ধৰ্ষণৰ গোচৰত ব’ম্বে হাইক’ৰ্টে দোষী সাব্যস্ত কৰিলে হেলকাৰ প্ৰতিষ্ঠাতা তৰুণ তেজপালক
ৰঙিলী বাৰ্ত্তাসেৱা- ব’ম্বে উচ্চ ন্যায়ালয়ে ২০১৩ চনত সহকর্মীক ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্রতিষ্ঠাতা তৰুণ তেজপালক দোষী সাব্যস্ত কৰে। তেওঁক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ আদেশ দিয়ে ন্যায়ালয়ে। আত্মসমর্পণ কৰাৰ বাবে তেওঁক দুসপ্তাহৰ সময় দিয়া হৈছে। উল্লেখ্য যে গোৱাৰ নিম্ন আদালতে ২০২১ চনত তেওঁক দোষমুক্ত কৰিছিল। কিন্তু গোৱা চৰকাৰে সেই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন জনায়। বৃহস্পতিবাৰে সেই গোচৰৰ শুনানি আছিল ব’ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নীলা গোখলে আৰু অমিত জামচান্দেকৰৰ খণ্ড বিচাৰপীঠত। বৃহস্পতিবাৰে শাস্তি ঘোষণা কৰা হ’ল। ব’ম্বে উচ্চ ন্যায়ালয়ে তৰুণ তেজপালক দোষী সাব্যস্ত কৰাত তেওঁ জনায় যে ন্যায়ালয়ৰ এই ৰায়ক তেওঁক উচ্চতম ন্যায়ালয়ত প্রত্যাহ্বান জনাব। আদালতত তেজপালে কয়, ‘আমাৰ বয়স ৬২ বছৰ। আমাক ফচোৱা হৈছে। আমাৰ পত্নী আছে, ইয়াতকৈ বেছি আৰু একো ক’বলগীয়া নাই। তথাপি এইটো ক’ব পাৰি যে পুনৰ আবেদন জনাম। আমাৰ বিষয়টো যেন নম্রতাৰে বিবেচনা কৰা হয়।’ টেহেলকাৰে সেই সময়ৰ এগৰাকী যুৱতী কৰ্মীৰ অভিযোগ আছিল যে ২০১৩ চনৰ নৱেম্বৰত গোৱাৰ এখন পঞ্চতাৰকাযুক্ত হোটেলৰ লিফ্টত তেওঁক যৌন নির্যাতন চলাইছিল তেজপালে। গোৱা আৰক্ষীয়ে তদন্তত নামি জনায় যে এদিনেই নহয়, একেৰাহে দুদিন এই যুৱতীগৰাকীক যৌন নির্যাতন চলাইছিল তেজপালে। অৱশ্যে তেওঁক ফচোৱা হৈছে বুলি একেসময়তে দাবী কৰি আহিছে তৰুণ তেজপালে। তেওঁৰ বক্তব্য আছিল যে গোৱাৰ বিজেপি চৰকাৰক সমালোচনা কৰাৰ প্রতিশোধ হিচাপে তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ আনিছে ৰাজ্য চৰকাৰে। হোটেলৰ চিচি টিভি কেমেৰাৰ ফুটেজ যুৱতীগৰাকীৰ অভিযোগৰ সৈতে মিলি গৈছে বুলি দাবী কৰে গোৱা আৰক্ষীয়ে। ২০১৩ চনৰ ৩০ নৱেম্বৰত তেজপালক গ্ৰেপ্তাৰ কৰা হয়। ছমাহ গোৱাৰ ভাস্কোৰ এখন কাৰাগাৰত বন্দী হৈ আছিল তেওঁ। ২০১৪ চনত প্রায় ২,০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে গোৱাৰ অপৰাধ দমন শাখাই। সেই বছৰৰে জুলাইত উচ্চতম ন্যায়ালয়ত আবেদন জনাই জামিন লাভ কৰে তেজপালে। ইয়াৰ তিনি বছৰ পিছত পুনৰ সেই গোচৰটোৰ শুনানি আৰম্ভ হয়। ২০১৭ চনত ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে ধর্ষণ, যৌন নির্যাতন আৰু অনৈতিক কাৰ্যকলাপৰ অভিযোগক মান্যতা প্রদান কৰে। ২০১৯ চনত ন্যায়ালয়ৰ এই সিদ্ধান্তক প্রত্যাহ্বান জনাই তেজপালে উচ্চতম ন্যায়ালয়লৈ যায় আৰু এফআইআৰ বাতিলৰ দাবী জনায়। কিন্তু সেই আবেদন খাৰিজ কৰি শীৰ্ষ ন্যায়ালয়খনে গোচৰটো গোৱা ন্যায়ালয়লৈ প্ৰেৰণ কৰে। ২০২১ চনত ন্যায়ালয়ৰ তৰফৰ পৰা তেজপালৰ বিৰুদ্ধে উঠা অভিযোগসমূহ খাৰিজ কৰি দিয়া হয়। তেওঁক নির্দোষী ঘোষণা কৰা হয়। তাৰ পিছতে ন্যায়ালয়ৰ সেই ৰায়ক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈ যায় গোৱা চৰকাৰ।
