আই তই নাকান্দিবি
মেৰী বৰদলৈ
নগাঁও,ফুলগুৰি
আই তই নাকান্দিবি
তোৰ দুচকুত
চকুলো চাব পৰাকৈ
মোৰ জানো
সাহস আছে?
সপোনৰ ঘৰখন
বলীয়া বানে
নিমিষতে
শেষ কৰি পেলালে,
আকৌ সাজিম অ’ আই
মাথোঁ তহঁত কুশলে থাক
অদৃশ্য জনৰ ওচৰত
এইয়াই মোৰ কাতৰ প্ৰাৰ্থনা জাননে?
বলীয়া বান
কাৰ শকতি আছে
ৰুধ কৰিবলৈ,
ধৰ্য্য সাহসেৰে
সংকটৰ সময়বোৰৰ সৈতে
যুঁজিব লাগিব অ’ আই
যুঁজাৰু হ’ব লাগিব আমি আটাইয়ে
তই নাকান্দিবি আই
সপোনৰ ঘৰখন
আকৌ সজাম
সুখৰ এপাহি ফুলেৰে
উপচি পৰিব পুনৰ
আমাৰ চোতালত
হাঁহিৰ জোনাকে
সদায় থাকিম
তঁহতৰ কাষতে!
