বানাক্ৰান্ত হৃদয়ৰ প্ৰাৰ্থনা
টোলন তাছা
চিকনি বৰহোলা,নগাঁও
বলীয়া বানে সপোনৰ ঘৰখন চুৰমাৰ কৰিলে
ভাঙি পৰে সহস্ৰজনৰ ঠুনুকা হৃদয়
সৰ্বস্ব হেৰুৱাই নিৰীহ জনতাই
নিৰৱে ৰাখিব নোৱাৰে লুকুৱাই
একাঁঠুু পলসত পোত যোৱা আৱেগৰ চকুলো।
চকুৰ পলকতে আপোনজন উটি ভাঁহি গ’লে
নিঠৰুৱা হৈ পৰে পৰিয়াল আত্মীয় কুটুম
চৌদিশে কাল অমানিশাই আগুৰি ধৰে,
সীমাহীন বেদনাই ভাৰাক্ৰান্ত কৰে
বানাক্ৰান্ত অসংখ্যজনৰ উদং বুকু।
ধনী দুখীয়া জাতি কুলৰ সুউচ্চ প্ৰাচীৰখন
নাজানো তেতিয়া কতনো উফৰি যায়
ৰুদ্ৰৰূপী প্ৰবল বানে যেতিয়া
নিজ ইচ্ছামতে এফালৰ পৰা নিয়ে
ধন জন গাই গৰু সকলো মহটিয়াই ।
দূখৰ দিনবোৰ দূৰ কৰা প্ৰভু
তুমিয়ে সৰ্বশক্তিমান অসীম দয়ালু
প্ৰকৃতিৰ ৰোষত আমি দিশহাৰা হ’লোঁ
সুখৰ পুৱা এটিৰ বাবে কাকূতি কৰিছোঁ
তুুমিয়ে দিয়া জীৱন তোমাকেই অৰ্পণ কৰিছোঁ।
