কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী মাৰ্ঘেৰিটাৰ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী মাৰ্ঘেৰিটাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্রীয় বৈদেশিক বিভাগৰ ৰাজ্যমন্ত্ৰী পৰিত্ৰ মাৰ্ঘেৰিটা অসমৰ সাম্প্রতিক ভয়াৱহ বান পৰিস্থিতি আৰু ইয়াৰ ফলত ৰাজ্যখনত হোৱা বিস্তৰ ক্ষয়-ক্ষতিৰ সন্দৰ্ভত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শমৰ্মে সংসদ ভৱনস্থিত বিত্তমন্ত্ৰীগৰাকীৰ কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হয়, য’ত মন্ত্রী মাৰ্ঘেৰিটাই ৰাজ্যখনৰ সংহাৰী বানৰ প্ৰকৃত ছবিখন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ওচৰত দাঙি ধৰে। ধাৰাবাহিক বৰষুণৰ উপৰি চুবুৰীয়া নাগালেণ্ডৰ পৰা নামি অহা ধলে অসমৰ একাধিক জিলা বুৰাই পেলোৱাৰ ফলত জনজীৱন অচল হৈ পৰাৰ লগতে বিপুল পৰিমাণৰ কৃষিভূমি, পথ-যোগাযোগ আৰু জন-আন্তঃগাঁথনি ধবংস হোৱাৰ তথ্য তেওঁ বিত্তমন্ত্রীক অৱগত কৰায়। বানপীড়িত লোকসকলৰ দুৰৱস্থা আৰু আশ্রয় শিবিৰৰ সমগ্ৰ স্থিতিৰ বুজ লৈ কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে বান মোকাবিলা তথা পুনর্সংস্থাপন প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় সকলো বিত্তীয় আৰু জৰুৰী সাহায্য আগবঢ়োৱাৰ পূৰ্ণ আশ্বাস প্রদান কৰে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ পদক্ষেপৰ জৰিয়তে উদ্ধাৰ, সাহায্য আৰু পুনর্নির্মাণৰ কাম-কাজসমূহ অতি ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়া হ’ব বুলি মন্ত্রী মাৰ্ঘেৰিটাই আশা ব্যক্ত কৰে।