চিনাকী নদীৰ অচিনাকী মন – হৰেন কপ্তাক

Pc The Print

চিনাকী নদীৰ অচিনাকী মন 

হৰেন কপ্তাক

চিনাকী নদীখন অচিনাকী হৈ পৰিল
কাষৰীয়া গাঁৱৰ আপোন হৈ পৰা নদীখন
হঠাতে হৈ পৰিল শত্ৰু
উন্মাদ হৈ উঠিল নদীখন
শিল্পীয়ে কোনোদিন নাগায় এতিয়া
দিখৌ নৈ এৰিব নোৱাৰোঁ…
এটি অজান আশংকাই বাহ লৈছে মনত
আৰুবা কি ভৱিষ্যৎ ..!
প্ৰকৃতিৰ লীলা কেতিয়াবা এবাৰহে আহে
কিন্তু যিদিনা ই কৃত্ৰিমতাৰ কৰাল গ্ৰাসত নিৰ্যাতিত হৈ পৰে
বলিয়া বান হৈ চিঞৰি চিঞৰি দৌৰে
দিখৌ নদীৰ পাৰত
দেখা নাপাব এতিয়া বনভোজৰ দল
বিজুলী পোহৰত জিলিকি থকা
আপোন ঘৰবোৰ, সেউজ পথাৰবোৰ পলস মাঁথো পলস
শুনি পোৱা নাযাব এতিয়া পুৱতি নিশাৰ কুকুৰাৰ ডাক
এতিয়াও মনত এটি অবুজ আশংকা
আৰুবা কি গতি হয় ?
কোনে জানে অনাগতৰ সঠিক ঠিকনা?