নীপকোৱে পুনৰ ৩ গেটেৰে এৰিলে পানী

Pc Bortoman Xomoy

নীপকোৱে পুনৰ ৩ গেটেৰে এৰিলে পানী

ৰঙিলী বাৰ্ত্তাসেৱা- নাগালেণ্ডৰ ঊষা জিলাত থকা দৈয়াং জলবিদ্যুৎ প্রকল্প (নীপকো)ৰ ৰিজাৰ্ভাৰৰ জলস্তৰ পুনৰ বৃদ্ধি পোৱাত  নীপকোৱে তিনিখন ৰেডিয়েল গেট খুলি বর্ধিত পানী দৈয়াং নদীত এৰি দিয়ে। জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা ৮ বজাত ৰিজাৰ্ভাৰৰ জলস্তৰ বৃদ্ধি পাই ৩২২.৪০ মিটাৰ হোৱাত নীপকোৱে তিনিখন গেটেৰে পানী এৰি দিছে। নীপকোৰ মুঠ চাৰিখন  ৰেডিয়েল গেটৰ ভিতৰত তিনিখনেৰে প্ৰথমতে ক্রমে ০.৫০ মিটাৰ আৰু ১ মিটাৰকৈ প্ৰতি ছেকেণ্ডত ৯৬ হাজাৰ লিটাৰকৈ পানী দৈয়াঙত এৰি দিছিল। অৱশ্যে সন্ধিয়া ৬ বজাত ৰিজাৰ্ভাৰৰ জলস্তৰ কিছু হ্রাস পোৱাত তিনিওখন গেটেৰে প্ৰতি ছেকেণ্ডত ৫৫ হাজাৰ লিটাৰকৈ পানী এৰি আছে বুলি জানিব পৰা গৈছে। নাগালেণ্ডৰ ঊষা জিলাত বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে দৈয়াং জলবিদ্যুৎ প্রকল্পত জলস্তৰ নিয়ন্ত্ৰিত ৰূপত আছে। উল্লেখ্য যে নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে যোৱা ২২ জুলাইত নীপকোৱে প্ৰথমবাৰৰ বাবে দুখন ৰেডিয়েল গেট খুলি দিছিল আৰু পৰৱৰ্তী সময়ত চাৰিওখন গেটেই নিয়ন্ত্রিত ৰূপত খুলি দি প্রকল্পটোত জলস্তৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল। ২৭ জুলাইত জলস্তৰ বহু পৰিমাণে নিয়ন্ত্ৰিত হৈ থকাত নীপকোৱে চাৰিখন গেটৰ তিনিখনেই বন্ধ কৰি দিছিল যদিও পুনৰ বিদ্যুৎ প্রকল্পটোত জলস্তৰ বৃদ্ধি পোৱাত পুনৰ নীপকোৱে তিনিখন গেট খুলি দিবলগীয়া হয় বুলি জানিব পৰা গৈছে। ইফালে, নীপকোৰ পানী খুলি দিয়াৰ সমান্তৰালকৈ জলস্তৰ বৃদ্ধি হৈছে গোলাঘাট জিলাৰ মাজেদি বৈ যোৱা ধনশিৰি আৰু দৈয়াং নদীৰ জলস্তৰ। জিলা দুর্যোগ আৰু প্রশমন বিভাগৰ তথ্য অনুসৰি, বৃহস্পতিবাৰে বিয়লি ৪ বজালৈকে ধনশিৰি আৰু দৈয়াং নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওচৰে-পাঁজৰে বৃদ্ধি পাই আছে। ধনশিৰি নৈ বিপদসীমাৰ ০.১৩ মিটাৰ ওপৰেদি আৰু দৈয়াং নদীৰ বিপদসীমাৰ সমান্তৰালকৈ বৈ আছে। আনহাতে ধনশিৰি নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে জিলাখনৰ মাজেদি বৈ যোৱা গেলাবিল নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰত আছে। জানিব পৰা মতে, এইকেইদিনত গেলাবিল নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱা নাই যদিও ধনশিৰি নৈ ফেনে-ফোটোকাৰে বাঢ়ি থকাত গেলাবিল নৈৰ পানী ওলাই যাব পৰা নাই। যাৰ ফলত গোলাঘাট জিলাত সৃষ্টি হোৱা প্ৰথমটো বানত পৰা গেলাবিল নৈৰ কাষৰীয়া ৰাইজৰ ঘৰত আজিও বাঢ়নী পানী সোমাই আছে। এনে অৱস্থাত জিলাখনৰ ধনশিৰি, দৈয়াং, গেলাবিল নৈৰ দাঁতি- কাষৰীয়া অঞ্চলৰ ৰাইজৰ মাজত স্বাভাৱিকতে এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। বিশেষকৈ আগন্তুক দিনত গোলাঘাট জিলা আৰু নগালেণ্ডৰ ঊষা জিলাত বৰষুণৰ পৰিমাণ বৃদ্ধি পালে পুনৰ ধনশিৰি আৰু দৈয়াঙৰ জলপৃষ্ঠ বৃদ্ধি পাই বান হোৱাৰ আশংকা কৰিছে জিলাখনৰ বিভিন্ন অঞ্চলৰ ৰাইজে। সমান্তৰালভাৱে জিলা দুর্যোগ প্রশমন বিভাগে সম্ভাব্য বানৰ আশংকা কৰিয়েই অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ সীমান্ত পঞ্চায়ত, সৰুপথাৰ, মৰঙী, গোলাঘাট আদিকে ধৰি বিভিন্ন স্থানত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ কেই বাটাও দল মজুত কৰি ৰখা বুলি জানিব পৰা গৈছে।