এক আলোকপাত
অপৰাধ নিয়ন্ত্ৰণত সংবাদ মাধ্যমৰ ভূমিকা
শংকৰ দেৱ, দেৰগাঁও
আজিৰ এই আধুনিক যুগত দেশৰ প্ৰতিটো অঞ্চল বিভিন্ন ধৰণৰ অপৰাধ, দুৰ্নীতি, অবৈধ ব্যৱসায়, শিশু অপহৰণ, চাইবাৰ অপৰাধ, মাদক দ্ৰব্যৰ প্ৰতি আসুক্তি, নাৰী নিৰ্যাতন আদি সমস্যাৰে জৰ্জৰিত হৈ পৰিছে। এনে জটিল পৰিস্থিতিত সমাজত আইন-শৃংখলা বজাই ৰখা আৰু ন্যায় প্ৰতিষ্ঠা কৰাত সংবাদ মাধ্যমৰ ভূমিকা অতি গুৰুত্বপূর্ণ। অপৰাধ নিয়ন্ত্ৰণত সংবাদ মাধ্যমৰ আটাইতকৈ উল্লেখযোগ্য অৱদান হৈছে জনসচেতনতা সৃষ্টি। সমাজৰ বিভিন্ন দিশ জনসম্মুখলৈ অনাৰ লগতে অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে জনমত গঠন আৰু প্ৰশাসনক দায়বদ্ধ কৰি সমাজৰ পৰা অপৰাধ নাইকিয়া কৰাত সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সেইবাবেই সংবাদ মাধ্যমক “গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ” বুলি কোৱা হয়।
সংবাদ মাধ্যমে অপৰাধৰ খবৰ দ্ৰুতগতিৰে প্ৰকাশ কৰি আৰক্ষী আৰু প্ৰশাসনক তৎপৰ হ’বলৈ বাধ্য কৰোৱায়। ই অপৰাধ তদন্তৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰখাত সহায় কৰে। অপৰাধমূলক কাৰ্যকলাপবোৰ ৰাজহুৱা কৰাৰ ফলত সমাজত অপৰাধীৰ স্থান সংকুচিত হয় আৰু ইয়াৰ ফলত ভৱিষ্যতে নতুন অপৰাধ সংঘটিত হোৱাত বাধা পৰে। কোনো অপৰাধৰ তথ্য ফাদিল কৰি বা সাক্ষীসকলক সুৰক্ষাৰ প্ৰতিশ্ৰুতি দি সংবাদ মাধ্যমে দোষীক শাস্তি প্ৰদানৰ ক্ষেত্ৰত সহায়ক হিচাপে কাম কৰে। অপৰাধমূলক কাৰ্যকলাপ ৰাজহুৱা হোৱাৰ ফলত অপৰাধীৰ সামাজিক সন্মান ক্ষুণ্ণ হয় আৰু বহু ক্ষেত্ৰত অপৰাধ সংঘটিত কৰাৰ আগতে মানুহে ভয় অনুভৱ কৰে। সমাজত অপৰাধবিৰোধী জনমত গঠন কৰাত সংবাদ মাধ্যমৰ এই ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। তাৰ উপৰিও, কোনো অপৰাধৰ সাক্ষী, ভুক্তভোগী বা তথ্যদাতাক উৎসাহিত কৰাত সংবাদ মাধ্যমে সহায় কৰে। সংবাদ মাধ্যমত ঘটনাৰ সঠিক প্ৰতিবেদন প্ৰকাশ পালে বহু সময়ত নতুন সাক্ষী আগবাঢ়ি আহে আৰু তদন্তত সহায় কৰে। বিশেষকৈ নিৰুদ্দেশ ব্যক্তি, শিশু অপহৰণ বা দুষ্কৃতিকাৰীৰ সন্ধানত সংবাদ মাধ্যম বহু ক্ষেত্ৰত ফলপ্ৰসূ প্ৰমাণিত হৈছে।
নিতৌ প্ৰচলিত দৈনিক বাতৰি কাকত, দূৰদৰ্শন , ৰেডিঅ’, অনলাইন নিউজ প’ৰ্টেল আৰু সামাজিক মাধ্যমৰ জৰিয়তে সমাজত সংঘটিত বিভিন্ন অপৰাধৰ খবৰ সৰ্বসাধাৰণৰ মাজলৈ তৎক্ষণাত পায় যায়। ইয়াৰ ফলত মানুহে অপৰাধৰ কৌশল, সতৰ্কতা আৰু আত্মৰক্ষাৰ উপায় সম্পৰ্কে সচেতন হ’ব পাৰে।
সংবাদ মাধ্যমে আৰক্ষী আৰু প্ৰশাসনকো অধিক জবাবদিহিমূলক কৰি তোলে। বহু সময়ত কোনো অপৰাধৰ ঘটনা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত আৰক্ষী অধিক তৎপৰ হৈ উঠে আৰু তদন্ত তীব্ৰতৰ হয়। কেতিয়াবা বহুদিন ধৰি অমীমাংসিত হৈ থকা ঘটনাও সংবাদ মাধ্যমৰ চাপে পুনৰ তদন্তৰ আওতালৈ আনে। ইয়াৰ ফলত সাধাৰণ মানুহৰ ন্যায় বিচাৰৰ ওপৰত আস্থা বৃদ্ধি পায়।
