শিৱসাগৰত বানপীড়িত শিশুৰে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা তিনিদিন বানত আক্রান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে শিবিৰত আশ্ৰয় লৈ থকা শিশুসকলক মানসিকভাবে উৎসাহ যোগাবলৈ বার্তালাপতো মিলিত হৈছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰৰ এটি আশ্রয় শিবিৰত কণ কণ ভাগিনৰ সৈতে মজিয়াত বহি মিলিত হ’ল এক ৰসাল আড্ডাত। ওচৰতে মুখ্যমন্ত্রী তথা মামাক পাই পাৰভগা আনন্দত নিমজ্জিত হ’ল ভাগিনসকল। মুখ্যমন্ত্ৰীৰ গালত কণ কণ আঙুলিৰে বুলাই মৰম যচাৰ লগতে বিভিন্ন প্রশ্নৰে মামাক ব্যতিব্যস্তও কৰে। সমান্তৰালভাৱে মুখ্যমন্ত্রীয়েও কণ কণ ভাগিনক কাষত বহুৱাই খা-খবৰ লোৱাৰ লগতে শিবিৰত কি কিতাপ পঢ়িছে, কি খাইছে তাৰো খবৰ লয়। বিদ্যালয়ত কোনে ভালকৈ নেওতা পঢ়িব পাৰে, কোনে গান গাব পাৰে বুলি ভাগিনসকলক প্রশ্নও কৰে মামাই। ইয়াৰ মাজতে দুই-এক অত্যুৎসাহী শিশুৱে পিঠিত উঠিবলৈও চেষ্টা কৰে। ভাগিনৰ এনে অত্যুৎসাহ দেখি মুখ্যমন্ত্ৰীৰ মন্তব্য- কাৰ কিমান বল আছে চাওঁ, মোৰ পিঠিত উঠ। মুখ্যমন্ত্রীয়ে ক’বলৈহে পালে, লগে লগে কেইবাটাও শিশুৱে মামাৰ ডিঙিত ধৰি পিঠিত ওলমি ৰ’ল। এনেদৰে নিৰ্জীৱ-নিৰস হৈ থকা আশ্রয় শিবিৰটোত মুখ্যমন্ত্রীয়ে তুলিলে এক আনন্দৰ জোৱাৰ। হাঁহি-খিকিন্দালিৰ মাজতে আত্মহাৰা হৈ পৰা বন্যাক্রান্ত শিশুসকলে পাহৰি গ’ল যোৱা দিনকেইটাত তেওঁলোকে সম্মুখীন হৈ অহা কঠিন পৰিস্থিতিৰ।
