এইয়াই সময়…
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি
কিছুমান লগ -বন্ধু একলগ হৈ কথোপকথন। সচাকৈ দে,উজনি অসমত বৰ্তমান প্ৰলয়ংকাৰী বান পৰিস্থিতিয়ে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে ন ? হয় দে,সচাকৈ এনেকুৱা ধৰণৰ পৰিস্থিতি কিন্তু আমাৰ শত্ৰু পক্ষৰো নহওক দেই। প্ৰকৃতিৰ অজয় শক্তিবোৰৰ আগত নতমস্তক জীৱ শ্ৰেষ্ঠ মানুহবোৰো। বন্ধুবোৰৰ মাজৰ পৰা এজনে,এনে অসহনীয় পৰিস্থিতিত আমিবোৰে মিলি বান প্ৰভাৱিত অঞ্চলসমূহ কিবা সহায় সহযোগিতা আগবঢ়াব পাৰিলে বহুত ভাল কথা আছিল নহয়নে ? বন্ধু জনৰ কথা শুনি অন্য এজন বন্ধুৱে হয় হয় তুমি ঠিকেই কৈছা। আচলতে সকলোৱে নিজ নিজ সামৰ্থ্য অনুসৰি সহায় সহযোগিতা আগবঢ়াই যোৱাটো আমাৰ কৰ্তব্য আৰু হয়তো আমি সকলোৱে মোবাইল, টিভি, পেপাৰ-পত্ৰ আদিৰ জৰিয়তে শ,শ মানুহে সহায়ৰ হাত আগবঢ়াই গৈ থকা দেখিবলৈ পোৱা গৈছে। বন্ধুবোৰৰ মাজৰ পৰা অন্য এজন বন্ধুৱে কলে,কিন্তু কিছু সংখ্যক মানুহে মই দেখাত সাহায্য প্ৰদানৰ নামত নিজ হাতে হাতে মোবাইল ফোনটো লৈ মানুহৰ অন্তৰিক বেদনাবোৰ বুজি উঠাতকৈ কেৱল লোক প্ৰদৰ্শন নামত নিজেই নিজৰ প্ৰশংসা বুটলি ঘুৰি-ফুৰা যে অনুভৱ হৈছে। আচলতে ইয়াত সঁচা অৰ্থত কবলৈ গলে এচাম মানুহে নিজৰ সামৰ্থ্যকৈ বেছি সহায় সহযোগিতা আগবঢ়াই গৈছে কিন্তু এনে এচাম মানুহ আছে যিবোৰ যথেষ্ট পৰিমাণে সক্ষম তথা ক্ষমতাশালী লোক তথাপিও নিজে না শাৰীৰিক, না আৰ্থিক আৰু না আন্তৰিক সহায় কৰিছে।তেওঁলোকে কেৱল লোক পদৰ্শনৰ নামত গাড়ী লৈ লৈ উজনি অসমৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ দৰে দেখাই কেৱল মাত্ৰ মোবাইল ফোনটো লৈ মানুহৰ পৰা প্ৰশংসা বুটলিবলৈ ব্যস্ত হৈ পৰিছে। এনেকুৱা ধৰণৰ অতিকৈ যুক্তি সংগত কথাবোৰ শুনি অন্য এজন বন্ধুৱে কলে,আচলতে যিবোৰ মানুহে মানুহৰ আবেগ,অনুভূতি, অসহায় অৱস্থাৰ লগত খেল-ধেমালি কৰিব বিচাৰি গৈছে তেওলোকে নিজৰ ব্যক্তিগত জীৱনত সকলো প্ৰকাৰৰ পৰিপূৰ্ণতাৰ পিচতো সুখ,শান্তিৰ জীৱন অতিবাহিত কৰিবলৈ সক্ষম নহয়। হেৰৌ বন্ধুসকল,সকলোবোৰ কথা বতৰা ভালদৰে শুনি লৈ এজন বন্ধুয়ে কলে,এচাম মানুহ আছে তেওঁলোকক আমি কি ঈশ্বৰ আহিলেও সলনি কৰিব নোৱাৰে। গতিকে যি যেনেকৈ চলি আছে চলি থাকিবলৈ দিয়া। নিজে কিন্তু সজাগতাৰ সৈতে লোক প্ৰদৰ্শন ওপৰত অলপমানো মনযোগ নিদিয়াকৈ সঁচা অৰ্থত এনে সংকটজনক পৰিস্থিতিৰ ওপৰত আগন্তুক দিনবোৰত কিদৰে সহায় সহযোগিতা আগবঢ়াই গৈ আমাৰ ৰাজ্য বা দেশ খনক বিশ্ব দৰবাৰত প্ৰতিটো খোজৰ লগত খোজ মিলাই আগবাঢ়ি যাব তাৰ বাবে বিকল্প ধৰণৰ চিন্তা-চৰ্চা অব্যাহত ৰাখিব লাগে। কাৰণ বান তাণ্ডৱত ফলত যথেষ্ট প্ৰকাৰে ক্ষতিগ্ৰস্ত আমাৰ দেশ তথা ৰাজ্যত বসবাস কৰা মানুহৰে হৈছে। ইয়াত কোনো অসমীয়া, মুছলমান, বঙালী, নেপালী,বিহাৰীৰ আদি বুলি চিনাক্তকৰণ কৰি প্ৰকৃতিয়ে তাণ্ডৱ চলোৱা নাই। গতিকে এইয়াই সময় মানুহৰ মহানুভবতা প্ৰকৃত পৰিচয় প্ৰদান কৰা ।