আজিৰ এই আধুনিক যুগত অনুসন্ধানমূলক সাংবাদিকতাইও সমাজত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। অবৈধ বালি-মাটি খনন, বনজ সম্পদ চোৰাং সৰবৰাহ, দুৰ্নীতি আদিৰ বহু তথ্য সংবাদ মাধ্যমৰ অনুসন্ধানমূলক প্ৰতিবেদনৰ জৰিয়তে জনসম্মুখলৈ আহিছে। কাজিৰঙা অঞ্চলত গঁড় চোৰাং চিকাৰী আৰু বনজ সম্পদ সৰবৰাহ সম্পৰ্কীয় কিছু বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত বন বিভাগ আৰু আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল।অনুসন্ধানমূলক সাংবাদিকতাই অপৰাধ নিয়ন্ত্ৰণত এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে। বহু সংবাদ প্ৰতিষ্ঠানে গোপন অনুসন্ধান, তথ্য সংগ্ৰহ আৰু সত্য উদঘাটনৰ জৰিয়তে বিভিন্ন বৃহৎ দুৰ্নীতি, অবৈধ ব্যৱসায় আৰু অপৰাধ চক্ৰৰ তথ্য জনসম্মুখলৈ আনিছে। দেশ-বিদেশত বহু ৰাজনৈতিক আৰু আৰ্থিক কেলেংকাৰী সংবাদ মাধ্যমৰ অনুসন্ধানৰ ফলতেই পোহৰলৈ আহিছিল। এনে কাৰ্যই সমাজত স্বচ্ছতা আৰু আইনৰ শাসন শক্তিশালী কৰে।
অসমতো সংবাদ মাধ্যমৰ এনে ভূমিকা বহু সময়ত স্পষ্টভাৱে দেখা পোৱা গৈছে। বিশেষকৈ গুৱাহাটী মহানগৰীত বৰ্ধিত ড্ৰাগছ ব্যৱসায় আৰু যুৱ সমাজৰ মাজত নিচাযুক্ত দ্ৰব্যৰ আসক্তি আদি বিভিন্ন বাতৰি সংবাদ মাধ্যমত ধাৰাবাহিক প্ৰতিবেদন প্ৰকাশ হোৱাৰ পাছত আৰক্ষী আৰু প্ৰশাসনে বিশেষ অভিযান চলাই বহু ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। এই ঘটনাই সমাজত সচেতনতা বৃদ্ধিৰ লগতে অভিভাৱক সকলকো অধিক সতৰ্ক কৰি তুলিছিল।
যোৰহাট আৰু ডিব্ৰুগড়ত সংঘটিত কিছু চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংবাদ মাধ্যমত বিস্তৃতভাৱে প্ৰকাশ পোৱাৰ পাছত তদন্ত তীব্ৰতৰ হৈছিল আৰু দোষীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী তৎপৰ হৈছিল। ইয়াৰ ফলত সাধাৰণ মানুহৰ ন্যায় বিচাৰৰ ওপৰত আস্থা বৃদ্ধি পায়।
একেদৰে, নগাঁও আৰু ধেমাজি জিলাত সংঘটিত কিছু অনলাইন ঠগবাজিৰ ঘটনা সংবাদ মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হোৱাৰ ফলত বহু লোক সজাগ হয় আৰু আৰক্ষীয়েও চাইবাৰ অপৰাধ ৰোধত বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। বহু সময়ত সংবাদ মাধ্যমৰ সহযোগত আৰক্ষীয়ে জনসাধাৰণক OTP, বেংক একাউণ্ট বা ATM তথ্য কাকো নিদিবলৈ আহ্বান জনাই সচেতনতামূলক কাৰ্যসূচীও গ্ৰহণ কৰিছে।
অৱশ্যে আজিৰ এই ডিজিটেল যুগত সামাজিক মাধ্যমৰ বিস্তাৰৰ ফলত “ফেক নিউজ” বা ভুৱা বাতৰিৰ সমস্যাও বৃদ্ধি পাই আহিছে। এনে ভুৱা তথ্যই সমাজত বিভ্ৰান্তি আৰু অশান্তিৰ সৃষ্টি কৰিব পাৰে। মিছা বা অতিৰঞ্জিত বাতৰিয়ে সমাজত ভীতি সৃষ্টি কৰিব পাৰে বা তদন্তৰ ক্ষতি কৰিব পাৰে। গতিকে, সত্যনিষ্ঠা আৰু নৈতিকতা অৱলম্বন কৰিলেহে সংবাদ মাধ্যমে অপৰাধমুক্ত সমাজ গঢ়াত সঠিক অৱদান আগবঢ়াব পাৰিব
শেষান্তৰত ক’ব পাৰি যে, সংবাদ মাধ্যম কেৱল তথ্য প্ৰচাৰৰ মাধ্যমেই নহয়, ই হৈছে সমাজৰ এক স্বতন্ত্ৰ সজাগ প্ৰহৰী আৰু ন্যায় প্ৰতিষ্ঠাৰ এক শক্তিশালী অস্ত্ৰ । সত্য, নৈতিকতা আৰু জন স্বাৰ্থক অগ্ৰাধিকাৰ দি কাম কৰিলেহে সংবাদ মাধ্যমে অপৰাধমুক্ত, সুশৃংখল আৰু সচেতন সমাজ গঢ়াৰ ক্ষেত্ৰত অধিক ফলপ্ৰসূ অৱদান আগবঢ়াব পাৰিব।
