অসম সাহিত্য সভাৰ জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীতসুধাকৰ’ অভিধা
ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাই বিশিষ্ট শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীতসুধাকৰ’ অভিধা প্ৰদান কৰে। গুৱাহাটীৰ সংগীত আচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত ৩০ জুলাই তাৰিখে এক আৱেগিক অনুষ্ঠানত এই সন্মান আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। এই অনুষ্ঠানতে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে, জুবিন গাৰ্গে ৰচনা কৰা সকলো গীত জুবিন সংগীত হিচাপে নামকৰণ কৰা হ’ব। লগতে, অসম সাহিত্য সভাই ছমাহৰ ভিতৰত জুবিন গাৰ্গ ৰচনাৱলী প্ৰস্তুত কৰিব বুলি মন্তব্য কৰে। ভাষণ প্রসংগত ড° গোস্বামীয়ে কয়- ‘অসমৰ সংগীত, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত জুবিন গার্গে আগবঢ়োৱা অসামান্য অৱদানৰ স্বীকৃতি স্বৰূপে অসম সাহিত্য সভাই তেওঁক মৰণোত্তৰভাৱে ‘সংগীতসুধাকৰ’ অভিধাৰে বিভূষিত কৰিলে।’ অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্রদ্ধা জনাই বন্তি প্রজ্বলন কৰে সভাৰ সভাপতি ড° গোস্বামীৰ লগতে জুবিন গাৰ্গৰ পৰিয়ালবৰ্গই। ইয়াৰ পাছতে গণেশগুৰি শাখা সাহিত্য সভাৰ শিল্পীসকলে ‘চিৰ চেনেহী মোৰ ভাষা জননী…’ গীত পৰিৱেশন কৰাৰ পাছত প্রধান সম্পাদক দেৱজিৎ বৰাই উদ্দেশ্যৰ কথকতা আগবঢ়াই কয়- ‘জুবিন গাৰ্গ কেৱল এজন সফল গায়কেই নহয়, তেওঁ অসমৰ সংগীত জগতখনক এক নতুন যুগলৈ আগুৱাই নিয়া এজন যুগস্রষ্টা শিল্পী। আধুনিক অসমীয়া সংগীতক সৰ্বভাৰতীয় পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয়। সংগীতৰ লগতে অভিনয়, চলচ্চিত্ৰ পৰিচালনা, সুৰ সৃষ্টি, গীত ৰচনা আদি বিভিন্ন ক্ষেত্ৰত তেওঁৰ সৃষ্টিশীল প্রতিভাই অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰি আহিছে। তিনিটা দশকৰো অধিক সময় ধৰি অসমৰ জনসাধাৰণৰ হৃদয়ত স্থান লাভ কৰা জুবিন গাৰ্গৰ সৃষ্টিকৰ্ম প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্রাণিত কৰি আহিব। আজিৰ তাৰিখৰ পৰা বিশ্বৰ বুকুত জুবিন গাৰ্গ চিনাকি হ’ব- ‘সংগীতসুধাকৰ জুবিন গাৰ্গ’। অসম সাহিত্য সভাৰ উদ্যোগত আৰু নাহৰ শাখা সাহিত্য সভাৰ সহযোগত আয়োজিত বিশ্ববিশ্রুত প্ৰাণৰ শিল্পী, অভিনেতা, চিত্ৰ পৰিচালক, খেলুৱৈ, গীতিকাৰ, সুৰকাৰ, বাদ্যযন্ত্রী, কবি, সাহিত্যপ্রেমী, প্রকৃতিপ্রেমী, সমাজকর্মী, দীনবন্ধু, সংগঠক, বিশিষ্ট সাংস্কৃতিক কর্মী তথা অসম সাহিত্য সভাৰ আজীৱন সভ্য জুবিন গাৰ্গলৈ আগবঢ়োৱা ‘সংগীতসুধাকৰ’ অভিধা গ্ৰহণ কৰে পৰিয়ালৰ হৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী ড° পামী বৰঠাকুৰে। পিতৃ কপিল ঠাকুৰ শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে যদিও সাহিত্য