শতবৰ্ষ গৰকা গোলাঘাট জিলা মহিলা সমিতিৰ নৱ-নিৰ্মিত ভৱনৰ শুভ উদ্বোধন

শতবৰ্ষ গৰকা গোলাঘাট জিলা মহিলা সমিতিৰ নৱ-নিৰ্মিত ভৱনৰ শুভ উদ্বোধন

মৃগাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা-  শতবৰ্ষ গৰকা গোলাঘাট জিলা মহিলা সমিতিৰ নৱ-নিৰ্মিত ভৱনটি গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে শুভ উদ্বোধনকৰা হয়। বিধায়ক উন্নয়ন পুঁজিৰ দ্বাৰা অনুষ্ঠানটোৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি আজি ভৱনটো শুভ উদ্বোধন কৰা স্থানীয় বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগক বিপুল আদৰণি জনোৱা হয়। জিলা মহিলা সমিতিৰ সভানেত্ৰী জুৰি দাস ৰাজখোৱাৰ সভাপতিত্বত আৰু সম্পাদিকা ৰূপা শইকীয়াই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগে ভাষণ প্ৰদান কৰি মহিলা সমাজক দক্ষতাৰে বলিষ্ঠ ভূমিকা পালন কৰি সমাজখন শক্তিশালী কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। অনুষ্ঠানত গোলাঘাট জিলা মহিলা সমিতিৰ অন্তৰ্গত জিলাখনৰ শাখা সমিতি আৰু বিভিন্ন অনুষ্ঠানে মন্ত্ৰী অজন্তা নেওগক বিপুল সম্বৰ্ধনা জনায় ।