বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ অসমত উপস্থিত জে পি নাড্ডা
ৰঙিলী বাৰ্ত্তাসেৱা- উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ ডিব্ৰুগড়ত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা । ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অসম চৰকাৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, চাবুৱা-লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ লগতে প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে আদৰণি জনায়। তিনিদিনীয়াকৈ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ অহা জে পি নাড্ডাই মঙলবাৰে ডিব্ৰুগড়তে বাহৰ পাতি বুধবাৰে শিৱসাগৰ, চৰাইদেউ আৰু নাজিৰাৰ কেইবাটাও বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিব । অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাত ১৯ জুলাইত সৃষ্টি হোৱা মহাপ্রলয়ৰ প্ৰায় ১৫ দিন উকলি যোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে উপস্থিত হোৱা জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্রদেশো ভ্রমণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা বিমানবন্দৰৰ পৰা পোনে পোনে ডিব্ৰুগড়ৰ মনোহাৰী টী ৰিট্রিউটলৈ যায় আৰু নিশা তেওঁ তাতেই কটাব। আজি পুৱা ডিব্ৰুগড় বিমানবন্দৰৰ পৰা হেলিকপ্টাৰেৰে শিৱসাগৰলৈ ৰাওনা হ’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। শিৱসাগৰ জিলাৰ বানবিধ্বস্ত অঞ্চলসমূহ পৰ্যবেক্ষণ কৰাৰ লগতে জে পি নাড্ডাই বান সাহায্য শিবিৰ পৰিদৰ্শন কৰিব আৰু ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ সৈতে পোনপটীয়াভারে মত বিনিময় কৰিব। শিৱসাগৰৰ সকলো কাৰ্যসূচী সম্পন্ন কৰি তেওঁ বিহুবৰৰ চণ্টক হেলিপেডৰ পৰা নাগালেণ্ডৰ মন জিলালৈ যাত্ৰা কৰিব। নাগালেণ্ডৰ পৰা উভতি আহি ডিব্ৰুগড়ত বিয়লিৰ ভাগত ৰাজ্য চৰকাৰৰ প্রতিনিধি আৰু বিষয়াৰ সতে অসমৰ বান পৰিস্থিতি আৰু পুনর্বাসনক লৈ এক উচ্চস্তৰীয় আলোচনাত মিলিত হ’ব। নিশাটো মনোহাৰী টী ৰিট্রিউটত কটোৱাৰ পাছত তেওঁ পুনৰ অৰুণাচল প্ৰদেশলৈ যাব আৰু অৰুণাচলৰ পৰাই পোনে পোনে নতুন দিল্লীলৈ উভতি যাব।
