প্রধানমন্ত্রীক লৈ কু-মন্তব্য কৰা কিশোৰীৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ

প্রধানমন্ত্রীক লৈ কু-মন্তব্য কৰা কিশোৰীৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীৰ যন্তৰ-মন্তৰত চলি থকা ছাত্ৰ বিক্ষোভৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ কু-মন্তব্য কৰিছিল এগৰাকী ১৫ বছৰ বয়সীয়া কিশোৰীয়ে। দিল্লী আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। কিন্তু সেই এফআইআৰক লৈ দিল্লী আৰক্ষীয়ে আৰু আগ নবঢ়াৰ সিদ্ধান্ত লৈছে। কিশোৰীগৰাকীৰ ওপৰত দাখিল হোৱা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি খবৰ ওলাইছে। প্রধানমন্ত্রীয়ে নিজেই কিছুদিন পূর্বে সামাজিক মাধ্যমযোগে এক ভিডিঅ’ত দেশৰ তৰুণ প্ৰজন্মক ক্ষমা কৰি দিছিল। ধাৰণা কৰা হৈছে তাৰ পিছতেই দিল্লী আৰক্ষীয়েও কিশোৰীগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্রত্যাহাৰৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কু-মন্তব্য কৰাৰ পিছত বিভিন্ন মহলৰ পৰা চাপৰ সন্মুখীন হৈ ক্ষমা বিচাৰিছিল নয়দাৰ কিশোৰীগৰাকীয়ে। সামাজিক মাধ্যমত ভিডিঅ’ পোষ্ট কৰি নিজৰ কামৰ বাবে দুখ প্রকাশ আৰু ক্ষমা প্রার্থনা কৰে তেওঁ। কিশোৰীগৰাকীৰ মাতৃয়েও এফআইআৰ প্রত্যাহাৰৰ আবেদন জনাইছিল প্রশাসন আৰু চৰকাৰৰ ওচৰত।