শোক – প্ৰভাত বণিয়া

Pc StockCake

শোক

প্ৰভাত বণিয়া

পীড়িতৰ জীৱন যাতনাৰ চকুলো
নিষ্প্ৰাণ গধুলিৰ ৰং
চলাহি কথাত বিসৰ্জন বজাৰ আৰু পথাৰ
প্ৰতাৰিত দৰিদ্ৰ জনগণ
ভেটি-মাটি উচন
প্ৰৱঞ্চক দালালৰ দপদপনি
অট্টহাসত কপি উঠে শুকান কৰ্কশ
পদূলি

সপোন মষিমূৰ
অস্তিত্ব ধূলিস্যাৎ।