বানপীড়িত জিলালৈ বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- উজনি অসমৰ ৪ খন জিলা শেহতীয়া বানত বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে । এই বানত শিক্ষাৰ্থীসকলো ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে । বিশেষকৈ লাখ লাখ শিক্ষাৰ্থীৰ কিতাপ-বহী সকলো নষ্ট হৈ গৈছে । যাৰ বাবে চৰকাৰে বান প্ৰভাৱিত জিলাসমূহৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথি যোগানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । সেই সিদ্ধান্ত অনুসৰি বানাক্ৰান্ত ৪ খন জিলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষা বিভাগে প্ৰেৰণ কৰিলে বিনামূলীয়া পাঠ্যপুথি। গুৱাহাটীৰ পাঠ্যপুথি প্রণয়ন নিগমৰ বোন্দাস্থিত গুদামৰ পৰা তিনিখন জিলালৈ এই পাঠ্যপুথিসমূহ প্ৰেৰণ কৰা হয়। বৃহস্পতিবাৰে পুৱাৰ ভাগতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে পাঠ্যপুথি কঢ়িয়াই নিয়া বাহনৰ ফ্লেগ অফ কৰে। সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয়- বানাক্ৰান্ত এই তিনিখন জিলাত ডেৰ লাখতকৈ অধিক ছাত্র-ছাত্রী আছে। জিলা প্ৰশাসনৰ পৰা পোৱা তথ্য অনুসৰি ক্ষতিগ্রস্ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১.১২ লাখ। ইয়াৰ বাবে ৮ লাখ ৮৯ হাজাৰ পাঠ্যপুথিৰ প্ৰয়োজন হ’ব। আৱশ্যক হোৱা এই পাঠ্যপুথিৰ ১৫ শতাংশ পাঠ্যপুথি ১ লাখ ৬১ হাজাৰ তিনিখন জিলাৰ বাবে প্ৰেৰণ কৰা হয়। পর্যায়ক্রমে আৱশ্যকীয় বিনামূলীয়া পাঠ্যপুথিসমূহ এই তিনিখন জিলালৈ প্ৰেৰণ কৰি থকা হ’ব। শিক্ষামন্ত্রী ডাঃ পেগুৱে ইয়াকো উল্লেখ কৰে যে প্ৰশাসনে প্ৰেৰণ কৰা পাঠ্যপুথিসমূহ সঠিকভাৱে গ্রহণ কৰি বানবিধ্বস্ত এলেকাসমূহৰ ছাত্ৰ-ছাত্ৰীৰ হাতত যাতে তুলি দিয়ে। যিহেতু বিনামূলীয়া পাঠ্যপুথি বিতৰণ জিলা প্ৰশাসনৰ তদাৰকত হয়, সেইবাবে এইক্ষেত্ৰত কিছু স্থিৰতা আৰু শৃংখলাবদ্ধতা হোৱা উচিত। ইফালে কেইবাখনো নতুন পাঠ্যপুতি ছপোৱাৰ বাবে কাম আৰম্ভ হৈছে। যুদ্ধকালীন তৎপৰতাৰে এই নতুন কিতাপসমূহ ছাত্ৰ-ছাত্ৰীৰ হাতত তুলি দিয়া হ’ব। উল্লেখ্য যে আজি ৭খন ট্রাকেৰে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণীলৈ বিনামূলীয়া পাঠ্যপুথিসমূহ প্ৰেৰণ কৰা হয়। ইফালে বিদ্যালয়সমূহ গৰমৰ বন্ধ অহা ১ আগষ্টৰ পৰা খুলিবলগা হোৱা হেতুকে বানবিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাত বিদ্যালয়সমূহ আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ’ব নে নাই তাক লৈ চলি থকা চর্চা সন্দর্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বিষয়টোৰ ওপৰত জিলা প্রশাসনে সিদ্ধান্ত গ্রহণ কৰিব। যদি এতিয়াও বিদ্যালয়সমূহৰ পাঠদানৰ পৰিৱেশ গঢ়ি উঠা নাই অথবা বিদ্যালয়সমূহ পৰিষ্কাৰ হৈ উঠা নাই, তেনেক্ষেত্রত ছাত্র-ছাত্ৰীসকলৰ পাঠদান আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰিৱৰ্তে কিছুদিন হয়তো পিছুৱাব লগা হ’ব পাৰে। এই সকলো সিদ্ধান্ত গ্রহণ কৰিব জিলা প্রশাসনে।
