অৰুণাচলৰে থকা সীমা বিবাদ সন্দৰ্ভত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া
ৰঙিলী বাৰ্ত্তাসেৱা- অসম-অৰুণাচল সীমান্তত সংঘটিত হোৱা গুলীচালনাৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । শেহতীয়াকৈ অৰুণাচলীৰ গুলীচালনাৰ ঘটনাক দুখজনক আখ্যা দি মুখ্যমন্ত্রীয়ে সীমা সমস্যা সমাধানৰ বাবে পুনৰ কমিটী গঠন কৰা হ’ব বুলি উল্লেখ কৰে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়,ঘটনাটো দুখজনক । আমি আমাৰ সীমা সমস্যা ইতিমধ্যে প্ৰায় সকলো ক্ষেত্রতে নিষ্পত্তি কৰিছোঁ । কেৱল পাঁচটা ক্ষেত্রত এতিয়াও কিছুমান বিবাদ আছে । কেবিনেটত আমি আমাৰ আঞ্চলিক কমিটী পুনৰ সক্ৰিয় কৰিছোঁ । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- আমি সংঘাত নিবিচাৰোঁ, সমস্যাৰ সমাধান বিচাৰোঁ। শীঘ্ৰেই অৰুণাচলৰ সৈতে থকা সমস্যাৰ সমাধান হ’ব। ইয়াৰ বাবে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক সকলো কথা অৱগত কৰা হৈছে আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে তদন্তৰ জৰিয়তে দোষীক উচিত শাস্তি দিয়া হ’ব বুলিও অৱগত কৰিছে। মুখ্যমন্ত্রীয়ে কয়- সীমান্তত থকা সৰহসংখ্যক গাঁৱৰ ক্ষেত্ৰত অৰুণাচলৰ লগত সীমা সমস্যা সমাধান কৰা হৈছে। মাত্র ৫টা অঞ্চলৰ ৫২খন গাঁও এতিয়া সমাধানৰ বাবে ৰৈ আছে। সীমান্ত উন্নয়ন বিভাগে দিয়া তথ্য অনুসৰি ১২৩খন গাঁও ৭১খন গাঁৱক লৈ সীমা সমস্যা সমাধান হৈছে। মাত্র ৫২খন গাঁৱক লৈহে সমস্যা আছে। এইকেইখন গাঁৱৰো সমস্যা সমাধানৰ দিশে আগবঢ়া হৈছে। ৰাজ্য চৰকাৰে অতি সোনকালে ইয়াক সমাধান কৰিবলৈ সক্ষম হ’ব। মুখ্যমন্ত্রীয়ে কয়-যি ৫টা অঞ্চলত সংঘাত আছে, সেই ৫টা অঞ্চলৰ বাবে অসম আৰু অৰুণাচলে ইতিমধ্যে গঠন কৰিছে ৰিজিঅ’নেল কমিটী। ৫টা অঞ্চলৰ বাবে ৰাজ্য চৰকাৰৰ এজনকৈ কেবিনেট মন্ত্রীক লৈ একোখনকৈ ৰিজিঅ’নেল কমিটী গঠন কৰা হৈছে। একেদৰে অৰুণাচল চৰকাৰেও এই কমিটী গঠন কৰিছে। অৰুণাচল আৰু অসমৰ নিৰ্বাচনৰ বাবে যোৱা এক-ডেৰ বছৰ এই কমিটীকেইখনে সক্রিয়ভাৱে কাম কৰিব পৰা নাছিল। এতিয়া চৰকাৰে কমিটীকেইখনক সক্ৰিয় কৰি তুলিব। কালি ধেমাজি জিলাৰ যি অঞ্চলত গণ্ডগোলৰ সৃষ্টি হ’ল, সেই অঞ্চলটোও অমীমাংসিত হোৱা অঞ্চল। যিবোৰ অঞ্চলত সীমা সমস্যাৰ সমাধান হৈছে, তাত ছার্ভে অৱ ইণ্ডিয়াই ইতিমধ্যে এই অঞ্চলবোৰত স্থায়ী পীলাৰ স্থাপন কৰিছে। যাৰ বাবে এই অঞ্চলসমূহত এতিয়া সংঘাত নাই। সংঘাত চলি থকা অঞ্চলসমূহত অহা এবছৰ কাম কৰিলে এই সমস্যাসমূহো সমাধান হ’ব। উল্লেখ্য যে অসম-অৰুণাচল সীমান্তৱৰ্তী ধেমাজি জিলাৰ গোগামুখৰ মিংমাং বদতি অঞ্চলত অসমীয়াৰ ওপৰত অৰুণাচলী দুর্বৃত্তই নির্বিচাৰে গুলীচালনা কৰিছিল। যাৰ ফলত ৮জনকৈ লোক গুৰুতৰভাৱে আহত হয়। ইফালে বিষয়টোক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছতে সকলো দিশ আলোচনাৰ বাবে ইটানগৰত উপস্থিত হৈছে মন্ত্রী ডাঃ ৰণোজ পেণ্ড। মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে অৰুণাচলৰ তৰফৰ পৰা চলা গুলীচালনাৰ উচিত তদন্ত হ’ব বুলি ইতিমধ্যে মুখ্যমন্ত্রী পেমা খাণ্ডুবে জানিবলৈ দিছে। তেওঁ কয়- ধেমাজি জিলাৰ সীমান্তত থকা বদতি অসমৰ গাঁও আৰু সীমান্তৰ সিপাৰে থকা গাঁওখন হৈছে অৰুণাচলৰ হিমে গাঁও। পূর্বে হিমে গাঁও অসমৰ সীমান্ততে আছিল যদিও সীমা সমস্যাৰ মীমাংসাৰ সময়ত গাঁওখন অৰুণাচলৰ অন্তৰ্গত হয়। আনহাতে আন কেইবাখনো অৰুণাচলৰ গাঁও সমস্যা সমাধানৰ সময়ত অসমত অন্তর্ভুক্ত হৈছে। ৰিজিঅ’নেল কমিটীৰ সিদ্ধান্ত অনুসৰি সীমা নির্ধাৰণ কৰা হৈছে। এতিয়া প্রক্রিয়া অনুসৰি সীমাসমূহ চূড়ান্ত কৰি পীলাৰ বহুৱাব লাগে। এই প্ৰক্ৰিয়াটো আগুৱাই নিয়াৰ বাবে দুয়োখন চৰকাৰে আলোচনা আৰম্ভ কৰিব।