সভালৈ পঠোৱা বার্তাত অসম সাহিত্য সভাই গ্ৰহণ কৰা এই পদক্ষেক অত্যন্ত সুখী বুলি উল্লেখ কৰিছে। ইফালে সংগীতসুধাকৰ অভিধা গ্ৰহণ কৰি গৰিমা শইকীয়া গার্গে ভাষণ প্রসংগত কয়- ‘মানুহৰ মাজত জুবিনক বিচাৰি পাওঁ। আজি অসম সাহিত্য সভাই যি সংগীতসুধাকৰ অভিধাৰে বিভূষিত কৰিলে, সেই নামেৰে এতিয়াৰ পৰা জুবিন গাৰ্গক বিশ্বই জানিব। লগতে ভাষণ প্রসংগত তেওঁ কয়- জুবিনৰ স্বীকৃতিৰ চিনস্বৰূপে অসম সাহিত্য সভাই আজি যিখিনি কৰি দেখুৱালে, জুবিন পত্নী হিচাপেই নহয়, জুবিন অনুৰাগী হিচাপে আমি সকলোৱেই ধন্য হৈছোঁ আৰু নিজে বৰ গৰ্ব অনুভৱ কৰিছোঁ। সাহিত্য সভাৰ প্ৰতি বদান্যতা স্বীকাৰ কৰিলোঁ। আনহাতে, জুবিন গাৰ্গৰ ভগ্নী ড° পামী বৰঠাকুৰে কয়- ‘জুবিন গার্গে উৎসৰ পৰা সাগৰলৈ যোৱাৰ দৰে যি ব্যক্তিত্ব প্ৰদৰ্শন কৰিছিল আজিৰ এই অভিধা প্ৰদানৰ এই স্মাৰকখনেও তাকেই প্রকাশ কৰিছে। এই স্মাৰকখনৰ শব্দ প্ৰয়োগৰ মাধুৰ্যতাই আমাক অসম সাহিত্য সভাৰ প্রতি কৃতজ্ঞ কৰি ৰাখিব। অসম সাহিত্য সভা যে আনতকৈ পৃথক সেই কথা আজি তেওঁলোকৰ কৰ্মই প্রমাণ কৰি দেখুৱাইছে। আমাৰ কৃতজ্ঞতা জনোৱাৰ কোনো ভাষা নাই।’ বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই ভাষণ প্রসংগত কয়-‘আজিৰ যিটো পৰিৱেশত সংগীতসুধাকৰ সন্মান প্রদান কৰা হৈছে, সেই সন্মান গ্ৰহণ কৰি জুবিন গাৰ্গ আজি ধন্য হ’লহেঁতেন। যদিও তেওঁ আমাৰ মাজত নাই, তেওঁৰ শিল্পী সত্তাটো সদায় আমাৰ মাজত জীৱন্ত হৈ থাকিব। ইয়াৰ পাছতে গৰিমা শইকীয়া গার্গে প্রফুল্ল বৰ্মনৰ দ্বাৰা সংকলিত সম্পাদিত ‘জুবিন গাৰ্গ’ নামৰ এখন গ্ৰন্থ উন্মোচন কৰে। আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সংস্কৃত পণ্ডিত তথা দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° ৰবীন্দ্ৰ দেৱশৰ্মাই জুবিন গাৰ্গৰ ব্যক্তি আৰু ব্যক্তিত্বৰ ওপৰত সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে। সভাৰ আৰম্ভণিতে ভগৱতীপ্রসাদ বৰুৱা ভৱনৰ চৌহদলৈ আদৰণী তোৰণৰ পৰা গায়ন-বায়নেৰে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ লগতে পত্নী গৰিমা গাৰ্গ, ভগ্নী ড° পামী বৰঠাকুৰ আৰু জুবিন অনুৰাগীসকলক আদৰি আনে। আজিৰ অনুষ্ঠানটো সফল ৰূপায়ণত সহায়-সহযোগিতা আগবঢ়োৱা গুৱাহাটীৰ নাহৰ শাখা সাহিত্য সভাৰ সভাপতি ৰুমী বৰপূজাৰী, সম্পাদক তৃষ্ণা মহন্ত শইকীয়াৰ লগতে মানৱতা মহেশ্বৰী সংস্থাৰ নিতুমণি দেৱৰয় আৰু সংগীতা দাস, বিভূতি ভূষণ তালুকদাৰ, মনস্তত্ত্ববিদ কংকণ শৰ্মা আৰু মৃত্যুঞ্জয় মহন্তক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সন্ধিয়া জুবিন গাৰ্গৰ সংগীতক কেন্দ্ৰ কৰি আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নবীন আৰু প্ৰতিষ্ঠিত শিল্পীসকলে জুবিন গাৰ্গৰ কালজয়ী সংগীত, নৃত্য, নাট আদি পৰিৱেশন কৰি শ্ৰদ্ধাঞ্জলি জনায়।
