্ঠানসমূহৰ স্বাধীনতা বিপন্ন হৈছে। নিৰ্বাচন আয়োগক লৈ বিতৰ্কও উঠিছে—‘বিশেষ পুনৰীক্ষণ’ (SIR) প্ৰক্ৰিয়াত বহু ভোটাৰৰ নাম আঁতৰোৱাৰ অভিযোগ আছে। বিৰোধী দলসমূহে নিৰ্বাচনী তালিকা পৰিষ্কাৰ কৰি নিৰ্বাচনক প্ৰভাৱিত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে।
ইমানখিনিৰ পিছতো আমি স্বাধীনতা দিৱস ধুমধামেৰে উদযাপন কৰিব। স্বদেশপ্ৰেমমূলক গীতেৰ, দেশপ্ৰেমমূলক কবিতাৰে, জাতীয় পতাকাক সন্মান প্ৰদৰ্শন কৰি , দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া মহান ব্যক্তি সকলক স্মৰণ কৰিব আন্তৰিকতাৰে।
কিন্তু যি স্বাধনতাৰ বাবে শক্তিশালী সশস্ত্ৰ ব্ৰিটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে অহিংসাই পৰম ধৰ্ম আদৰ্শৰে মহান জ্ঞানী গুণী ব্যক্তি সকলে নিজৰ শৰীৰৰ উষ্ণ তেজৰ চেকুৰাৰে ভাৰতমাতৃৰ বুকু তিয়াইছিল সেই স্বাধীনতা আমি আজিও পাইছোঁ নে নাই সেইটো এটা গভীৰ চিন্তনীয় বিষয়।
তোমাৰ কেঁচা তেজৰ চেকুৰাই আজিও
সুগন্ধি বিয়পাই চৌদিশে
স্বাধীন ভাৰতত পৰাধীনতাৰ সোৱাদ লৈও
অশ্ৰুঅঞ্জলি যাচিছোঁ প্ৰাণপণে ।।
