অসমলৈ ৩৭৯.৩৫ কোটি টকাৰ অনুমোদন কেন্দ্ৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্রলয়ংকৰী বানত বিধ্বস্ত অসমলৈ শনিবাৰে কেন্দ্ৰীয় চৰকাৰে ৩৭৯.৩৫ কোটি টকাৰ এক পেকেজ মুকলি কৰি দিছে। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ এছ ডি আৰ এফৰ কেন্দ্ৰীয় অংশীদাৰিত্বৰ প্ৰথম কিস্তিৰ ধন শনিবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মুকলি কৰে। কেন্দ্ৰীয় চৰকাৰে শনিবাৰে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতি অনুসৰি বাৰিষাৰ সময়ত বানত ক্ষতিগ্ৰস্ত হোৱা সাতখন ৰাজ্যক সহায় কৰিবলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ ২,১১৭.৮৫ কোটি টকাৰ অংশৰ আগতীয়াকৈ মুকলি কৰিবলৈ অনুমোদন জনাইছে ৷ বানত ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ ভিতৰত হিমাচল প্ৰদেশ, ওড়িশা আৰু নাগালেণ্ডে ইতিমধ্যে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় অংশীদাৰিত্বৰ প্ৰথম কিস্তি লাভ কৰিছে । বিবৃতিটোত উল্লেখ কৰা হৈছে, ” সাহায্য অভিযানৰ বাবে সময়মতে ধনৰ উপলব্ধতা নিশ্চিত কৰাৰ স্বাৰ্থত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এছডিআৰএফৰ কেন্দ্ৰীয় অংশীদাৰিত্বৰ দ্বিতীয় কিস্তি হিমাচল প্ৰদেশ আৰু ওড়িশালৈ আগতীয়াকৈ মুকলি কৰি দিয়াত অনুমোদন জনাইছে । হিমাচল প্ৰদেশৰ বাবে দ্বিতীয় কিস্তিৰ ১৯৩.৯৫ কোটি আৰু ওড়িশাৰ বাবে ৫০০ কোটি টকা অনুমোদন দিয়া হৈছে ।” এই পুঁজিৰ ভিতৰত অসমে ৩৭৯.৩৫ কোটি লাভ কৰাৰ লগতে উত্তৰ-পূবৰ আন এখন ৰাজ্য অৰুণাচল প্রদেশে প্রথম কিস্তিৰ আগধন হিচাপে ৪৪.৩৫ কোটি টকা লাভ কৰিব। ইয়াৰ বিপৰীতে গুজৰাট, মহাৰাষ্ট্ৰক ৫০০ কোটি টকাকৈ মুকলি কৰি দিয়াত অনুমোদন জনোৱা হয়। এই সন্দৰ্ভত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যসমূহক প্রয়োজনীয় সকলো সাহায্য প্রদানৰ বাবে চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলি প্রকাশ কৰি গৃহমন্ত্রী অমিত শ্বাহে কয় যে সাহায্য, উদ্ধাৰ তথা পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে পৰিস্থিতিৰ ওপৰত নিবিৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে।। ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ ইতিমধ্যে অৰুণাচল প্ৰদেশ আৰু অসমলৈ আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল (IMCT) প্ৰেৰণ কৰা হৈছে । অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আই এম চি টিয়ে দুবাৰকৈ ৰাজ্যখন ভ্ৰমণ কৰিছে । নাগালেণ্ড চৰকাৰৰ পৰা লাভ কৰা অনুৰোধমর্মে ৰাজ্যখনৰ বাবে আন্তঃমন্ত্র্যালয় কেন্দ্রীয় দল গঠন কৰা হৈছে।
