অস্তিত্বৰ কোণত তুমি – শচীন্দ্ৰ কুমাৰ দাস

Pc Pexels

অস্তিত্বৰ কোণত তুমি

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

হৃদয়ৰ নিভৃত কোণত কাৰোবাৰ নামাংকন হয়তো সহজসাধ্য,
কিন্তু আত্মাই স্পৰ্শ কৰা প্ৰেমক বিলীন কৰা অসম্ভৱ, অবাধ্য।
তুমি মোৰ মায়াময় জীৱনৰ সেই আটাইতকৈ ধুনীয়া, শ্বাশ্বত সত্য,
যাক হেৰুৱাৰ বিষাদে মষিমূৰ কৰিব পাৰে মোৰ সমগ্ৰ অস্তিত্ব।

তোমাৰ মৌনতাই মোৰ বুকুত কঢ়িয়ায় হাজাৰ প্ৰশ্নৰ ধুমুহা,
আৰু তোমাৰ হাঁহিয়ে কঁপাই তোলে মোৰ সপোনৰ প্ৰতিটো কুঁহা।
তুমি মোৰ শৰতৰ স্নিগ্ধ শেৱালি, মোৰ জোনাক গলা নিশা,
যাৰ সুবাসত বিলীন হৈ যায় মোৰ যুগ যুগৰ তৃষ্ণা।

নদীয়ে সাগৰক বিচৰাৰ দৰেই মই তোমাৰ বুকুত বিলীন হ’ব খোজোঁ,
অতীতৰ সকলো ধূসৰতা পাহৰি কেৱল তোমাৰ প্ৰেমৰ ভাষা বুজোঁ।
মোৰ আধৰুৱা কবিতাৰ তুমি একমাত্ৰ সম্পূৰ্ণ উপমা,
চিৰকাললৈ মোৰ হৈ ৰোৱা, হে মোৰ হৃদয়ৰ সৰ্বস্ব অনুপমা!